আইন–শৃংখলাক লৈ অমিত শ্বাহে ক’লে – যিসকলে অশান্তি কৰিছিল, তেওঁলোকে আজি জে’লৰ ৰুটি চিঙি আছে

 


দেশৰ গৃহমন্ত্ৰী অমিত শ্লাহে আইন–শৃংখলাক লৈ ডাঙৰ মন্তব্য কৰিছে। অমিত শ্বাহে কয় যে যিসকল লোকে পূৰ্বে অশান্তি কৰিছিল, তেওঁলোকে এতিয়া জে’লৰ ৰুটি চিঙি আছে। এয়া স্পষ্ট যে বিজেপিৰ বাবে আইন–শৃংখলা আটাইতকৈ ডাঙৰ ইছ্যু। প্ৰাক্তন বিপেজিপ অধ্যক্ষগৰাকীয়ে এই কথা নিউজ১৮ৰ সৈতে হোৱা এক্সক্লুছিভ সাক্ষাৎকাৰত উল্লেখ কৰে। অমিত শ্বাহে নেটৱৰ্ক১৮ৰ এমডি আৰু গ্ৰুপ এডিটৰ–ইন–চীফ ৰাহুল যোশীৰ সৈতে উত্তৰ প্ৰদেশৰ নিৰ্বাচন, হিজাব বিতৰ্কৰ পৰা আৰম্ভ কৰি কাশ্মীৰত নিৰ্বাচন সন্দৰ্ভত বাৰ্তালাপ কৰে (Amit Shah interview)। এই সাক্ষাৎকাৰ আজি নিশা ৮ বজাত News18ত চাব পাৰিব।

এক্সক্লুছিভ সাক্ষাৎকাৰত ৰাহুল যোশীয়ে প্ৰশ্ন কৰে যে বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ ইছ্যু আইন–শৃংখলা নেকি? এই সন্দৰ্ভত অমিত শ্বাহে কয়, ‘ইয়াত কোনো সন্দেহ নাই। ইয়াক সহজে বুজিব পাৰি। পূৰ্বে এফআইআৰ নাছিল, এতিয়া আছে। সমাজবাদী পাৰ্টী চৰকাৰৰ দিনত এটা ধৰ্ম বিশেষক ৰেহাই দিয়া হৈছিল। মেৰঠৰ পৰা মানুহে পলায়ন কৰিবলৈ বাধ্য হৈছিল। কোটি টকাৰ ভূমি গুণ্ডা বাহিনীয়ে কব্জা কৰিছিল। যোগী চৰকাৰৰ দিনত ৭২ শতাংশ ডকাইতিৰ ঘটনা কম হৈছে। লুটপাটৰ ঘটনা ৬২ শতাংশ, বলাৎকাৰৰ ঘটনা ৫০ শতাংশ হ্ৰাস পাইছে।

Post a Comment

0 Comments