'বিগ বছ ১৪' (Bigg Boss 14) বিজয়ী ৰুবিনা দিলাইকে (Rubina Dilaik) তেওঁৰ ইনষ্টাগ্ৰামত এখন হৃদয় স্পৰ্শকাৰী ছবি শ্বেয়াৰ কৰিছে, য'ত তেওঁৰ পিঠিৰ আঘাত দৃশ্যমান। ফটোখনত, কেৱল অভিনেত্ৰীগৰাকীৰ পিছফালটো দেখা গৈছে। তেওঁ তেওঁৰ পিঠিৰ আঘাতৰ ফটো শ্বেয়াৰ কৰি এক সংবেদন সৃষ্টি কৰিছে। এই ছবিখন চোৱাৰ পিছত, তেওঁৰ অনুৰাগীসকল হতবাক হোৱাৰ লগতে তেওঁৰ স্বাস্থ্যৰ বাবে বিচলিত হৈছে। অনুৰাগীসকলে তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি তেওঁৰ পোষ্টত নিৰন্তৰ মন্তব্য কৰি আছে। ৰুবিনাই ইনষ্টাগ্ৰামত তেওঁৰ পিঠিৰ আঘাতৰ এখন ফটো শ্বেয়াৰ কৰিছিল আৰু শিৰোনামটোত লিখিছিল, …
কেচি ডিজিটেল ফিল্মছৰ 'AWMI-It's not always what you think' শীৰ্ষক এখন চুটি ছবি ২৬ ফেব্ৰুৱাৰী শনিবাৰে তেওঁলোকৰ ইউটিউব চেনেলত মুকলি কৰা হয়। ইয়াক ৰাষ্ট্ৰীয় বঁটা বিজয়ী সমুজ্জল কাশ্যপে পৰিচালনা কৰিছে। কেচি ডিজিটেল ফিল্মছ ইউটিউব চেনেলত এৰেঞ্জড ১ আৰু ২, লাভবাৰ্ডছ, মায়া বাইডেউ, আৰু দ্য ৰেডিঅ' গাইৰ দৰে সফল চুটি ছবি মুকলি কৰাৰ পিছত এইবাৰ 'AWMI-It's not always what you think'ৰ জৰিয়তে এই প্লেটফৰ্মত যাত্ৰা আৰম্ভ কৰিছে। সমুজ্জল কাশ্যপৰ এই চুটি ছবিত স্তুতি চৌধুৰী আৰু কমল লোচন মুখ্য ভূমিকাত আছে। একাধিক ৰূপকৰ মাধ্যমৰে মা…
বিহাৰৰ খগড়িয়াত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। এটি ৫ বছৰীয়া শিশুৱে চকলেট বুলি ভুলতে খাই পেলালে যৌন শক্তিবৰ্ধক টেবলেট। ঘৰত ৰখা মেনফ’ৰ্চ টেবলেট (Manforce Tablet) একেলগে চাৰিটা খাই দিয়ে শিশুটিয়ে। যেতিয়া টেবলেটৰ প্ৰতিক্ৰিয়া আৰম্ভ হয় তেতিয়া শিশুটিক পিতৃ–মাতৃও উপায়ন্তৰ হৈ হাস্পতাললৈ লৈ যায় শিশুটিক। খগৰিয়া সদৰ হাস্পতালত শিশুটিক লৈ উপস্থিত হয় পিতৃ–মাতৃ। হাস্পতালৰ এমাৰজেঞ্চী বিভাগত উপস্থিত চিকিৎসকে কয় যে শিশুটিয়ে ঘৰত ৰখা মেনফ’ৰ্চ টেবলট চকলেট বুলি ভাবি খাই দিয়ে। একেলগে চাৰিটা টেবলেট খোৱাৰ পিছত শিশুটিৰ গুপ্তাংগ কঠোৰ হোৱাৰ লগতে শৰীৰত ঘাম ওলাইছিল…
ৰেছন কাৰ্ড থকা সকলৰ বাবে বহু ভাল খবৰ। আপোনাৰ হাতত ৰেছন কাৰ্ড আছে যদি এমাহত দুবাৰ ফ্ৰী ৰেছনৰ সুবিধা গ্ৰহণ কৰিব পাৰে। দৰাচলতে প্ৰধানমন্ত্ৰী গৰীব কল্যান যোজনাৰ অধীনত মাৰ্চ ২০২২ পৰ্যন্ত বিনামূলীয়া কৈ ৰেছন বিতৰণ অভিযান বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰেও লৈছে ডাঙৰ সিদ্ধান্ত। ৰাজ্যখনৰ ১৫ কোটিতকৈ অধিক ৰেছন কাৰ্ড থকা গ্ৰাহকক বিনামূলীয়াকৈ দুগুণ ৰেছন দি থকা হৈছে। যোগী চৰকাৰে হোলী পৰ্যন্ত এই ম্যাদ বৃদ্ধি কৰিছে। দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰভাৱে কেইবাটাও আ…
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ চতুৰ্থ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে। কেৱল এয়াই নহয় বিশ্বৰ বহু দেশক যুদ্ধৰ এই শেহতীয়া খবৰে সচকিত কৰি তোলাৰ লগতে নাগৰিকসকলক আতংকিত কৰি তুলিছে। কাৰণ যুদ্ধৰ এই শেহতীয়া আপডেটসমূহ সঁচাকৈয়ে ভয়ংকৰ। ইয়াৰ ভিতৰত সবাতোকৈ ভয়ংকৰ খবৰটো হ’ল পাৰমাণৱিক আক্ৰমণৰ আশংকা। কাৰণ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এই সন্দৰ্ভত এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে নাটো (NATO)ৰ ভাবুকিৰ পিছতে ৰাছিয়াৰ পৰমাণু ফ’ৰ্চক সক্ৰিয় কৰিছে। ৰাছিয়াৰ পৰমাণু শক্তিক প্ৰয়োজনত শত্ৰুপক্ষক পৰমাণু বোমাৰে …
ৰাছিয়া-ইউক্ৰেইন সংকটৰ বাবে, বিনিয়োগকাৰীসকলে সোমবাৰে চেফ হেভেনলৈ উভতি আহিছে আৰু সোণৰ ওপৰত বাজি ধৰিছে। ইয়াৰ ফলত ভাৰতীয় বজাৰত সোণ আৰু ৰূপৰ মূল্য তীক্ষ্ণভাৱে বৃদ্ধি পাইছে। মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) ৰাতিপুৱা সোণৰ ভৱিষ্যত মূল্য (Gold Price) প্ৰতি দহ গ্ৰামত ১.৫ শতাংশ বৃদ্ধি হৈ ৫০,৯৯০ টকা হয়। এইটোৱে ৮০০ টকাৰ শক্তিশালী বৃদ্ধি দেখাইছে। একেদৰে, ৰূপৰ ভৱিষ্যত মূল্যও ১০০০ টকা বা প্ৰায় ১.৫ শতাংশ বৃদ্ধি হৈ ৬৫,৮৬৯ কিলোগ্ৰাম হয়। বিশেষজ্ঞসকলে কয় যে সমগ্ৰ বিশ্বতে বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে, সোণৰ মূল্য নিৰন্তৰ বৃদ্ধি হৈ আছে। মিছকল দি সোণৰ দাম …
বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে চাকৰিয়ালসকলক সকাহ দিবলৈ পিএফৰ সুতৰ হাৰ বৃদ্ধি কৰিব পাৰে। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) কেন্দ্ৰীয় ট্ৰাষ্টী পৰিষদে (CBT) অহা মাহত অৰ্থাৎ ২০২১-২২ বৰ্ষৰ বাবে পিএফ জমাৰ সুতৰ হাৰৰ ওপৰত সিদ্ধান্ত লোৱাৰ বাবে মাৰ্চত বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। সুত্ৰই কৈছে যে বৈঠকত ২০২১-২২ বৰ্ষৰ বাবে পিএফ জমাৰ সুতৰ হাৰ বৃদ্ধি কৰা হ'ব পাৰে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কৈছিল যে EPFOৰ CBTৰ বৈঠক মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব। ই ২০২১-২২ বৰ্ষৰ বাবে সুতৰ হাৰ নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ তালিকাভুক…
ভাৰত চৰকাৰৰ গ্ৰাম উজ্বলা আঁচনিৰ উদ্দেশ্য হৈছে পুৰণি হালধীয়া বাল্ক আঁতৰ কৰা আৰু এলইডি বাল্ব লগোৱাৰ ব্যৱস্থা কৰা। যাতে বিদ্যুৎ সঞ্চয় কৰিব পৰা যায়। এল.ই.ডি. বাল্বে বিদ্যুতৰ বিল ৰাহি কৰে। এই আঁচনিৰ আন এক বৈশিষ্ট হৈছে, বাল্বৰ কম মূল্যৰ লগতে চৰকাৰে ইয়াত কোনো সহায় বা ৰাজসাহায্য দিয়া নাই। বৰ্তমান, প্ৰায় প্ৰতিঘৰতে এল.ই.ডি. বাল্ব যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হৈছে। এলইডি বাল্বৰ ব্যৱহাৰৰ ফলত যথেষ্ট বিদ্যুৎ ৰাহি হয়। কিন্তু মুকলি বজাৰত, উচ্চ মানদণ্ডৰ এল.ই.ডি. বাল্বৰ মূল্য যথেষ্ট বেছি। যদি আপোনাক কোৱা হয় যে, আপুনি মাত্ৰ ১০ টকাত ১২ ৱাটলৈকে এল…
মোডী চৰকাৰে (Modi Government) ডিএ বকেয়াৰ (DA Arrears) বিষয়ে ডাঙৰ খবৰ দিছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ডিএ (Dearness Allowance) বকেয়াৰ বাবে অপেক্ষা কৰি আছে। যদি সংবাদ মাধ্যমৰ প্ৰতিবেদনবোৰ বিশ্বাস কৰা হয়, চৰকাৰে কৰ্মচাৰীসকলৰ ডিএৰ এককালীন নিষ্পত্তি কৰিব, অৰ্থাৎ প্ৰায় ১৮ মাহৰ বকেয়া পৰিমাণ একেলগে কেন্দ্ৰীয় কৰ্মচাৰীৰ একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব। অৱশ্যে, এই সন্দৰ্ভত চৰকাৰৰ পৰা কোনো বিবৃতি দিয়া হোৱা নাই, কিন্তু আলোচনা চলি আছে। আশা কৰা হৈছে যে বৈঠকখনত কৰ্মচাৰীসকলৰ অমীমাংসিত ডিএ বকেয়াৰ বিষয়ে আলোচনা কৰা হ'ব। নিৰ্বাচন…
অৱশেষত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ সম্ভাৱনা দেখা গৈছে ইউক্ৰেইনত। বেলাৰুছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনা অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বেলাৰুছৰ বৈদেশিক মন্ত্ৰালয়ে এই বিষয়ে প্ৰতিবেদন দিছে। ইউক্ৰেইনৰ প্ৰতিনিধি দল বেলাৰুছত উপস্থিত হৈছে। বৈঠকখন আবেলি ৩:৩০ বজাত অনুষ্ঠিত হ'ব (High-level talks between Kyiv and Moscow)। মন কৰিবলগীয়া যে বেলাৰুছ আৰু ৰাছিয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু বেলাৰুছৰ জৰিয়তে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ অভিযোগ আনি ইউক্ৰেইনে পূৰ্বে বেলাৰুছত আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল। বেলাৰু…
ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক (Indians in Ukraine) কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমান মুম্বাইলৈ উভতি আহিছে৷ ৰোমানিয়াৰ (Romania) পৰা ২১৯ জন যাত্ৰীৰ সৈতে বিশেষ বিমানখন ভাৰতলৈ ৰাওনা ৷ বিমানখন আজি ৰাতি মুম্বাইত উপস্থিত হ'ব৷ ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাৰ পিছত একেদিনাই আন এখন বিমান নতুন দিল্লীত অৱতৰণ কৰাৰ কথা আছে৷ আনহাতে, হাংগেৰীৰ বুদাপেষ্ট হৈ ভাৰতীয় শিক্ষাৰ্থীৰ আন এটা গোটক ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে৷ এই ভাৰতীয় শিক্ষাৰ্থীসকলে ইতিমধ্যে ইউক্ৰেইনৰ ফালৰ পৰা হাংগেৰীত প্ৰৱেশ কৰিছে আৰু তাৰ পৰা তেওঁলোকক এয়াৰ ইণ্ডিয়াৰ বিমানেৰে …
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ (Russia Ukraine War) ক্ৰমে ভয়ংকৰ হৈ পৰাৰ মাজতে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় লোকক (Indian Nationals in Ukraine) উদ্ধাৰৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে ৰোমানিয়া (Romania)ৰ বুখাৰেষ্টৰ পৰা ২৫দ জন যাত্ৰী লৈ ভাৰতলৈ উৰা মাৰে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। এই যাত্ৰীসকলে ইউক্ৰেইনৰ সীমান্তৰে ৰোমানিয়াত প্ৰবেশ কৰিবলৈ সক্ষম হৈছিল। এয়াৰ ইণ্ডিয়া (Air India)ৰ AI 1942 বিমানখনে পুৱতী নিশা প্ৰায় তিনি বজাত নতুন দিল্লীত অৱতৰণ কৰিব। ইয়াৰ পূৰ্বে আন এখন বিমানত ২১৯ গৰাকী যাত্ৰীক ৰোমানিয়াৰ পৰা স্বদেশলৈ উভতাই…
