বানত নিহতসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিব চৰকাৰে, উপায়ুক্তক দিলে নির্দেশনা

Cannot pay Rs 4 lakh compensation to Covid victims, would exhaust disaster  funds: Centre tells SC - Coronavirus Outbreak News 

 মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে বান পৰিস্থিতি আৰু বানত আক্ৰান্ত লোকৰ ক্ষতিপূৰণক এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীয়ে আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশত থকা পৰিয়ালক ৩,৮০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱাৰ বিষয়ে অৱগত কৰাৰ লগতে বানত মৃত্যুবৰণ কৰা লোকৰ বিপৰীতে ৪ লাখকৈ টকা প্ৰদানৰ কথা ঘোষণা কৰে (Compensation to Flood Victim)।.

বানত নিহতসকলক চাৰি লাখকৈ টকাৰ সাহায্য শীঘ্ৰে প্ৰদানৰ বাবে জিলা উপায়ুক্তসকলক তথ্য তথা প্ৰমাণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

ইয়াৰ লগতে ২০ জুলাইৰ পিছত চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ জিলাই জিলাই গঠন কৰা ট্ৰাস্ক ফ'ৰ্চবোৰে প্ৰতিটো পৰিয়ালত কিমান পশুধন মৰিল, উটি গ'ল বা অন্যান্য সা-সামগ্ৰীৰ ক্ষতি হ'ল তাৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিয়ে।

Post a Comment

0 Comments