কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান, প্ৰৱেশদ্বাৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ ...

 Cotton students ban BJP-RSS entry into campus 

কটন বিশ্ববিদ্যালয়ত হুৱাদুৱা। প্ৰতিবাদমুখৰ হৈ উঠিল বহু ছাত্ৰ ছাত্ৰী। কটন বিশ্ব বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কটনিয়ানৰ।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পিছতে উত্তাল হৈ পৰিল কটন বিশ্ববিদ্যালয়ৰ বাকৰি। আনকি খং আৰু ক্ষোভত ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই কটনিয়ানে সাব্যস্ত কৰিলে প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অভিষেক মহন্ত। ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি কাম কৰাৰ আশাতে কটনিয়ানে সাধাৰণ সম্পাদকৰ পদত জয়ী কৰোৱা অভিষেকৰ এনে পদক্ষেপে আচৰিত কৰি তুলিছে কটনীয়ানক। আনকি অভিষেকৰ এই পদক্ষেপৰ পিছত প্ৰতিবাদৰ জোৱাৰ উঠিছে এম এন ডি পি হোষ্টেলটো। হাতত পত্ৰ লৈ প্ৰতিবাদ কৰিলে এম এন ডি পি হোষ্টেলৰ ছাত্ৰই। ছাত্ৰ ছাত্ৰীৰ হৈ কাম কৰিবলৈ ওলাই অহা অভিষেকে হঠাৎ ছাত্ৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগদান কৰা বিষয়টোৱে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত। অভিষেক মহন্তই এনে পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কটন বিশ্ববিদ্যালয়ৰ প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীয়ে। ৰাজপথলৈ ওলাই আহি বহুসময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে কটনিয়ানে।

Post a Comment

0 Comments