ৰাছিয়াৰ আক্ৰমণৰ পাছতে ইউক্ৰেইনত (Russia Attacked Ukraine) বৰ্তমান জৰুৰী অৱস্থা ঘোষণা । শংকিত হৈ পৰিছে ভাৰতীয়ৰ লগতে অসমৰ বহু শিক্ষাৰ্থী (Assam Students in Ukraine) ৷ খাদ্য, পানী আৰু ঔষধ আগতীয়াকৈ মজুত ৰাখিবলৈ চৰকাৰী ঘোষণাৰ পিছতেই তীব্ৰ সংকটত ভূগিছে তাত থকা অসমৰ বিভিন্ন স্থানৰ ছাত্র- ছাত্ৰী সকলে । যি কোনো মূহূৰ্ততে তীব্ৰ খাদ্য সংকটত ভূগিব পাৰে জনতা । চিকিৎসা বিজ্ঞান বিভাগত অধ্যয়নৰত ৰহাৰ ভাৰ্গৱী গগৈ (Bhargavi Gogoi)ও বৰ্তমান আবদ্ধ হৈ আছে ইউক্ৰেইন ((Ukraine)ত। ইউক্ৰেইনত হৈ থকা শেহতীয়া অৱস্থাৰ বিষয়ে ভিডিঅ' কল যোগে জনালে ৰহাৰ ভাৰ্গবী গগৈ…
চিৰাঙত শনিবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। হুণ্ডাই ইয়ন বাহনৰ ওপৰত বাগৰি পৰিল এখন ট্ৰেইলাৰ। ধালিগাঁৱৰ বৰতলাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক নিহত হোৱাৰ লগতে তিনিজনকৈ লোক আহত হয়৷ AS18 D 3223 নম্বৰৰ ইয়নখনত আছিল ৪জন ব্যক্তি। কাজলগাঁও অভিমুখে গৈ থকা ইয়নখনৰ ওপৰত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰ এখন বাগৰি পৰে৷ দুৰ্ঘটনাত ইয়নখনৰ আৰোহীসকল বাহনখনৰ ভিতৰতে বহু সময় ধৰি চেপা খাই থাকে৷ স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে বহু চেষ্টাৰ অন্তত ট্ৰেইলাৰৰ তলৰ পৰা ইয়নৰ আৰোহীসকলক উদ্ধাৰ কৰে৷ চিকিৎসালয়ত ধালিগাঁও বৰতলাৰ মিৰ হাছেম আলী নামৰ লোক এজনৰ মৃত্…
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ শেহতীয়া এক নিৰ্দেশনাক লৈ এতিয়া চৌদিশে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, বিগত ২৪ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তৰফৰ পৰা দিয়া নিৰ্দেশনাত ইয়াৰ অধীনস্থ ৮খনকৈ বিদ্যালয়ত নতুন নামভৰ্তি প্ৰক্ৰিয়া বন্ধৰ নিৰ্দেশ দিয়া হৈছে। এই বিদ্যালয়সমূহৰ ভিতৰত আছে অসমৰ ৬ খনকৈ বিদ্যালয় ক্ৰমে আদাবাৰী ৰে'লৱে ডিটিপি বিদ্যালয়, পাণ্ডু ৰে'লৱে প্ৰাথমিক বিদ্যালয়, আমিনগাঁও ৰে'লৱে প্ৰাথমিক বিদ্যালয়, মৰিয়নী ৰে'লৱে প্ৰাথমিক বিদ্যালয়, তিনিচুকীয়া ৰে'লৱে প্ৰাথমিক বিদ্যালয় আৰু ডিব্ৰুগ…
চুড়ান্ত অনিশ্চয়তাৰ মাজতে ইউক্ৰেইন (Ukraine)ৰ পৰা নিৰাপদে অসমত উপস্থিত হ'ল অসমৰ দুগৰাকী ছাত্ৰী। তন্ময়ী পৰাশৰ আৰু ছিয়া দাস নামৰ এই ছাত্ৰী দুগৰাকী শনিবাৰে নিশা মুম্বাই (Mumbai)ৰ ছত্ৰপতি শিৱাজী বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰত মুম্বাইৰ অসম ভৱনৰ বিষয়াই দুয়োকে চমজি লয়। ছাত্ৰী দুগৰাকীক আজি পুৱা ইণ্ডিগো বিমানযোগে অসমলৈ অনা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই দুয়োৰে নিৰাপদ আগমনত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্বাগতম জনায়। আজি মুম্বাইৰ পৰা ইণ্ডিগ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় তন্ময়ী পৰাসৰ আৰু ছিয়া দাস । গুৱা…
চুড়ান্ত অনিশ্চয়তাৰ মাজতে ইউক্ৰইনৰ পৰা আৰু দুগৰাকী অসমৰ ছাত্ৰী নিৰাপদে উপস্থিত হ'ল ভাৰতত। আজি পুৱা তেওঁলোক সুকলমে নতুন দিল্লী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। এই ছাত্ৰী দুগৰাকী হৈছে শুৱালকুচিৰ বংশৰৰ হিমাশ্ৰী কাকতি আৰু গুৱাহাটীৰ মালিগাঁৱৰ ডেইজী বসুমটাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই কথা জনায়। হিমাশ্ৰী আৰু ডেইজীয়ে ইউক্ৰেইনৰ উজুনত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছিল। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে চলোৱা উদ্ধাৰ কাৰ্যৰ অংশৰূপে অসমৰ এই দুগৰাকী ছাত্ৰীক উভতাই অনা হয়। দিল্লীত দুয়েকো অসম ভৱনৰ বিষয়াই আদৰণি জনায়।
অসমৰ অন্যতম সফল ফুটবলাৰ হ'ল এলেন দেউৰী (Alen Deori)। গুৱাহাটীৰ নুনমাটীৰ পৰা গৈ বিশ্বৰ বিভিন্ন দেশত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰা এলেন দেউৰী আজি এলাগী। জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ প্ৰতিটো বয়সৰ গ্ৰুপতে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা এলেন দেউৰীয়ে এতিয়া অপেক্ষাত আছে চৰকাৰী কৰ্মসংস্থানৰ (Alen Deori Need A Govt Job) বাবে। ভাৰতীয় আই লীগ (I League)ত শ্বিলং লাজং আৰু ইণ্ডিয়ান ছুপাৰ লীগ (Indian Super League, ISL) ত প্ৰথমে জন আব্ৰাহামৰ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱ (NEUFC) আৰু পিছলৈ মুম্বাই চিটি ফুটবল ক্লাৱ (Mumbai City FC)ৰ হৈ খেলা দেশৰ দুৰ্দান্ত ফৰৱাৰ…
কিছু ঘৰুৱা উপায়েৰেও মহৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰে। কি এইবোৰ জানো আহক। মহৰ কামোৰ নোখোৱা মানুহ হয়তো নোলাব। সন্ধিয়া হ’লেই উপদ্ৰৱ আৰম্ভ হয় মহৰ। আৰু অসহ্যকৰ হয় যেতিয়া নিশা শোৱাৰ সময়ত আঠুৱাৰ তলত মহ সোমাই কাণৰ কাষত গুণগুণাবলৈ আরম্ভ কৰে। কিছু ঘৰুৱা উপায়েৰেও মহৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰে। কি এইবোৰ জানো আহক। মহৰো পছন্দ অপছন্দ আছে। অপছন্দৰ গোন্ধ পালে তাৰ ওচৰলৈ নাহে। জানি লওক কি সেই গোন্ধ। ১. নহৰু – নহৰুৰ উগ্ৰ গোন্ধ মুঠেই পছন্দ নহয় মহৰ। আনকি যিসকলে নহৰু বেছি খায়, তেওঁলোকৰ তেজ খাবলৈ পছন্দ নকৰে মহে। ২. তুলসী পাত – তুলসী পাতৰ গোন্ধ সহ্য নহয় মহৰ। ঘৰত এই …
