বৰাক উপত্যকাত ভয়ংকৰ বান পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰনত অহাৰ পিছত বন্যাৰ্তৰ বুজ ল'বলৈ চৰিদিনৰ কৰ্মসূচী লৈ বৰাক উপত্যকাত উপস্থিত হয় AIUDF প্ৰধান বদৰুদ্দিন আজমল ৷ বদৰুদ্দিন আজমলে (Badaruddin Ajmal) উপস্থিত হয় বদপুৰত। পানী হ্ৰাস পোৱা ঠাইত খন্তেক চকু ফুৰাই বান নিয়ন্ত্ৰনৰ বাবে নেদেখাজনৰ ওচৰত দোৱা কৰে। পিছে বান পৰিস্থিতিৰ বুজ ল'বলৈ আহিলেও উপস্থিত সাংবামাধ্যমৰ সম্মুখত কংগ্ৰেছ (Congress)ক গালি পাৰিবলৈ নেৰিলে আজমলে। আজমলে কয় যে ভূপেন বৰা (Bhupen Bora) কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে কংগ্ৰেছক নিশ্চিহ্ন কৰি দিছে
কটন বিশ্ববিদ্যালয়ত হুৱাদুৱা। প্ৰতিবাদমুখৰ হৈ উঠিল বহু ছাত্ৰ ছাত্ৰী। কটন বিশ্ব বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কটনিয়ানৰ। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পিছতে উত্তাল হৈ পৰিল কটন বিশ্ববিদ্যালয়ৰ বাকৰি। আনকি খং আৰু ক্ষোভত ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই কটনিয়ানে সাব্যস্ত কৰিলে প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অভিষেক মহন্ত। ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি কাম কৰাৰ আশাতে কটনিয়ানে সাধাৰণ সম্পাদকৰ …
কলিয়াবৰত দিন-দুপৰতে জনাঞ্চলত বিচৰণ বন্যহস্তীৰ এটা জাকৰ। গাঁৱৰ মাজত বন্যহস্তীৰ জাক দেখি আতংকই বিৰাজ কৰিছে কলিয়াবৰৰ কেইবাখনো গাঁৱত। কলঙৰ পাৰে পাৰে ঘূৰে পোৱালিসহ ৪-৫টা বন্যহস্তীৰ জাকটোৱে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিগত দুদিন ধৰি কলিয়াবৰৰ জনাঞ্চলত অৱস্থান কৰিছে এই বন্যহস্তীৰ জাকটোৱে। বৃহস্পতিবাৰে দিন দুপৰতে কলিয়াবৰৰ ধনেখোৱা, বৰভগীয়া, মিলন নগৰ, উলূৱনিত বন্যহস্তীৰ জাকটোৰ বিচৰণত আতংকিত হৈ পৰে গঞা। উলূৱনিত স্কুটীত আৰোহীলৈ চোঁচা লয় এটা বন্যহস্তীয়ে। বন্যহস্তীয়ে ভাঙি ক্ষতি কৰে এজনৰ বাসগৃহৰো। বৃহস্পতিবাৰে পুৱাৰে পৰা বিয়লিলৈকে …
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে বান পৰিস্থিতি আৰু বানত আক্ৰান্ত লোকৰ ক্ষতিপূৰণক এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশত থকা পৰিয়ালক ৩,৮০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱাৰ বিষয়ে অৱগত কৰাৰ লগতে বানত মৃত্যুবৰণ কৰা লোকৰ বিপৰীতে ৪ লাখকৈ টকা প্ৰদানৰ কথা ঘোষণা কৰে (Compensation to Flood Victim)।. বানত নিহতসকলক চাৰি লাখকৈ টকাৰ সাহায্য শীঘ্ৰে প্ৰদানৰ বাবে জিলা উপায়ুক্তসকলক তথ্য তথা প্ৰমাণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ…
এখন ছেলফিয়েই কাল হ'ল এটা চোৰৰ বাবে। প্ৰথমে ছেলফি আৰু তাৰ পিছত চুৰি। যোৰহাটত সংঘটিত হৈছে এই আমোদজনক ঘটনা। ছেলফি চাই এতিয়া চোৰৰ সন্ধানত নামি পৰিছে ভুক্তভোগী ব্যৱসায়ী। যোৰহাটত এতিয়া চৰ্চা চলিছে এই এটা চোৰ, এটা মোবাইল আৰু এখন ছেলফিক লৈ। ঘটনা অনুসৰি, বুধবাৰে যোৰহাটৰ জেবি ৰোডৰ জে কে বেগ হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত উপস্থিত হয়হি এজন গ্ৰাহক। গ্ৰাহকজনে ক্ৰয় কৰে এটা বেগ। কিন্তু ইয়াৰ পিছত গ্ৰাহকজন পুনৰ আহে দোকানখনলৈ। পুৱাৰ প্ৰথম গ্ৰাহকগৰাকীক ভগৱান জ্ঞান কৰি দোকানৰ গৰাকীজনে গ্ৰাহকজনক চাহ মিঠাইৰে আপ্যায়নো কৰে। কিন্তু গ্ৰাহকৰ বেশত অ…
