পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰাছিয়া ভ্ৰমণক লৈ আমেৰিকাৰ প্ৰতিক্ৰিয়া

 


যুদ্ধৰ ডাৱৰ আকাশত ওলমি থকা অৱস্থাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৰাছিয়ালৈ চৰকাৰী ভ্ৰমণ কৰিছিল কালি বুধবাৰে। এই কথাই সকলোকে কৌতূহলী কৰি তুলিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ (Pakistan Prime Minister Imran Khan) মস্কো ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আমেৰিকাই কয় যে ইউক্ৰেইনত ৰাছিয়াৰ কাৰ্যকলাপৰ ওপৰত আপত্তি প্ৰকাশ কৰাটো প্ৰতিখন "দায়িত্বশীল" দেশৰ দায়িত্ব (responsibility of every "responsible" country)। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ পৰিস্থিতি সম্পৰ্কে পাকিস্তানক নিজৰ স্থিতিৰ বিষয়ে অৱগত কৰিছে।

মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ (Russians President Vladimir Putin) সৈতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ নিৰ্ধাৰিত বৈঠকৰ বিষয়ে সোধাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইচে (US State Department spokesperson Ned Price) কয়- "আমি ৰাছিয়াৰ ইউক্ৰেইনত পুনৰ আক্ৰমণ সন্দৰ্ভত আমাৰ স্থিতি পাকিস্তানক অৱগত কৰিছোঁ আৰু যুদ্ধৰ ওপৰত কূটনীতি ৰক্ষাৰ আমাৰ প্ৰচেষ্টাৰ বিষয়ে আমি তেওঁলোকক অৱগত কৰিছো।"

উল্লেখ্য, পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে বুধবাৰে কৰা মস্কো ভ্ৰমণ অৰ্থনৈতিক সহযোগিতা বুলি উল্লেখ কৰিছিল। ইয়াৰ লগতে তালিবান নিয়ন্ত্ৰিত আফগানিস্তান সন্দৰ্ভতো কথা পতাৰ বিষয়ে  কৈছিল।

কিন্তু ৰাছিয়া আৰু পশ্চিমৰ মাজত বাঢ়ি অহা সংকট তথা ৰাছিয়াৰ সৈন্যই পূব ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী অঞ্চলত প্ৰৱেশ কৰাৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰা প্ৰথম বিদেশী নেতা হৈছে ইমৰান খান।

Post a Comment

0 Comments