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলিছে তুমুল যুদ্ধ (Russia Ukraine War)। ইউক্ৰেইনৰ (Ukraine ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজধানী কিভ এৰি পলায়ন কৰিছে বুলি ৰাছিয়াৰ (Russia) সংবাদ মাধ্যমৰ দাবী। তেওঁক ইউক্ৰেইনৰ পৰা নিৰাপদে উলিয়াই নিয়াৰ পৰামৰ্শ দিছিল আমেৰিকায়ো। কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ ডেলেনস্কীয়ে (Volodymyr Zelensky) কিভৰ পথৰ পৰা ভিডিঅ’ বাৰ্তাত স্পষ্ট কৰি দিছে যে এৰি তেওঁ পলাই যোৱা নাই। বৰং দেশবাসীৰ ওচৰত তেওঁৰ আবেদন, কোনোভাৱেই ৰাছিয়াৰ আক্ৰমণৰ ওচৰত আত্মসমৰ্পণ নকৰে যেন তেওঁলোকে। এই পৰিস্থিতিত পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা এটা ইউক্ৰেনীয়…
চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক (Daily Horoscopes)। মেষ (Aries ): মাৰ্চ 21-এপ্ৰিল 19 : এইটো এটা ব্যস্ত দিন হিচাপে প্ৰমাণিত হ'ব পাৰে, কিন্তু কিছু ইতিবাচক বাতৰি অনাৰ প্ৰতিশ্ৰুতিৰে। আপোনাৰ পত্নীয়ে ঘৰুৱা ক্ষেত্ৰত সকলো দিশ পৰিচালনা কৰাত সহায়ক হ'ব। লাকী ছাইন- এটা জবা ফুল বৃষ (Taurus) : এপ্ৰিল 20-মে 20 আনে আপোনাৰ দৃষ্টিভংগী স্পষ্টভাৱে বুজিবলৈ আৰম্ভ কৰিব। ফাৰ্মা উদ্যোগত থকাসকলৰ এটা ভাল দিন আৰ…
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন (Vladimir Putin)ক ইউক্ৰেইনত হিংসা বন্ধ কৰিবলৈ ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে। শেহতীয়াকৈ ইউক্ৰেইন সংকট (Ukraine Crisis)ক লৈ টেলিফোনযোগে পুটিনৰ সৈতে বাৰ্তালপ কৰে নৰন্দ্ৰ মোদীয়ে। মোদীয়ে যথাশীঘ্ৰে হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় পুটিনক। মোদীয়ে লগতে এই ইউক্ৰেইনত থকা ভাৰতীয় সকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰসংগটোও উত্থাপন কৰে পুটিনৰ আগত। বিশেষকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা আৰু ভাৰতীলৈ তেওঁলোকৰ নিৰাপদ স্থানান্তৰনৰ প্ৰসংগও উল্লেখ কৰে মোদীয়ে। ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনক লৈ শেহতীয়া পৰস্থিতিৰ…
আজিকালি ছ'চিয়েল মিডিয়াত (Social Media) বলীউডৰ তাৰকাসকলক (Bollywood Star) চিনাক্ত কৰাৰ প্ৰত্যাহ্বানেৰে তেওঁলোকৰ শৈশৱৰ ফটো শ্বেয়াৰ কৰা হৈছে। বলীউডপ্ৰেমীসকলৰ কোনোবাই এজন তাৰকাৰ শৈশৱৰ ফটো শ্বেয়াৰ কৰে, যাক চিনাক্ত কৰিবলৈ মানুহৰ ঘাম ওলায়। এনে এখন ফটো আকৌ এবাৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে। শেহতীয়াকৈ পোহৰলৈ অহা ছবিখনত, এজনী মৰমলগা সৰু ছোৱালীয়ে আঙুলি দেখুৱাই জোৰেৰে কান্দি থকা দেখা গৈছে। ফটোখনত এনেদৰে কান্দি থকা এই শিশুটো আজিৰ সময়ত এজন ডাঙৰ চুপাৰষ্টাৰ। হয়, ফটোখনত দেখা এই ছোৱালীজনীৰ বিষয়ে ক'বলৈ গ'লে, আজিৰ সময়ত তেওঁ দ…
পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৰাজ্যিক মালিকানাধীন তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে। ৰাজ্যিক মালিকানাধীন তেল কোম্পানীবোৰে শুকুৰবাৰে চেন্নাই মহানগৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজধানীত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য (Change in Petrol Diesel Rate) সলনি কৰে। যদিও উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত তেলৰ মূল্য সস্তা হৈছে, নয়ডাত মূল্য বৃদ্ধি পাইছে। তেল কোম্পানীবোৰে প্ৰায় চাৰি মাহ ধৰি দিল্লী, মুম্বাই আৰু কলকাতাৰ দৰে মহানগৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি কৰা নাই। অৱশ্যে, মুম্বাইত পেট্ৰ'লৰ মূল্য এতিয়াও প্ৰতি লিটাৰত প্ৰায় ১১০ টকাত সৰ্বাধিক হ…
ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত নিশা আৰক্ষীৰ গুলীচালানা৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নিজামুদ্দিনৰ নামৰ লোকজনৰ ঘৰত আৰক্ষীৰ তিনিজনীয়া আৰক্ষীৰ এটা দলে প্ৰৱেশ কৰি অতৰ্কিতে চলায় তালাচী৷ ঘৰখনত তালাচী চলাই ওলাই আহি আৰক্ষীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুই জাঁই গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়৷ অভিযোগ অনুসৰি, নিজামুদ্দিনৰ ঘৰৰ সমীপত ১৫নং ঘাইপথত এখন তেলৰ টেংকাৰ ৰখাই থোৱা আছিল৷ চোৰাং তেলৰ সৰৱৰাহৰ সন্দেহত আৰক্ষীয়ে নিজামউদ্দিনৰ ঘৰত প্ৰৱেশ কৰি তালাচী চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি৷ ইপিনে টেংকাৰ চালকেজনে জনোৱা মতে, টেংকাৰখন বিকল হোৱা বাবে…
ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত নিশা আৰক্ষীৰ গুলীচালানা৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নিজামুদ্দিনৰ নামৰ লোকজনৰ ঘৰত আৰক্ষীৰ তিনিজনীয়া আৰক্ষীৰ এটা দলে প্ৰৱেশ কৰি অতৰ্কিতে চলায় তালাচী৷ ঘৰখনত তালাচী চলাই ওলাই আহি আৰক্ষীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুই জাঁই গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়৷ অভিযোগ অনুসৰি, নিজামুদ্দিনৰ ঘৰৰ সমীপত ১৫নং ঘাইপথত এখন তেলৰ টেংকাৰ ৰখাই থোৱা আছিল৷ চোৰাং তেলৰ সৰৱৰাহৰ সন্দেহত আৰক্ষীয়ে নিজামউদ্দিনৰ ঘৰত প্ৰৱেশ কৰি তালাচী চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি৷ ইপিনে টেংকাৰ চালকেজনে জনোৱা মতে, টেংকাৰখন বিকল হোৱা বাবে…
আটাইকেইজনকে আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷ বঙাইগাঁৱৰ (Bongaigaon) অভয়াপুৰীত মাজনিশা পথ দুৰ্ঘটনা৷ অভয়াপুৰী বজাৰত দোকান ভাঙি ভিতৰত সোমাল উইংগাৰ৷ নিয়ন্ত্ৰণ হেৰুৱাই উইংগাৰখনে পথৰ দাঁতিত থকা দোকানৰ ভিতৰত সোমাই যোৱাৰ ফলত আহত হয় সাতজনকৈ যাত্ৰী ৷ AS 28 C 0667 উইংগাৰখনে GNRCৰ পৰা ৰোগী লৈ ঘৰলৈ উভতি আহি আছিল৷ আটাইকেইজনকে আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷
বৃহস্পতিবাৰে ৰাছিয়া-ইউক্ৰেইনৰ উত্তেজনা এক সম্পূৰ্ণ যুদ্ধলৈ ৰূপান্তৰিত হয় যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ সামৰিক বাহিনীক ইউক্ৰেইন আক্ৰমণ কৰিবলৈ অনুমতি দিয়ে, যি যুদ্ধৰ প্ৰথম দিনাই ৰাছিয়াই ইউক্ৰেইনৰ কমেও ৭০ টা সামৰিক ঘাটি ধ্বংস কৰা বুলি দাবী কৰে। এই মুহূৰ্তত, দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস হোৱাৰ কোনো লক্ষণ নাই। বিশ্বৰ আটাইতকৈ বেয়া পাৰমাণৱিক দুৰ্যোগস্থলী চেৰনোবিল পাৰমাণৱিক প্ৰকল্প (Chernobyl Nuclear Plant) দখল কৰিবলৈ চেষ্টা কৰা ৰাছিয়াৰ সৈন্যৰ সৈতে ইউক্ৰেইনৰ সেনাৰ সংঘৰ্ষৰ ফলত পৰিস্থিতি আৰু অধিক তীব্ৰ হৈ পৰিছিল।…
ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ (Vladimir Putin) সৈতে কথা পাতিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi)। ৰাছিয়া আৰু নেটোৰ মাজত যি মতপাৰ্থক্য হৈছে, সেয়া আন্তৰিক আৰু সৎ কূটনৈতিক আলোচনাৰ জৰিয়তে দূৰ কৰা সম্ভৱ বুলি ক’লে নৰেন্দ্ৰ মোদীয়ে (Narendra Modi talks with Vladimir Putin)। লগতে শীঘ্ৰে হিংসা বন্ধ কৰাৰো আৰ্জি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক বিজ্ঞপ্তিযোগে এই কথা জনোৱা হৈছে। পুটিনৰ সেউজ সংকেতৰ পিছতে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আরম্ভ কৰিছে ৰুছ সেনাই। যাৰ তীব্ৰ বিৰোধিতা কৰ…
অসম আৰু অসমীয়াৰ ভূমিত চুবুৰীয়া অৰুণাচলীয়ে চলাইছে অবাধ ভূমি বেদখল৷ বিহালীৰ নাহৰজানত পুনৰ অৰুণাচলীৰ আগ্ৰাসন৷ অসমৰ বৃহৎ পৰিমাণৰ ভূমি নিজৰ দখললৈ নিয়াৰ পৰিকল্পনা অৰুণাচলীৰ৷ বিহালীৰ অসম-অৰুণাচল সীমান্তৰ নাহৰজানত একাংশ অৰুণাচলী লোকে অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত চলাইছে অসমৰ ভূমি বে-দখল কাৰ্য৷ স্থানীয় লোকৰ পৰা পোৱা তথ্য অনুসৰি, অৰুণাচলৰ টাৰাচু অঞ্চলৰ টক্ নেৰু, টাচ্চা কাছাৰ নামৰ ব্যক্তি দুজনৰ নেতৃত্বত চলিছে এই ভূমি দখল কাৰ্য৷ ইতিমধ্যে দুই অৰুণাচলীৰ নেতৃত্বত হাবি-জংঘল,গছ-গছনি কাটি দখল কৰিছে ৩০ বিঘাতকৈও অধিক অসমৰ ভূমি৷ বাহৰ জেওৰা দি অসমৰ মাটিত খে…
বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে (Vladimir Putin) ঘোষণা কৰে যে পূব ইউৰোপৰ ডনবাছত সামৰিক অভিযান চলাব ৰাছিয়াৰ সেনা বাহিনীয়ে। ইউক্ৰেইনৰ (Ukraine) সেনা বাহিনীক পুটিনে বাৰ্তা দিলে, অস্ত্ৰ এৰি ঘৰলৈ যাবলৈ। জনায়, দুই দেশৰ বাহিনীৰ সংঘৰ্ষ কেৱল সময়ৰ অপেক্ষা। লগতে বাহিৰৰ কোনো শক্তিয়ে বাধা দিয়াৰ চেষ্টা চলালে তাৰ ফল ভাল নহ’ব বুলিও সকীয়নি দিয়ে ৰাষ্ট্ৰপতি পুটিনে। ইয়াৰ পিছতে আৰম্ভ হয় গোলাবৰ্ষণ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আন এক ভয়ংকৰ ৰক্তক্ষয়ী যুদ্ধৰ সন্মুখীন ইউক্ৰেইন আৰু ইউৰোপ। এতিয়ালৈ ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ সেনা আৰু সাধাৰণ লোক মিলাই ম…
