গুৱাহাটী মহানগৰীত দুৰ্বৃত্তৰ গুলীত আহত হোৱা ব্যৱসায়ীৰ মৃত্যু

 


গুৱাহাটী মহানগৰীত দুৰ্বৃত্তৰ গুলীত আহত হোৱা ব্যৱসায়ীৰ মৃত্যু। সোমবাৰে নিশা ছাত্ৰীবাৰীত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল অৱদেশ কুমাৰ যাদৱ নামৰ ব্যৱসায়ীজন। গোপাল মেনচন এপাৰ্টমেণ্টৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ীজনলৈ গুলীচালনা কৰিছিল। নিশা ৮ বাজি ৩০ মিনিটত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ পিছতেই বাইক আৰু ম’বাইল এৰি পলায়ন কৰিছিল বাইকত অহা দুই দুৰ্বৃত্তই।

আৰক্ষীয়ে জব্দ কৰে AS 13D 4033 নম্বৰৰ পালচাৰ বাইকখন। RTOৰ তথ্য অনুসৰি বাইকখনৰ নম্বৰ প্লেট ভুৱা। অস্ত্ৰধাৰী দুৰ্বৃত্ত দুটাৰ এটাই হেলমেট আৰু আনটোৱে মাস্ক পৰিধান কৰি আহিছিল।

উল্লেখযোগ্য যে, চাৰি সন্তানৰ পিতৃ অৱদেশ যাদৱে কাপোৰ, ট্ৰান্সপ’ৰ্টেচন আৰু নুডলচৰ ব্যৱসায় কৰিছিল। এই ঘটনাৰ পিছত নিশাই ঘটনাস্থলীত উপস্থিত হয় SDGP জি পি সিং, DIG হৰমিত সিং। ঘটনা সন্দৰ্ভত SDGP জি পি সিঙৰ মন্তব্য,  ‘শীঘ্ৰেই কৰায়ত্ত কৰা হ’ব দুৰ্বৃত্তক। ঘটনা সন্দৰ্ভত তদন্ত চলি আছে।’

Post a Comment

0 Comments