গড়গাঁও মহাবিদ্যালয়ত ৫টা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুমোদন

গড়গাঁও মহাবিদ্যালয়ত ৫টা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুমোদন

শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ত এই বৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৫ টা বিষয় ক্ৰমে ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী, শিক্ষাতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ অনুমোদন লাভ কৰিছে বুলি জানিবলৈ দিয়ে  মহাবিদ্যালয়খনৰ অধ্যক্ষ সব্যসাচী মহন্তই৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মহাবিদ্যালয়খনলৈ আগবঢ়োৱা এই অনুমোদনত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ কৰ্মকৰ্তাৰ লগতে বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল৷

Post a Comment

0 Comments