ৰিলায়েন্স জিঅ'ই ইয়াৰ গ্ৰাহকসকলৰ বাবে দুটা নতুন প্ৰি-পেইড আঁচনি প্ৰৱৰ্তন কৰিছে। জিঅ'ৰ এই দুয়োটা আঁচনি Disney+ Hotstar প্ৰিমিয়াম চাবস্ক্ৰিপশ্বনৰ সৈতে আহিছে। এই দুয়োটা আঁচনিতে, ব্যৱহাৰকাৰীসকলে Disney+ Hotstarৰ বিনামূলীয়া সদস্যতা লাভ কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি কেৱল ম'বাইলতে নহয়, টিভিতো Disney+ Hotstar ব্যৱহাৰ কৰিব পাৰে। জিঅ'ৰ এই আঁচনিসমূহৰ মূল্য ১,৪৯৯ টকা আৰু ৪,১৯৯ টকা। গতিকে এই পৰিকল্পনাবোৰৰ বিষয়ে সকলোবোৰ জানো আহক... Disney+ Hotstar Premiumৰ বিশেষত্ব কি? জিঅ'ই ১,৪৯৯ টকা আৰু ৪,১৯৯ টকা মূল্…
যুদ্ধৰ ডাৱৰ আকাশত ওলমি থকা অৱস্থাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৰাছিয়ালৈ চৰকাৰী ভ্ৰমণ কৰিছিল কালি বুধবাৰে। এই কথাই সকলোকে কৌতূহলী কৰি তুলিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ (Pakistan Prime Minister Imran Khan) মস্কো ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আমেৰিকাই কয় যে ইউক্ৰেইনত ৰাছিয়াৰ কাৰ্যকলাপৰ ওপৰত আপত্তি প্ৰকাশ কৰাটো প্ৰতিখন "দায়িত্বশীল" দেশৰ দায়িত্ব (responsibility of every "responsible" country)। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ পৰিস্থিতি সম্পৰ্কে পাকিস্তানক নিজৰ স্থিতিৰ বিষ…
ৰিলায়েন্স জিঅ'ই ইয়াৰ গ্ৰাহকসকলৰ বাবে দুটা নতুন প্ৰি-পেইড আঁচনি প্ৰৱৰ্তন কৰিছে। জিঅ'ৰ এই দুয়োটা আঁচনি Disney+ Hotstar প্ৰিমিয়াম চাবস্ক্ৰিপশ্বনৰ সৈতে আহিছে। এই দুয়োটা আঁচনিতে, ব্যৱহাৰকাৰীসকলে Disney+ Hotstarৰ বিনামূলীয়া সদস্যতা লাভ কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি কেৱল ম'বাইলতে নহয়, টিভিতো Disney+ Hotstar ব্যৱহাৰ কৰিব পাৰে। জিঅ'ৰ এই আঁচনিসমূহৰ মূল্য ১,৪৯৯ টকা আৰু ৪,১৯৯ টকা। গতিকে এই পৰিকল্পনাবোৰৰ বিষয়ে সকলোবোৰ জানো আহক... Disney+ Hotstar Premiumৰ বিশেষত্ব কি? জিঅ'ই ১,৪৯৯ টকা আৰু ৪,১৯৯ টকা মূল্…
ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন। ৰাষ্ট্ৰপতিক আদৰিবলৈ বিশেষ ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে। বিমানবন্দৰৰ পৰাই সজাই পৰাই তোলা হৈছে ৰাজপথ। বিমানবন্দৰৰ পৰা ন–ৰূপ দিয়া হৈছে ৰাজপথক। বিমানবন্দৰত ৰাজপথক ৰং দিয়াকে ধৰি গঢ়ি তোলা হৈছে পেণ্ডেল। ৰাজপথৰ কাষৰ গছ, খুটা আদিত বোলোৱা হৈছে ৰং। নতুনকৈ ৰং কৰা হৈছে ডিভাইদাৰসমূহো। বিমানবন্দৰৰ পৰা পথৰ দাঁতিয়ে দাঁতিয়ে অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে গঢ়ি তোলা হৈছে সৰু-বৰ মঞ্চ। আনকি বহুদিনে বিকল হৈ থকা ষ্ট্ৰিট লাইটসমূহেও পাইছে প্ৰাণ। উল্লেখোগ্য যে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ২৫ ফেব্ৰুৱা…
ৰাছিয়াই আজি পুৱাৰ পৰা ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে সমগ্ৰ বিশ্বতে হাহাকাৰ লাগিছে। ভাৰত চৰাকৰেও বিষয়টোৰ ওপৰত চোকা নজৰ ৰাখিছে। ইয়াৰ মাজতে আজি কেন্দ্ৰ চৰকাৰে ইক্ৰেইনত থকা ভাৰতীয় লোকসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি অতিশয় অনিশ্চিত হৈ পৰিছে, সকলোৱে শান্ত হৈ থকা উচিত আৰু যি য'ত আছে, ঘৰ, হোষ্টেল, ট্ৰানজিট, বা অন্য বাসস্থানত সেই ঠাইতে নিৰাপদজনকভাৱে থকা উচিত। আনহাতে ইউক্ৰেইনৰ কিভলৈ যাত্ৰা কৰাসকলোকে যাত্ৰা বাতিল কৰি নিজ নিজ ঠাইলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ যিসক…
আৰম্ভ হ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। বৃহস্পতিবাৰে ইউক্ৰেইন আক্ৰমণ কৰিলে ৰাছিয়াই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আজি মিলিটেৰী এটেক কৰিবলৈ দিলে অনুমতি। ইয়াৰ পিছতে ৰাছিয়ান সেনাই হেলিকপ্টাৰেৰে এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰিছে। বহু অঞ্চলত বিস্ফোৰণ সংঘটিত কৰাৰ খবৰ আহিছে। এই পৰ্যন্ত আক্ৰমণত ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাজদূত ইগোৰ পোলখাই ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ পৰা সহায় বিচাৰে কৰিছে আবেদন। ইউক্ৰেইন আক্ৰমণৰ সন্দৰ্ভত ভাৰত চৰকাৰক ৰাছিয়াৰ সৈতে কথা পাতিবলৈ আহ্বান জনাইছে। ভাৰতে এই পৰ্যন্ত যুদ্ধৰ ওপৰত কোনো ধৰণৰ মন্…
