হাতে–হাতে চোকা অস্ত্ৰ লৈ আহি অসমৰ মাটি দখল! বিহালীৰ নাহৰজানত পুনৰ অৰুণাচলীৰ আগ্ৰাসন


 অসম আৰু অসমীয়াৰ ভূমিত চুবুৰীয়া অৰুণাচলীয়ে চলাইছে অবাধ ভূমি বেদখল৷ বিহালীৰ নাহৰজানত পুনৰ অৰুণাচলীৰ আগ্ৰাসন৷ অসমৰ বৃহৎ পৰিমাণৰ ভূমি নিজৰ দখললৈ নিয়াৰ পৰিকল্পনা অৰুণাচলীৰ৷ বিহালীৰ অসম-অৰুণাচল সীমান্তৰ নাহৰজানত একাংশ অৰুণাচলী লোকে অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত চলাইছে অসমৰ ভূমি বে-দখল কাৰ্য৷ স্থানীয় লোকৰ পৰা পোৱা তথ্য অনুসৰি, অৰুণাচলৰ টাৰাচু অঞ্চলৰ টক্ নেৰু, টাচ্চা কাছাৰ নামৰ ব্যক্তি দুজনৰ নেতৃত্বত চলিছে এই ভূমি দখল কাৰ্য৷

ইতিমধ্যে দুই অৰুণাচলীৰ নেতৃত্বত হাবি-জংঘল,গছ-গছনি কাটি দখল কৰিছে ৩০ বিঘাতকৈও অধিক অসমৰ ভূমি৷ বাহৰ জেওৰা দি অসমৰ মাটিত খেতি–বাতি কৰাৰ লগতে ৰাবাৰ বাগান খুলি বৃহৎ পৰিমাণৰ ভূমি নিজৰ দখললৈ নিয়াৰ চেষ্টা অৰুণাচলীৰ৷ যাৰ পৰিপেক্ষিতত অঞ্চলটোত পুনৰ এক চেপা উত্তেজনাই বিৰাজ কৰিছে৷ নাহৰজান বন সুৰক্ষা শিবিৰৰ কাষেৰে কিছু দূৰ লুংলুঙীয়া পথৰে আগবাঢ়ি গ'লেই দেখা পোৱা যায় অসমৰ গাঁৱৰ কাষলৈকে মাটি দখল কৰি খেতি–বাতি, ৰাবাৰ বাগিচা আদি অৰুণাচলীয়ে নিৰ্মাণ কৰাৰ দৃশ্য৷

Post a Comment

0 Comments