শিৱসাগৰত নিশা দপ দপকৈ জ্বলিল এখন এল্ট' বাহন, বাল্টিঙত পানী লৈ জুই নুমুৱালে অগ্নিনিৰ্বাপক বাহিনীয়ে

 


শিৱসাগৰ জিলাৰ বকতা  বৰদেউধাই গাঁৱৰ ৰাজপথত যোৱা নিশা দপ দপকৈ জ্বলি উঠিল এখন মাৰুতি এল্ট' বাহন। চেপন চুণপোৰা পথৰ ওপৰত  নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলতে অগ্নিৰ সূত্ৰপাত হয় বাহনখনত৷ পৰৱৰ্তী সময়ত অগ্নিকাণ্ডত ভষ্মীভূত হয় এল্ট' বাহনখন ৷

দূৰ্ঘটনাত পিতত বাহন খনৰ নম্বৰ AS-06-V-0891। বাহনখনৰ চালকজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও জুইত জাহ যায় বাহনখন৷ জুইৰ লেলিহান শিখাই এল্ট' বাহনখন সম্পূৰ্ণ ৰূপে আগুৰি ধৰাত স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত অৱশেষত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে জুইত ভস্মীভূত হয় বাহনখন।

ঘটনাস্থলীত নেমুগুৰি আৰক্ষী সময়মতে উপস্থিত হয় যদিও বহুপলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল৷ আনহাতে আগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ সৈতে স্থানীয় লোকে বাল্টিঙত পানী কঢ়িয়াই বাহনখনৰ জুই নিৰ্বাপন কৰিব লগা হয় ৷

Post a Comment

0 Comments