'যুদ্ধ প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে সহায় কৰক, কথা পাতক পুটিনৰ সৈতে'- ইউক্ৰেইনৰ ৰাজদূতে জনালে আহ্বান


 আৰম্ভ হ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। বৃহস্পতিবাৰে ইউক্ৰেইন আক্ৰমণ কৰিলে ৰাছিয়াই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আজি মিলিটেৰী এটেক কৰিবলৈ দিলে অনুমতি। ইয়াৰ পিছতে ৰাছিয়ান সেনাই হেলিকপ্টাৰেৰে এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰিছে। বহু অঞ্চলত বিস্ফোৰণ সংঘটিত কৰাৰ খবৰ আহিছে। এই পৰ্যন্ত আক্ৰমণত ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাজদূত ইগোৰ পোলখাই ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ পৰা সহায় বিচাৰে কৰিছে আবেদন।

ইউক্ৰেইন আক্ৰমণৰ সন্দৰ্ভত ভাৰত চৰকাৰক ৰাছিয়াৰ সৈতে কথা পাতিবলৈ আহ্বান জনাইছে। ভাৰতে এই পৰ্যন্ত যুদ্ধৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰা নাই। কেৱল শান্তিৰে সমস্যা সমাধান কৰাৰ কথা কৈছে।

ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদন অনুসৰি, ইগোৰ পোলখাই কৈছে যে, ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক ভাল। নতুন দিল্লীয়ে ইউক্ৰেইন-ৰাছিয়া বিবাদ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে। এনে পৰিস্থিতিত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু আমাৰ ৰাষ্ট্ৰপতি ভালোডিমিৰ জেলেনস্কিৰ সৈতে তৎক্ষণাৎ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছো।

ইফালে, কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনত বাস কৰা শিক্ষাৰ্থীসকলৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে। একে সময়তে, তাত আৱদ্ধ লোকসকলে প্ৰদত্ত ৱেবছাইটত সহায় বিচাৰিব পাৰে। দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ নিয়ন্ত্ৰণ কক্ষই এতিয়া 24×7 দিনেই কাম কৰিব। ইয়াৰ জৰিয়তে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থী, নাগৰিকসকলক সহায় কৰা হ'ব।

Post a Comment

0 Comments