কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাত হ’ব আস্থা ভোট, আজিয়ে গুৱাহাটী এৰিব বিসম্বাদী বিধায়কে

Maha crisis: Rebel Shiv Sena MLAs to depart from Guwahati today 

 কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাত হ’ব আস্থা ভোট। বিপদত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে! উদ্ধৱ থাকৰেলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপালে জাৰি কৰিছে জাননী। আজি পুৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ ৰাজ্যপালে প্ৰেৰণ কৰিছে জাননী। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ আহ্বান ৰাজ্যপালৰ। কাইলৈ ১১ বজাত অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন।

গুৱাহাটী ত্যাগ কৰি আজিয়ে উভতিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল। গোৱালৈ যাব ৰেডিছন ব্লুত বাহৰ পাতি থকা বিধায়কৰ দলটো। গোৱালৈ ওভতাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। বিয়লি ৩.৩০ বজাত আটাইকেইজন উৰা মাৰিব গোৱালৈ। গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১টা কোঠা।

Post a Comment

0 Comments