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হৈছে যুদ্ধ সদৃশ পৰিস্থিতি। আৰু ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ভাবুকিকলৈ আতংকিত সমগ্ৰ বিশ্ব। এই যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ ৰূপ লব বুলি আশংকা ব্যক্ত কৰিছে একাংশ দেশে। ইউক্ৰেইনৰ পূৰ্বাঞ্চলৰ ফালে সেনা পঠিওৱাৰ নিৰ্দেশ দিছে ৰাছিয়ান প্ৰেচিডেণ্ট পুটিনে। আনহাতে ইউক্ৰেইনেও হাৰ নামানো বুলি স্পষ্ট কৰি দিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ ক্ৰমবৰ্ধমান উত্তেজনাৰ প্ৰভাৱ পৰিছে শ্বেয়াৰবজাৰত। ভাৰতৰ শ্বেয়াৰ বজাতো ক্ৰমাগত ভাবে পতন ঘটিছে। বিশেষজ্ঞৰ দাবী, ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ হলে ভাৰতৰ ওপৰ…
কেৰালাত গ্ৰেপ্তাৰ হোৱা ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰী আচমত আলী ওৰফে নালকোৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন। বুধবাৰে কেৰালাত গ্ৰেপ্তাৰ হৈছিল কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাৰ মাষ্টৰমাইণ্ড বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত ১ নম্বৰ আদাভেটিৰ মঃ আজিবুৰ ৰহমানৰ পুত্ৰ ৩৫ বছৰীয়া নালকো৷ বিশ্বনাথ আৰক্ষীয়ে কেৰালা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথলৈ নালকোক লৈ অনা হৈছিল৷ নিশাই নালকোৱে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খড়্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰৰ বুকুত …
বলীউডত সম্প্ৰতি হৃত্বিক ৰোশনৰ সৈতে চাবা আজাদৰ সম্পৰ্ক কি তাক লৈ চলি আছে চৰ্চা। দুয়োকে পাপাৰাজিৰ কেমেৰাত একেলগে দেখা গৈছিল। গতিকে আচল ৰহস্য কি তাক লৈ স্বাভাৱিকতে জল্পনা-কল্পনা চলি আছে। ইয়াৰ মাজতে ইয়াক আৰু এটা মাত্ৰা দিলে হৃত্বিকে নিজেই। চাবা এতিয়া ৰোশন পৰিয়ালৰ অংশ হৈ উঠিছে। চাবাক হৃত্বিকে (Hrithik Roshan) নিজেই তেওঁৰ পৰিয়ালৰ এটা অংশ কৰি তুলিছে। যোৱা দেওবাৰে ৰোশন পৰিয়ালে আয়োজন কৰিছিল এটা মধ্যাহ্ন ভোজনৰ। অভিনেতা হৃত্বিক ৰোশনৰ গোটেই পৰিয়ালে ইয়াত যোগদান কৰিছিল। আৰু তাৰ মাজত দেখা গৈছিল চাবাক। হৃত্বিক ৰোশনৰ খুৰাক ৰাজেশ ৰোশনে এখন ফটো শ…
পৰীক্ষা সমাগত। ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া হৈছে ব'ৰ্ড পৰীক্ষাৰ সময়। এনে সময়তে আহি পৰে কেতবোৰ সমস্যা। চাপ, ভয়, হতাশাই আপোনাকো সমস্যাত পেলাইছে নেকি ? আপোনাৰ বাবে কেইটামান বিশেষ পৰামৰ্শ ... ১. বিগত দুবছৰত অনলাইন পৰীক্ষাৰ পৰা অফলাইন পৰীক্ষা দিয়াৰ অভ্যাসলৈ পৰিণত কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। টেষ্ট পেপাৰৰ পৰা বা পূৰ্বৰ পেপাৰৰ পৰা অফলাইন পৰীক্ষাৰ দৰেকৈ ঘৰতে পৰীক্ষা দিয়াৰ অভ্যাস কৰক। ২. দশম বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা মাইলৰ খুটি নহয়, কিয়নো ইয়াৰ পিছতো আৰু বহু যাত্ৰা বাকী থাকে। গতিকে নম্বৰৰ পিছত দৌৰাৰ পৰিৱৰ্তে কষ্ট কৰক, জ্ঞান অৰ্জন কৰক, সফলতা এ…
দেশৰ গৃহমন্ত্ৰী অমিত শ্লাহে আইন–শৃংখলাক লৈ ডাঙৰ মন্তব্য কৰিছে। অমিত শ্বাহে কয় যে যিসকল লোকে পূৰ্বে অশান্তি কৰিছিল, তেওঁলোকে এতিয়া জে’লৰ ৰুটি চিঙি আছে। এয়া স্পষ্ট যে বিজেপিৰ বাবে আইন–শৃংখলা আটাইতকৈ ডাঙৰ ইছ্যু। প্ৰাক্তন বিপেজিপ অধ্যক্ষগৰাকীয়ে এই কথা নিউজ১৮ৰ সৈতে হোৱা এক্সক্লুছিভ সাক্ষাৎকাৰত উল্লেখ কৰে। অমিত শ্বাহে নেটৱৰ্ক১৮ৰ এমডি আৰু গ্ৰুপ এডিটৰ–ইন–চীফ ৰাহুল যোশীৰ সৈতে উত্তৰ প্ৰদেশৰ নিৰ্বাচন, হিজাব বিতৰ্কৰ পৰা আৰম্ভ কৰি কাশ্মীৰত নিৰ্বাচন সন্দৰ্ভত বাৰ্তালাপ কৰে (Amit Shah interview)। এই সাক্ষাৎকাৰ আজি নিশা ৮ বজাত News18ত চাব পাৰিব। এক্স…
মহানগৰীত পুনৰ গুলীচালনাৰ ঘটনা। ছাত্ৰীবাৰীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। পুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত সংঘটিত গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত আদেশ যাদৱ নামৰ লোকগৰাকীৰ হাস্পতালত (Firing incident in Guwahati) মৃত্যু হয়। জানিব পৰা মতে, বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী ব্যৱসায়ীলৈ ঘৰৰ সমীপতে ব্যৱসায়ীজনক গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলীচালনাত ব্যৱহাৰ কৰা বাইকখন আৰক্ষীয়ে জব্দ কৰিছে। উল্লেখ্য, ঘটনাৰ পিছতেই বাইক এৰি পলাই যায় দুই দুৰ্বৃত্ত। আনহাতে গুৰুতৰভাৱে আহত আদেশ যাদৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ভৰ্তি কৰ…
