ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ হ'লে ভাৰতত কি কি সামগ্ৰীৰ দাম বাঢ়িব?

 


ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হৈছে যুদ্ধ সদৃশ পৰিস্থিতি। আৰু ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ভাবুকিকলৈ আতংকিত সমগ্ৰ বিশ্ব। এই যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ ৰূপ লব বুলি আশংকা ব্যক্ত কৰিছে একাংশ দেশে।

ইউক্ৰেইনৰ পূৰ্বাঞ্চলৰ ফালে সেনা পঠিওৱাৰ নিৰ্দেশ দিছে ৰাছিয়ান প্ৰেচিডেণ্ট পুটিনে। আনহাতে ইউক্ৰেইনেও হাৰ নামানো বুলি স্পষ্ট কৰি দিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ ক্ৰমবৰ্ধমান উত্তেজনাৰ প্ৰভাৱ পৰিছে শ্বেয়াৰবজাৰত। ভাৰতৰ শ্বেয়াৰ বজাতো ক্ৰমাগত ভাবে পতন ঘটিছে। বিশেষজ্ঞৰ দাবী, ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ হলে ভাৰতৰ ওপৰত পৰিব ভয়াৱহ প্ৰভাৱ। আহক জানি লও, এই উত্তেজনাই ভাৰতবৰ্ষত কি কি দিশত প্ৰভাৱ পেলাবঃ

শ্বেয়াৰবজাৰত তীব্ৰ পতনঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধ সদৃশ পৰিস্থিতিয়ে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে বিশ্বজুৰি। ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতৰ শ্বেয়াৰ বজাৰতো। মাত্ৰ পাঁচ দিনৰ ব্যৱধানত BSE-তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন ৯.১ লাখ কোটি টকালৈকে হ্ৰাস পাইছে।

অপৰিশোধিত তেলৰ দাম বাঢ়িছেঃ ইউক্ৰেইন সংকটৰ মাজতে আন্তৰ্জাতিক বজাৰত অপৰিশোধিক তেলৰ দাম ৭ বছৰৰ ভিতৰত সৰ্বোচ্ছ হৈছে। মঙলবাৰে অপৰিশোধিক তেলৰ দাম ২.০৩ শতাংশ বাঢ়িছে। বিশেষজ্ঞৰ মতে, অপৰিশোধিত তেলৰ দাম বাঢ়ি ১০০ ডলাৰৰ ঘৰ অতিক্ৰম কৰিব পাৰে। ইয়য়াৰ ফলত ভাৰতত পেট্ৰল-ডিজেলৰ দাম ব্যাপক ভাবে বাঢ়িব পাৰে। বাঢ়িব পাৰে এলপিজিৰো দাম।

Post a Comment

0 Comments