পল্টনবজাৰ আৰক্ষীৰ জালত এগৰাকী মেকআপ আৰ্টিষ্ট। বুধবাৰে গ্ৰেপ্তাৰ হোৱা মহা প্ৰৱঞ্চক জাকিকুলৰ সৈতে সুসম্পৰ্ক আছিল এইগৰাকী মহিলাৰ। দুয়ো মিলি অভিনয় জগতত সুযোগ দিয়াৰ প্ৰলোভন দেখুৱাই অসমৰ যুৱতীক নিছিল মুম্বাইলৈ। মুম্বাইলৈ নি দেহ ব্যৱসায় চক্ৰৰ সৈতে জড়িত কৰিছিল অসমৰ যুৱতীক। তেনে চক্ৰত পৰা এগৰাকী যুৱতীৰ গোচৰৰ ভিত্তিতে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত। এইসন্দৰ্ভত ACP পৃথ্বীৰাজ ৰাজখোৱাই কয়, জাকিৰুলে বিভিন্ন প্ৰলোভন দেখুৱাই অসমৰ যুৱতীক মুম্বাইত নি বেয়া কামত লিপ্ত কৰোৱা…
ডাৱল ইঞ্জিন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ, প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ প্ৰধান মন্ত্ৰীক হুচিয়াৰ ধ্বনি সদৌ অসম ছাত্ৰ সন্থাৰ ৷ অষ্টলক্ষ্মী খ্যাত অসমৰ বান পৰিস্থিতি বুজ ল'বলৈ কিয় নাহিল প্ৰধানমন্ত্ৰী মোদী ৷ অসমৰ সম্পদৰ ওপৰত চকু ৰখা কেন্দ্ৰৰ চকু মাথোন সম্পদে নেকি বুলি প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ ৩২ খন জিলা বানত ককবকাইছে ৷ ঘৰ দুৱাৰ হেৰুৱাই দিশহাৰা হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ লোক ৷ তথাপি বানাক্ৰান্ত জনতাৰ খৱৰ লবলৈ সময় নাপালে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কথাই কথাই A ফৰ অসম…
কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাত হ’ব আস্থা ভোট। বিপদত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে! উদ্ধৱ থাকৰেলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপালে জাৰি কৰিছে জাননী। আজি পুৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ ৰাজ্যপালে প্ৰেৰণ কৰিছে জাননী। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ আহ্বান ৰাজ্যপালৰ। কাইলৈ ১১ বজাত অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন। গুৱাহাটী ত্যাগ কৰি আজিয়ে উভতিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল। গোৱালৈ যাব ৰেডিছন ব্লুত বাহৰ পাতি থকা বিধায়কৰ দলটো। গোৱালৈ ওভতাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। বিয়লি ৩.৩০ বজাত আটাইকেইজন উৰা মাৰিব গোৱালৈ। গোৱ…
বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বাশবাৰীত আই নৈৰ বাঢ়নী পানীত উটি আহিল মৃতদেহ। আই নৈৰ ভয়াৱহ খহনীয়াৰ কবলত পৰিছে বাশবাৰী ৰাজহুৱা কৱৰস্থান, যাৰ ফলত এতিয়া উটি আহিব ধৰিছে মৃতদেহ (The buried body floated in Flood) ৷ আজি খহনীয়াৰ ফলত বাশবাৰীৰ ৰাজহুৱা কৱৰস্থান নৈৰ বুকুত বিলীন হয়। কবৰস্থানত যোৱা কিছুদিন আগতে সৎকাৰ কৰা মৃতদেহটো ভাহি আহে। মৃতদেহটোৰ দুৰ্গন্ধই চাৰিওফালে বিয়পি পৰাত স্থানীয় এজন ব্যক্তিৰ প্ৰচেষ্টাত পুনৰ সৎকাৰৰ ব্যৱস্থা কৰে। বিগত ১০-১৫ দিনে আই নৈৰ ভয়াবহ খহনীয়াই তিনি শতাধিক পৰিয়ালৰ লগতে নৈৰ বুকুত বিলীন হৈ মছজিদ, মন্দিৰ ঈ…
শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ত এই বৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৫ টা বিষয় ক্ৰমে ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী, শিক্ষাতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ অনুমোদন লাভ কৰিছে বুলি জানিবলৈ দিয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ সব্যসাচী মহন্তই৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মহাবিদ্যালয়খনলৈ আগবঢ়োৱা এই অনুমোদনত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ কৰ্মকৰ্তাৰ লগতে বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল৷
