পুটিনৰ সৈতে কথা পাতিলে মোদীয়ে, আলোচনাৰ মাধ্যমেৰে শান্তি ঘূৰাই অনাৰ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

 


ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ (Vladimir Putin) সৈতে কথা পাতিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi)। ৰাছিয়া আৰু নেটোৰ মাজত যি মতপাৰ্থক্য হৈছে, সেয়া আন্তৰিক আৰু সৎ কূটনৈতিক আলোচনাৰ জৰিয়তে দূৰ কৰা সম্ভৱ বুলি ক’লে নৰেন্দ্ৰ মোদীয়ে (Narendra Modi talks with Vladimir Putin)। লগতে শীঘ্ৰে হিংসা বন্ধ কৰাৰো আৰ্জি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক বিজ্ঞপ্তিযোগে এই কথা জনোৱা হৈছে।

পুটিনৰ সেউজ সংকেতৰ পিছতে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আরম্ভ কৰিছে ৰুছ সেনাই। যাৰ তীব্ৰ বিৰোধিতা কৰিছে আমেৰিকাসহ নেটোৰ অন্তৰ্ভুক্ত দেশসমূহে। যি সংঘাতক কেন্দ্ৰ কৰি তৃতীয় বিশ্বযুদ্ধৰ আশংকাও উলাই কৰা নাই বিশেষজ্ঞসকলে।

এই পৰিস্থিতিৰ মাজতে শান্তি ঘূৰাই অনাৰ বাৰ্তা লৈ ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনযোগে কথা পাতিলে নৰেন্দ্ৰ মোদীয়ে। যিহেতু ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক ভাল, সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাতে সামৰিক আক্ৰমণ বন্ধ কৰাৰ বাবে ৰাছিয়াক আহ্বান জনায় তাৰ বাবে অনুৰোধ কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে।

Post a Comment

0 Comments