ইউক্ৰেইনত হিংসা বন্ধ কৰিবলৈ পুটিনক ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ


 ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন (Vladimir Putin)ক ইউক্ৰেইনত হিংসা বন্ধ কৰিবলৈ ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে। শেহতীয়াকৈ ইউক্ৰেইন সংকট (Ukraine Crisis)ক লৈ টেলিফোনযোগে পুটিনৰ সৈতে বাৰ্তালপ কৰে নৰন্দ্ৰ মোদীয়ে। মোদীয়ে যথাশীঘ্ৰে হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় পুটিনক।

মোদীয়ে লগতে এই ইউক্ৰেইনত থকা ভাৰতীয় সকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰসংগটোও উত্থাপন কৰে পুটিনৰ আগত। বিশেষকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা আৰু ভাৰতীলৈ তেওঁলোকৰ নিৰাপদ স্থানান্তৰনৰ প্ৰসংগও উল্লেখ কৰে মোদীয়ে।

ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনক লৈ শেহতীয়া পৰস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰায়।  দুয়োগৰাকী নেতাই দুই দেশৰ কূটনৈতিক আৰু বিষয়া পৰ্যায়ৰ আলোচনা আৰু যোগাাযোগ অব্যাহত ৰাখিব যাতে উমৈহতীয়া সকলোধৰণৰ বিষয় সমাধান কৰিব পৰা যায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাছিয়া আৰু নাটো (NATO) দেশসমূহৰ মাজত থকা মতনৈক্য একমাত্ৰ সৌহাৰ্দপূৰ্ণ আৰু নৈষ্ঠিক আলোচনাৰ মাজেৰেহে সমাধান কৰিব পৰা যাব।

টেলিফোনিক বাৰ্তালাপৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO) এই কথা জনাইছে।

Post a Comment

0 Comments