মুষলধাৰ বৰষুণৰ মাজতে কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলন। পাহাৰৰ প্ৰকাণ্ড শিল আৰু বৃহৎ গছ খহি আৱদ্ধ হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ফলত দুঘণ্টা সময় ধৰি বন্ধ হৈ পৰে উজনি-নামনিৰ যাতায়াত। মুষলধাৰ বৰষুণৰ ফলতেই প্ৰথমে পাহাৰ প্ৰকাণ্ড গছ পৰি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো। কিছু সময়ৰ পিছতে পাহাৰৰ পৰা খহি পৰে এটা প্ৰকাণ্ড শিলসহ পাহাৰ মাটি-বালি। ফলত বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। ঘটনাস্থলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-বনকৰ্মী আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মুকলি কৰে আবদ্ধ ঘাই পথছোৱা। উল্লেখ্য যে, বৰষুণ অব্যাহত থা…
বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে নিলম্বিত আৰক্ষী বিষয়া জোনমণি ৰাভা। জোনমণি ৰাভাক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ। তৃতীয়বাৰৰ বাবে জোনমণি ৰাভাক ন্যায়িক জিম্মালৈ প্ৰেৰণ। আজি ভিডিঅ' কন্ফাৰেন্সিঙৰ দ্বাৰা চলিল কাৰাগাৰত থকা জোনমণি ৰাভাৰ বিচাৰ। পৰৱৰ্তী জুলাই মাহৰ ১২ তাৰিখে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব জোনমণিক। বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে নিলম্বিত আৰক্ষী বিষয়া জোনমণি ৰাভা।
কলিয়াবৰৰ ৰাজপথত মৃত্যু বহিঃৰাজ্যৰ ট্ৰাক হেণ্ডিমেনৰ। জখলাবন্ধাৰ বাঘজানৰ সমীপতে এখন ট্ৰাক হেণ্ডিমেনৰ আকস্মিক মৃত্যু। AS-37-TX-3688 নম্বৰৰ যোৰহাটৰ পৰা অন্ধ্ৰপ্ৰদেশ অভিমুখী ট্ৰাকখনতে মৃত্যু হয় ৰাজু নামৰ ট্ৰাক হেণ্ডিমেনজনৰ। বিয়লি খাদ্য গ্ৰহণৰ পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে জিৰণি লৈছিল ট্ৰাকখনৰ চালক-হেণ্ডিমেনে। জিৰণি লওঁতেই টোপনি গৈছিল ট্ৰাকখনৰ চালক ছমেটা ৰাজশেখৰ। টোপনি ভগাৰ পিছতে অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰে হেণ্ডিমেন ৰাজুক (Truck handyman dies after suddenly falling ill)।
নিশা মহানগৰীৰ সাতগাঁৱত হাতীগাঁও আৰক্ষীৰ অভিযান। অভিযানত ATM card, FAKE currency, PRESS CARD, BALENO বাহন সহ গ্ৰেপ্তাৰ লক্ষ্মীপুৰৰ হাফিজুল ইছলাম। হাতীগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱৰাৰ নেতৃত্বত চলা অভিযানত জব্দ দমে দমে ভিন্ন জনৰ নামত থকা ATM কাৰ্ড লগতে ১৫ হাজাৰ টকাৰ নকল নোট। নকল নোট বনোৱা পেপাৰ, মোবাইল ফোন, বহু ভুৱা নথিপত্ৰও জব্দ কৰে।এটা পৰ্টেল চেনেলৰ ভূৱা প্ৰেছ কাৰ্ড লৈ আৰক্ষীৰ পৰা হাতসাৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় হাফিজুল ইছলাম। ATM ত প্ৰবেশ কৰি ভিন্ন লোকৰ পৰা সলাই লৈছিল এটিম কাৰ্ড। সেই কাৰ্ডেৰে উলিয়াইছিল ধন ৰাশি।হ…
উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক উপাধ্যক্ষৰ জাননীৰ উত্তৰ দিবলৈ ১২ জুলাইলৈকে সময় দিছে। সূত্ৰই কৈছে যে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰে শীঘ্ৰেই সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক উপাধ্যক্ষৰ জাননীৰ উত্তৰ দিবলৈ ১২ জুলাইলৈকে সময় দিছে। সূত্ৰই কৈছে যে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰে শীঘ্ৰেই সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে ৰাজ্যখনত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ স্বতঃপ্ৰণোদ…
