মহানগৰীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ ! বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কেন্দ্ৰক পেকেজ ঘোষণা কৰাৰ দাবী ...

 Assam: AASU stages protests all over state during PM Modi's visit 

ডাৱল ইঞ্জিন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ, প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ প্ৰধান মন্ত্ৰীক হুচিয়াৰ ধ্বনি সদৌ অসম ছাত্ৰ সন্থাৰ ৷ অষ্টলক্ষ্মী খ্যাত অসমৰ বান পৰিস্থিতি বুজ ল'বলৈ কিয় নাহিল প্ৰধানমন্ত্ৰী মোদী ৷ অসমৰ সম্পদৰ ওপৰত চকু ৰখা কেন্দ্ৰৰ চকু মাথোন সম্পদে নেকি বুলি প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ ৷

শেহতীয়াকৈ ৰাজ্যৰ ৩২ খন জিলা বানত ককবকাইছে ৷ ঘৰ দুৱাৰ হেৰুৱাই দিশহাৰা হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ লোক ৷ তথাপি বানাক্ৰান্ত জনতাৰ খৱৰ লবলৈ সময় নাপালে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কথাই কথাই A ফৰ অসম অভিহিত কৰা মোদীয়ে অসমৰ বান পৰিস্থিতিক লৈ কিমান চিন্তিত পুনৰবাৰ বুজাই দিয়া বুলি মন্তব্য সংগঠনটোৰ নেতৃত্বৰ ৷ সেয়ে, আছুৰ দাবী স্পষ্ট অতি শীঘ্ৰে অসমৰ বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰক প্ৰধানমন্ত্ৰীয়ে ৷ আৰু অসমৰ মাটি বান গড়াখহনীয়াক ৰাস্ট্ৰীয় সমস্যা ৰূপে অভিহিত কৰাৰ দাবী ৷ মাথোঁ এয়াই নহয় অসমৰ বাবে মোদীয়ে বানৰ সুকীয়া পেকেজ ঘোষণাৰ দাবী ছাত্ৰ সংগঠনটোৰ ৷ অন্যথা কোনো কাৰণত ৰেহাই দিয়া নহ'ব বুলি দাবী ছাত্ৰ সন্থাৰ ৷ উল্লেখ্য যে প্ৰতিবাদস্থলীৰ পৰা সংগঠনটোয়ে উপাযুক্ত আৰু আৰক্ষী আযুক্তৰ জড়িয়তে একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Post a Comment

0 Comments