আজি ঘোষণা কৰা হৈছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যৰ বিত্তীয় বাজেট। এইবাৰৰ বাজেটে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবেও আনিছে ভালখবৰ।
কৰ্মচাৰীৰ বাবে কি আছে বাজেটত?
- বৰ্তমান চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ১১ শতাংশ অতিৰিক্ত মৰগীয়া বানচ প্ৰদান কৰা হৈছে। এই মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধিৰ ঘোষণা।
- পেঞ্চনাৰসকলৰ কষ্ট লাঘৱ কৰিবলৈ চৰকাৰে পেঞ্চন সম্বন্ধীয় তথ্য অনলাইন চৈবলৈ কৃতজ্ঞতা নামক এক পৰ্টেল আৰম্ভ কৰিছে।
- ভৱিষ্যতলৈ চৰকাৰে জিপিএফ, লিভ এনকেশ্বমেণ্ট আৰু জিআইএছ আদি অৱসৰৰ পিছত সকলো লাভালাভ এখন একক উইণ্ডৰ জৰিয়তে প্ৰদান কৰিব।
- আপোন ঘৰ আৰু বিদ্যালক্ষ্মী আঁচনিৰ অধীনত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক সুতৰ হাৰৰ বিপৰীতে ৰাজসাহায্য আগবঢ়বলৈ এই বৰ্ষত মুঠ ১২৯.৮৯ কোটি ধাৰ্য কৰা হৈছে।
- মাধ্যমিক সঞ্চালকায়ৰ অধীনত কম্পিউটাৰ আৰু অতিৰিক্ত শিক্ষকৰ দৰমহা চিলিংমুক্ত কৰা হব।
0 Comments