বঙাইগাঁৱৰ নাম উজলালে অনন্যা সূত্ৰধৰে, কলা শাখাত দশম স্থান অধিকাৰ

April 2022 - Examination Results 

 উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল বঙাইগাঁৱৰ অনন্যা সূত্ৰধৰ৷ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত অনন্যা সূত্ৰধৰে দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ভাকাৰিভিটাৰ চন্দন সূত্ৰধৰ আৰু কণিকা সূত্ৰধৰৰ একমাত্ৰ কন্যা অনন্যাৰ সফলতাই বঙাইগাঁৱবাসীক আনন্দিত কৰি তুলিছে৷ দৈনিক প্ৰায় ছয়-সাত ঘণ্টাকৈ অধ্যায়ন কৰা অনন্যাই আগন্তুক দিনত সুদক্ষ ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰখা বুলি জানিব দিছে৷ আনহাতে আজৰি সময়ত ছবি আঁকি ভাল পোৱা অনন্যাই ফেচবুক বা ইন্সটাগ্ৰামৰ ব্যৱহাৰ কৰা নাছিল৷ ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ আগতে ইংৰাজী বিভাগত ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷

Post a Comment

0 Comments