উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ ৮খনকৈ বিদ্যালয়ত নতুন নামভৰ্তি প্ৰক্ৰিয়া বন্ধৰ নিৰ্দেশ

 


উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ শেহতীয়া এক নিৰ্দেশনাক লৈ এতিয়া চৌদিশে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, বিগত ২৪ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তৰফৰ পৰা দিয়া নিৰ্দেশনাত ইয়াৰ অধীনস্থ ৮খনকৈ বিদ্যালয়ত নতুন নামভৰ্তি প্ৰক্ৰিয়া বন্ধৰ নিৰ্দেশ দিয়া হৈছে। এই বিদ্যালয়সমূহৰ ভিতৰত আছে অসমৰ ৬ খনকৈ বিদ্যালয় ক্ৰমে আদাবাৰী ৰে'লৱে ডিটিপি বিদ্যালয়, পাণ্ডু ৰে'লৱে প্ৰাথমিক বিদ্যালয়, আমিনগাঁও ৰে'লৱে প্ৰাথমিক বিদ্যালয়, মৰিয়নী ৰে'লৱে প্ৰাথমিক বিদ্যালয়, তিনিচুকীয়া ৰে'লৱে প্ৰাথমিক বিদ্যালয় আৰু ডিব্ৰুগড় ৰে'লৱে ডিটিপি বিদ্যালয়।

ইয়াৰোপৰি ডিমাপুৰ ৰে'লৱে হাইস্কুল আৰু বিহাৰৰ বাৰছৈ ৰে'লৱে ডিটিপি বিদ্যালয়তো নতুন নামভৰ্তি বন্ধৰ বাবে দিয়া হৈছে নিৰ্দেশ। অৱশ্যে উক্ত জাননীত বৰ্তমান অধ্যয়নৰত শিক্ষাৰ্থীৰ পাঠদানত কোনো ব্যাঘাত নজন্মে বুলি উল্লেখ কৰাৰ লগতে প্ৰয়োজনসাপেক্ষে শিক্ষাৰ্থীসকলক অন্য ৰে'লৱে বিদ্যালয়লৈ স্থানান্তৰ কৰা হ'ব বুলি জনোৱা হৈছে।

 

Post a Comment

0 Comments