ৰেছন কাৰ্ড থকাসকলৰ বাবে অত্যন্ত ভালখবৰ! এতিয়াৰ পৰা বিনামূলীয়ালৈ লাভ কৰিব দুগুণ খাদ্য সামগ্ৰী

 


ৰেছন কাৰ্ড থকা সকলৰ বাবে বহু ভাল খবৰ। আপোনাৰ হাতত ৰেছন কাৰ্ড আছে যদি এমাহত দুবাৰ ফ্ৰী ৰেছনৰ সুবিধা গ্ৰহণ কৰিব পাৰে। দৰাচলতে প্ৰধানমন্ত্ৰী গৰীব কল্যান যোজনাৰ অধীনত মাৰ্চ ২০২২ পৰ্যন্ত বিনামূলীয়া কৈ ৰেছন বিতৰণ অভিযান বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰেও লৈছে ডাঙৰ সিদ্ধান্ত। ৰাজ্যখনৰ ১৫ কোটিতকৈ অধিক ৰেছন কাৰ্ড থকা গ্ৰাহকক বিনামূলীয়াকৈ দুগুণ ৰেছন দি থকা হৈছে। যোগী চৰকাৰে হোলী পৰ্যন্ত এই ম্যাদ বৃদ্ধি কৰিছে।

দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰভাৱে কেইবাটাও আঁচনি চলাই আছে। এই আঁচনিবোৰৰ সুবিধা লৈ, বহুলোকে তেওঁলোকৰ জীৱন উন্নত কৰি আছে। একে সময়তে, মানুহক আৰ্থিকভাৱেও শক্তিশালী কৰিছে। এই আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা। কেন্দ্ৰই আঁচনিখন মাৰ্চলৈকে বৃদ্ধি কৰিছে।

Post a Comment

0 Comments