এক লাখ চাকৰিৰ এটা চাকৰি আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ এলেন দেউৰীক দিয়ক! মুখ্যমন্ত্ৰীক এই অনুৰোধ অসমৰ খেলুৱৈৰ


 অসমৰ অন্যতম সফল ফুটবলাৰ হ'ল এলেন দেউৰী (Alen Deori)। গুৱাহাটীৰ নুনমাটীৰ পৰা গৈ বিশ্বৰ বিভিন্ন দেশত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰা এলেন দেউৰী আজি এলাগী। জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ প্ৰতিটো বয়সৰ গ্ৰুপতে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা এলেন দেউৰীয়ে এতিয়া অপেক্ষাত আছে চৰকাৰী কৰ্মসংস্থানৰ (Alen Deori Need A Govt Job) বাবে।

ভাৰতীয় আই লীগ (I League)ত শ্বিলং লাজং আৰু ইণ্ডিয়ান ছুপাৰ লীগ (Indian Super League, ISL) ত প্ৰথমে জন আব্ৰাহামৰ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱ (NEUFC) আৰু পিছলৈ মুম্বাই চিটি ফুটবল ক্লাৱ (Mumbai City FC)ৰ হৈ খেলা দেশৰ দুৰ্দান্ত ফৰৱাৰ্ড এলেন দেউৰী সম্প্ৰতি আঘাট প্ৰাপ্ত। আঘাটৰ সমস্যাৰ মাজতে সম্প্ৰতি গুজৰাটৰ এটা ক্লাৱৰহৈ ভাৰতীয় আই লীগৰ বি ডিভিজনত খেলি থকা এলেন দেউৰীক এতিয়া অতিকৈ প্ৰয়োজন এটা চৰকাৰী চাকৰিৰ।

ঘৰৰ মুৰব্বী এলেনৰ পিতৃ ৰোজ দেউৰীও সম্প্ৰতি অসুস্থ। পিতৃয়ে এখন অটো চলাই ঘৰখন চলাইছিল কিন্তু বৰ্তমানে তেওৰ এটা অস্ত্ৰোপচাৰ হোৱাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেয়ে এলেন দেউৰীক মুখ্যমন্ত্ৰীয়ে দিবলগীয়া এক লাখ চাকৰিৰ এটা চাকৰি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক অনুৰোধ জনাইছে ক্ৰীড়া সাংবাদিক, ফুটবলাৰ আৰু ৰাজ্যৰ ক্ৰীড়া প্ৰেমীয়ে।

Post a Comment

0 Comments