ইউক্ৰেইনৰ সকলো পথত আঁতৰাই দিয়া হ’ল পথচিহ্ন, ছাইনব’ৰ্ড! কাৰণ জানিলে আচৰিত হ’ব


 ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলিছে তুমুল যুদ্ধ (Russia Ukraine War)। ইউক্ৰেইনৰ (Ukraine ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজধানী কিভ এৰি পলায়ন কৰিছে বুলি ৰাছিয়াৰ (Russia) সংবাদ মাধ্যমৰ দাবী। তেওঁক ইউক্ৰেইনৰ পৰা নিৰাপদে উলিয়াই নিয়াৰ পৰামৰ্শ দিছিল আমেৰিকায়ো। কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ ডেলেনস্কীয়ে (Volodymyr Zelensky) কিভৰ পথৰ পৰা ভিডিঅ’ বাৰ্তাত স্পষ্ট কৰি দিছে যে এৰি তেওঁ পলাই যোৱা নাই। বৰং দেশবাসীৰ ওচৰত তেওঁৰ আবেদন, কোনোভাৱেই ৰাছিয়াৰ আক্ৰমণৰ ওচৰত আত্মসমৰ্পণ নকৰে যেন তেওঁলোকে। এই পৰিস্থিতিত পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা এটা ইউক্ৰেনীয় কোম্পানীয়ে কৈছে, তেওঁলোকে ৰাস্তাৰ চিহ্নসমূহ মচি পেলাইছা বা আঁতৰাই দিছে, যিটো ৰাছিয়ান সৈনিকৰ বাবে ইউক্ৰেইনত পথ বিচাৰি পোৱাত অসুবিধাৰ সৃষ্টি কৰিব।

ইউক্ৰেভটোডৰ নামৰ এই প্ৰতিষ্ঠানটোৱে ফেচবুকত জনাইছে, ‘‘সত্ৰুৰ যোগাযোগ দুৰ্বল, তেওঁলোকে স্থলপথত নেভিগেট কৰিব নোৱাৰে। আহক আমি তেওঁলোকক পোনে পোনে নৰকলৈ যোৱাৰ বাবে সহায় কৰো।’’

ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত প্ৰতিৰোধ গঢ়ি তোলা যে ইউক্ৰেইনৰ বাবে কাৰ্যত অসম্ভৱ তাক লৈ সন্দিহান নহয় কোনো। ৰাছিয়াই কিভ দখল কৰিলে ৰাষ্ট্ৰপতি জেলেনস্কীৰ বন্দী হোৱাৰ সম্ভাৱনা প্ৰবল। তাৰ পিছতে বিপদৰ সময়ত দেশ এৰি যাবলৈ বিচৰা নাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। আনকি দেশখনৰ মানুহেও নিজৰ হাতত অস্ত্ৰ তুলি লৈছে। ইতিমধ্যে ৰাজধানী কিভত আঘাত হানিবলৈ আৰম্ভ কৰিছে ৰাছিয়ান সেনাই। ইউক্ৰেইনৰ সেনাৰ ঘাটিসমূহ লক্ষ্য কৰি নিক্ষেপ কৰিছে মিছাইল।

Post a Comment

0 Comments