৫ বছৰীয়া শিশুৱে চকলেট বুলি খালে যৌন শক্তিবৰ্ধক টেবলেট, তাৰ পিছত লাগিল অথন্তৰ, হায়ৰান চিকিৎসক

 


বিহাৰৰ খগড়িয়াত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। এটি ৫ বছৰীয়া শিশুৱে চকলেট বুলি ভুলতে খাই পেলালে যৌন শক্তিবৰ্ধক টেবলেট। ঘৰত ৰখা মেনফ’ৰ্চ টেবলেট (Manforce Tablet) একেলগে চাৰিটা খাই দিয়ে শিশুটিয়ে। যেতিয়া টেবলেটৰ প্ৰতিক্ৰিয়া আৰম্ভ হয় তেতিয়া শিশুটিক পিতৃ–মাতৃও উপায়ন্তৰ হৈ হাস্পতাললৈ লৈ যায় শিশুটিক।

খগৰিয়া সদৰ হাস্পতালত শিশুটিক লৈ উপস্থিত হয় পিতৃ–মাতৃ। হাস্পতালৰ এমাৰজেঞ্চী বিভাগত উপস্থিত চিকিৎসকে কয় যে শিশুটিয়ে ঘৰত ৰখা মেনফ’ৰ্চ টেবলট চকলেট বুলি ভাবি খাই দিয়ে। একেলগে চাৰিটা টেবলেট খোৱাৰ পিছত শিশুটিৰ গুপ্তাংগ কঠোৰ হোৱাৰ লগতে শৰীৰত ঘাম ওলাইছিল আৰু ছটফটাই আছে।

শিশুটিৰ এই সমস্যাৰ কথা শুনি চিন্তিত হৈ পৰে চিকিৎসক। এনেধৰণৰ ঘটনা পূৰ্বে কেতিয়াও পোৱা নাছিল তেওঁ। এই ঘটনা কেনেকৈ চম্ভালিব একো ধৰিব পৰা নাছিল চিকিৎসকে। তাৰ পিছত চিকিৎসক বৰকত আলীয়ে পাটনাৰ এইমছৰ শিশু বিশেষজ্ঞক ফোন কৰি সমগ্ৰ ঘটনা বিৱৰি কয়। এইমছৰ চিকিৎসকো এই ঘটনা শুনি আচৰিত হয়। কিন্তু এইমছৰ শিশু বিশেষজ্ঞজনে বৰকত আলীক পৰামৰ্শ দিয়ে যে শিশুটিক বমি কৰালে হয়তো সকাহ পাব।

ইয়াৰ পিছতে চিকিৎসক বৰকত আলীয়ে নিমখ মিহলি পানী খুৱাই শিশুটিক বমি কৰোৱায়। প্ৰায় এঘণ্টাৰ অন্তত শিশুটি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। খগৰিয়াৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ দীপকে কয় যে মেনফ’ৰ্চ টেবলেট প্ৰাপ্তবয়স্ক লোকৰ বাবে। ৫ বছৰীয়া শিশুৱে যদি এই টেবলেট খায়, সেয়াও চাৰিটাকৈ টেবলেত, তেওঁ ক্লান্ত হৈ পৰিব। ব্লাড প্ৰেছাৰ বাঢ়িব, হৃদস্পন্দন বাঢ়িব আৰু হাৰ্টত সমস্যা হ’ব পাৰে। চিকিৎসাত পলম হ’লে মৃত্যুও হ’ব পাৰে। এই ধৰণৰ ঔষধ শিশুৰ পৰা সদায় আঁতৰত ৰাখিব লাগে।

Post a Comment

0 Comments