ৰাছিয়াৰ গোলাবৰ্ষণত ইউক্ৰেইনত এতিয়ালৈ সেনা আৰু সাধাৰণ নাগৰিকসহ ১৩৭জনৰ মৃত্যু, জনালে জেলেনস্কীয়ে


 বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে (Vladimir Putin) ঘোষণা কৰে যে পূব ইউৰোপৰ ডনবাছত সামৰিক অভিযান চলাব ৰাছিয়াৰ সেনা বাহিনীয়ে। ইউক্ৰেইনৰ (Ukraine) সেনা বাহিনীক পুটিনে বাৰ্তা দিলে, অস্ত্ৰ এৰি ঘৰলৈ যাবলৈ। জনায়, দুই দেশৰ বাহিনীৰ সংঘৰ্ষ কেৱল সময়ৰ অপেক্ষা। লগতে বাহিৰৰ কোনো শক্তিয়ে বাধা দিয়াৰ চেষ্টা চলালে তাৰ ফল ভাল নহ’ব বুলিও সকীয়নি দিয়ে ৰাষ্ট্ৰপতি পুটিনে।

ইয়াৰ পিছতে আৰম্ভ হয় গোলাবৰ্ষণ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আন এক ভয়ংকৰ ৰক্তক্ষয়ী যুদ্ধৰ সন্মুখীন ইউক্ৰেইন আৰু ইউৰোপ। এতিয়ালৈ ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ সেনা আৰু সাধাৰণ লোক মিলাই মুঠ ১৩৭ জনৰ মৃত্যু হৈছে বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীয়ে জনাইছে।

ৰাছিয়াৰ সেনাই ক্ৰমে ইউক্ৰেইনৰ ৰাজধানী কিভেৰ দিশে আগুৱাইছে। সেনা প্ৰত্যাহাৰৰ বাবে কোনো আগ্ৰহ দেখুওৱা নাই পুটিনে। ইয়াৰ মাজতো তেওঁলোকে যুদ্ধ চলাই যাব বুলি জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে। ৰাছিয়াৰ বিশাল সেনা বাহিনীৰ তুলনাত তেওঁলোক বহু কম শক্তিশালী হ’লেও নিজৰ দেশক ৰক্ষা কৰিবলৈ মৃত্যু পৰ্যন্ত যুঁজ চলাই যাব বুলি জনাইছে ইউক্ৰেইন চৰকাৰে।

বিগত ২৪ ঘণ্টাত ইউক্ৰেইনত প্ৰতিনিয়ত ক্ষেপণাস্ত্ৰ বৰ্ষণ কৰিছে ৰাছিয়াই। ৰাজধানী কিভেৰ বতাহত এতিয়া বাৰুদৰ গোন্ধ। ধোঁৱাই আৱৰিছে আকাশ। ইউক্ৰেইন আক্ৰমণৰ প্ৰথমদিনা তেওঁলোক সফল হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত আটাইতকৈ ডাঙৰ যুদ্ধৰ প্ৰথমটো দিনত বিবৃতি দি এই কথা জনাইছে ৰাছিয়াই। বৃহস্পতিবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হৈছে, ইউক্ৰেইনত সামৰিক অভিযানৰ প্ৰথম দিনটোত তেওঁলোকে তেওঁলোকৰ সকলো ‘টাৰ্গেট’ স্পৰ্শ কৰিছে।

Post a Comment

0 Comments