কেচি ডিজিটেল ফিল্মছৰ চুটি ছবি AWMI ইউটিউবত মুকলি, পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে

 


কেচি ডিজিটেল ফিল্মছৰ 'AWMI-It's not always what you think' শীৰ্ষক এখন চুটি ছবি ২৬ ফেব্ৰুৱাৰী শনিবাৰে তেওঁলোকৰ ইউটিউব চেনেলত মুকলি কৰা হয়। ইয়াক ৰাষ্ট্ৰীয় বঁটা বিজয়ী সমুজ্জল কাশ্যপে পৰিচালনা কৰিছে।

কেচি ডিজিটেল ফিল্মছ ইউটিউব চেনেলত এৰেঞ্জড ১ আৰু ২, লাভবাৰ্ডছ, মায়া বাইডেউ, আৰু দ্য ৰেডিঅ' গাইৰ দৰে সফল চুটি ছবি মুকলি কৰাৰ পিছত এইবাৰ 'AWMI-It's not always what you think'ৰ জৰিয়তে এই প্লেটফৰ্মত যাত্ৰা আৰম্ভ কৰিছে। সমুজ্জল কাশ্যপৰ এই চুটি ছবিত স্তুতি চৌধুৰী আৰু কমল লোচন মুখ্য ভূমিকাত আছে।

একাধিক ৰূপকৰ মাধ্যমৰে মানৱ মনৰ অন্বেষণক চিত্ৰিত কৰা 'AWMI-It's not always what you think'ত কমল লোচন আৰু স্তুতি চৌধুৰীৰ অভিনয়ে পূৰ্বৰ দৰে দৰ্শকক এখন সুন্দৰ চুটি ছবিৰ মনোৰঞ্জন দিব পাৰে।

চলচ্চিত্ৰখন সমসাময়িক ঘটনাৱলীৰ ওপৰত নিৰ্মিত, আৰু ইয়াৰ পটভূমি চহৰীয়া। চলচ্চিত্ৰখনৰ কাহিনী ৰক নবিছৰ আৰু সংলাপ শশাংক সমীৰৰ।
চুটি ছবিখনৰ DOP আশুতোশ কাশ্যপ, সম্পাদনা কৰিছে গৌতম মজুমদাৰে। সহ পৰিচালকৰ ৰূপত আছে বিদিশা কাশ্যপ, মেক-আপত বিশ্ব কলিতা। সংগীত নৱাৰুণ বৰাৰ।

Post a Comment

0 Comments