পল্টন বজাৰ আৰক্ষীৰ জালত মেকআপ আৰ্টিষ্ট, অভিনয়ত সুযোগ দিয়াৰ প্ৰলোভনেৰে মুম্বাইলৈ নি দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল অসমৰ যুৱতীক

NHRC Directs Guwahati Police To Take Appropriate Action In Paltan Bazar  Assault Case 

 পল্টনবজাৰ আৰক্ষীৰ জালত এগৰাকী মেকআপ আৰ্টিষ্ট। বুধবাৰে গ্ৰেপ্তাৰ হোৱা মহা প্ৰৱঞ্চক জাকিকুলৰ সৈতে সুসম্পৰ্ক আছিল এইগৰাকী মহিলাৰ। দুয়ো মিলি অভিনয় জগতত সুযোগ দিয়াৰ প্ৰলোভন দেখুৱাই অসমৰ যুৱতীক নিছিল মুম্বাইলৈ। মুম্বাইলৈ নি দেহ ব্যৱসায় চক্ৰৰ সৈতে জড়িত কৰিছিল অসমৰ যুৱতীক। তেনে চক্ৰত পৰা এগৰাকী যুৱতীৰ গোচৰৰ ভিত্তিতে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত।

এইসন্দৰ্ভত ACP পৃথ্বীৰাজ ৰাজখোৱাই কয়, জাকিৰুলে বিভিন্ন প্ৰলোভন দেখুৱাই অসমৰ যুৱতীক মুম্বাইত নি বেয়া কামত লিপ্ত কৰোৱাৰ চেষ্টা কৰি আছিল। এগৰাকী মেকআপ আৰ্টিষ্টো জড়িত আছিল এই কামত। ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। Youtube, Instragramত Followers অধিক থকা যুৱতীক টাৰ্গেট কৰি আছিল এই চক্ৰটোৱে।

Post a Comment

0 Comments