ৰাজ্যত বান আৰু গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰীত নদীত জাহ গ'ল এখন থানা। চকুৰ পচাৰতে নৈত জাহ যোৱা এই দৃশ্য বন্দী হয় কেমেৰাত। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত এই থানাখন হৈছে ভাংনামাৰী আৰক্ষী থানা। প্ৰবল গৰাখনীয়াৰ কবলত পৰি থানাৰ দুমহলীয়া অট্টালিকা নদীত ডুব যায় (Police Station Sink Into River)। অৱশ্যে, গৰাখহনীয়াৰ আশংকাৰ পৰিপ্ৰেক্ষিতত থানাখন তাৰ পৰা কিছুদিন পূৰ্বে আন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। লৈ যোৱা হৈছিল নথিপত্ৰ। গতিকে তাত অকল আছিল দুমহলীয়া অট্টালিকাটো।
প্ৰবল বৰষুণৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে কাজিৰঙাৰ কাঞ্চনজুৰিত আজি এক শোকাৱহ দুৰ্ঘটনাত চাৰি যুৱকে প্ৰাণ হেৰুৱায়। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাই পৰা হুণ্ডাই অ'ৰা বাহনত থকা পাঁচজন যাত্ৰীৰ ৪গৰাকী থিতাতে নিহত হয় দুৰ্ঘটনাটোত। দুৰ্ঘটনাৰ ফলত বাহনখন পানীৰ মাজত সোমাই পৰাত মৃতদেহসহ বাহনখন উদ্ধাৰ কৰে বাগৰি আৰক্ষীয়ে। জানিব পৰা মতে, নিহত ৪জন আৰোহীৰ আটায়ে ছাত্ৰ আছিল। প্ৰবল বৰষুণৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে (Tragic Accident in Kaziranga)। দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই অ'ৰা বাহনখনৰ নম্বৰ AS03AE8003। নিহত লোককেইজনৰ পৰিচয় কিছু স…
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল বঙাইগাঁৱৰ অনন্যা সূত্ৰধৰ৷ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত অনন্যা সূত্ৰধৰে দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ভাকাৰিভিটাৰ চন্দন সূত্ৰধৰ আৰু কণিকা সূত্ৰধৰৰ একমাত্ৰ কন্যা অনন্যাৰ সফলতাই বঙাইগাঁৱবাসীক আনন্দিত কৰি তুলিছে৷ দৈনিক প্ৰায় ছয়-সাত ঘণ্টাকৈ অধ্যায়ন কৰা অনন্যাই আগন্তুক দিনত সুদক্ষ ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰখা বুলি জানিব দিছে৷ আনহাতে আজৰি সময়ত ছবি আঁকি ভাল পোৱা অনন্যাই ফেচবুক বা ইন্সটাগ্ৰামৰ ব্যৱহাৰ কৰা নাছিল৷ ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ আগতে ইংৰাজী বিভাগত ঘৰুৱা শিক্ষকৰ সহা…
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল বঙাইগাঁৱৰ অনন্যা সূত্ৰধৰ৷ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত অনন্যা সূত্ৰধৰে দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ভাকাৰিভিটাৰ চন্দন সূত্ৰধৰ আৰু কণিকা সূত্ৰধৰৰ একমাত্ৰ কন্যা অনন্যাৰ সফলতাই বঙাইগাঁৱবাসীক আনন্দিত কৰি তুলিছে৷ দৈনিক প্ৰায় ছয়-সাত ঘণ্টাকৈ অধ্যায়ন কৰা অনন্যাই আগন্তুক দিনত সুদক্ষ ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰখা বুলি জানিব দিছে৷ আনহাতে আজৰি সময়ত ছবি আঁকি ভাল পোৱা অনন্যাই ফেচবুক বা ইন্সটাগ্ৰামৰ ব্যৱহাৰ কৰা নাছিল৷ ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ আগতে ইংৰাজী বিভাগত ঘৰুৱা শিক্ষকৰ সহায়…
ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰজনৰ নিথৰ দেহl নৱম শ্ৰেণীত অধ্যয়নৰত আছিল কিশোৰজন। ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ ডিমৰীয়াত অঘটন। কলং নৈত পৰি সলিল সমাধি কিশোৰৰ। মৃত কিশোৰজন ১৫ বছৰীয়া বিপ্লৱ দাস বুলি চিনাক্ত। নৈৰ পাৰৰ বাঁহ কাটিবলৈ যাওঁতেই পিছলি নৈত পৰি মৃত্যু হয় কিশোৰজনৰ। পিছত ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰজনৰ নিথৰ দেহl নৱম শ্ৰেণীত অধ্যয়নৰত আছিল কিশোৰজন।
Social Plugin