উৰ্ফি জাভেদে (Urfi Javed) পুনৰ এবাৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ কেতবোৰ ফটো। ছচিয়েল মিডিয়াত উৰ্ফিৰ ফটো আপলোড হোৱাৰ পিছতে ভাইৰেল হৈ পৰে। উৰ্ফি জাভেদে (Urfi Javed) পুনৰ এবাৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ কেতবোৰ ফটো। ছচিয়েল মিডিয়াত উৰ্ফিৰ ফটো আপলোড হোৱাৰ পিছতে ভাইৰেল হৈ পৰে। এই ফটোসমূহত আকৌ এবাৰ উৰ্ফিৰ যৌৱনসিক্ত শৰীৰৰ যাদু দেখা গৈছে। উৰ্ফি জাভেদৰ প্ৰফাইলত কোনো ফটো অহা মাত্ৰেই সেয়া ভাইৰেল হৈ পৰে। মাত্ৰ ৪ ঘণ্টাৰ ভিতৰত হাজাৰ হাজাৰ লাইক পৰিছে এই ফটোত। ইমানেই নহয়, উৰ্ফিৰ অনুৰাগীসকলে তেওঁৰ ফটোত বহু কমেণ্ট কৰিছে। উৰ্ফিৰ সৌন্দৰ্যৰ প্ৰশং…
জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya) আৰু ভাস্কৰৰ বিবাহে আজি এবছৰ সম্পূৰ্ণ কৰিলে। আজি দুয়োজনৰ বিয়াৰ প্ৰথম বাৰ্ষিকী। ২০২১ চনৰ আজিৰ দিনটোতেই বিবাহপাশত আবদ্ধ হৈছিল বৰষা আৰু ভাস্কৰ। বিবাবহ বাৰ্ষিকীৰ দিনটোত অতি আবেগসনা মেছেজেৰে ছচিয়েল মিডিয়াত পোষ্ট কৰিছে বৰষা ৰাণী বিষয়াই। বৰষাই লিখিছে, "Our special 22.2.22 first wedding anniversary. জীৱন বাটৰ সুখ দুখ, হাঁহি কান্দোন, খং অভিমানবোৰ ভগাই ললোঁ আমি দুয়ো । আশীৰ্বাদ কৰিব দেই" এই পোষ্টটোত স্বামী ভাস্কৰ বৰুৱাক অন্তৰভৰি কৃতজ্ঞতা জনাইছে বৰষাই। ২২-০২-২২ৰ বিশেষ দিনটোত বৰষা …
বৰ্তমান সময়ত দোকান বা যিকোনো স্থানত কিউআৰ কোডসহ ডিজিটেল পেমেণ্টৰ কথা নতুন বা দুষ্প্ৰাপ্য নহয়। সকলো লোকেই ডিজিটেল পেমেণ্টৰ কথা জানে। নগদ ধন দিয়াতকৈ ডিজিটেল পেমেণ্ট কৰি ভাল পায় বহুতে। কিন্তু এতিয়া ভিক্ষাৰীৰ হাততো দেখা গৈছে ডিজিটেল পেমেণ্টৰ সুবিধা (Beggar with QR Code)। মধ্য প্ৰদেশৰ ছিন্দৱাৰাত দেখা গৈছে তেনে এজন ভিক্ষাৰী। তেওঁ ছিন্দৱাৰাৰ পথত ভিক্ষা মাগি ফুৰে। ডিঙিত আঁৰি লয় কিউআৰ কোড। কোনোৱে দিব বিচাৰিলে ভিক্ষাৰী মহেন্দ্ৰ সূৰ্যবংশীয়ে কোড দেখুৱাই দিয়ে স্কেন কৰাৰ বাবে। তেওঁ জনায়, এটা সময়ত তেওঁ চাকৰি কৰিছিল। কিন্তু তাত বেতন মিয়মীয়া নাছিল। তিনি…
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ এটা অংশক অৰ্থাত পূব ইউক্ৰেইনক এখন নতুন ৰাষ্ট্ৰ ৰূপে স্বীকৃতি দিয়ে। পুটিনে ৰাষ্ট্ৰ নিৰ্মাণৰ এই নিৰ্দেশত স্বাক্ষৰো কৰে। সেই অনুযায়ী ইউক্ৰেইনৰ লুহানস্ক আৰু ডোনেস্ক (Donetsk and Luhansk regions) ভূখণ্ড পৃথক দেশ হ'ব পাৰে। পূব ইউক্ৰেইনত থকা লুহানস্ক আৰু ডোনেস্কক লৈ নতুন ৰাষ্ট্ৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পুটিনে কয়- ''ৰাছিয়াৰ ইতিহাসৰ সৈতে সম্পৰ্কিত এই অঞ্চল। ইউক্ৰেইন আমাৰ পুৰণি সহযোগী গতিকে পূব ইউক্ৰেইনৰ ওপৰত এটা কঠিন সিদ্ধান্ত ল'ব লগা হৈছে। আমি ইউক্ৰেইনক সাম্যবাদৰ সত্যতা…
শিৱসাগৰ জিলাৰ বকতা বৰদেউধাই গাঁৱৰ ৰাজপথত যোৱা নিশা দপ দপকৈ জ্বলি উঠিল এখন মাৰুতি এল্ট' বাহন। চেপন চুণপোৰা পথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলতে অগ্নিৰ সূত্ৰপাত হয় বাহনখনত৷ পৰৱৰ্তী সময়ত অগ্নিকাণ্ডত ভষ্মীভূত হয় এল্ট' বাহনখন ৷ দূৰ্ঘটনাত পিতত বাহন খনৰ নম্বৰ AS-06-V-0891। বাহনখনৰ চালকজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও জুইত জাহ যায় বাহনখন৷ জুইৰ লেলিহান শিখাই এল্ট' বাহনখন সম্পূৰ্ণ ৰূপে আগুৰি ধৰাত স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত অৱশেষত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ই…
গুৱাহাটী মহানগৰীত দুৰ্বৃত্তৰ গুলীত আহত হোৱা ব্যৱসায়ীৰ মৃত্যু। সোমবাৰে নিশা ছাত্ৰীবাৰীত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল অৱদেশ কুমাৰ যাদৱ নামৰ ব্যৱসায়ীজন। গোপাল মেনচন এপাৰ্টমেণ্টৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ীজনলৈ গুলীচালনা কৰিছিল। নিশা ৮ বাজি ৩০ মিনিটত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ পিছতেই বাইক আৰু ম’বাইল এৰি পলায়ন কৰিছিল বাইকত অহা দুই দুৰ্বৃত্তই। আৰক্ষীয়ে জব্দ কৰে AS 13D 4033 নম্বৰৰ পালচাৰ বাইকখন। RTOৰ তথ্য অনুসৰি বাইকখনৰ নম্বৰ প্লেট ভুৱা। অস্ত্ৰধাৰী দুৰ্বৃত্ত দুটাৰ এটাই হেলমেট আৰু আনটোৱে মাস্ক পৰিধান কৰি আহিছি…
কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষৰ পৰা জিলা প্ৰশাসন সকলো সষ্টম হৈ পৰা দেখা গৈছে। ৰাজ্যৰপ্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে সদৰী কৰা অনুসৰি অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৈশৰ্গিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা ২৬ ফ্ৰেব্ৰুুৱাৰী বিয়লি কাজিৰঙাত উপস্থিত হৈ উদ্যানখনৰ বাগৰী বনাঞ্চলত জীপ চাফাৰী কৰাৰ লগতে ২৭ ফেব্ৰুুৱাৰী তাৰিখে পুৱা কহঁৰা বনাঞ্চলত হাতী ছাফাৰী অথবা জীপ ছাফাৰীৰে কাজিৰঙা দৰ্শন কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ…
Social Plugin