ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকৰ উদ্ধাৰ কাৰ্য অব্যাহত, দ্বিতীয়খন বিমানত আহিল ২৫০ গৰাকী


ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ (Russia Ukraine War) ক্ৰমে ভয়ংকৰ হৈ পৰাৰ মাজতে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় লোকক (Indian Nationals in Ukraine) উদ্ধাৰৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে ৰোমানিয়া (Romania)ৰ বুখাৰেষ্টৰ পৰা ২৫দ জন যাত্ৰী লৈ ভাৰতলৈ উৰা মাৰে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। এই যাত্ৰীসকলে ইউক্ৰেইনৰ সীমান্তৰে ৰোমানিয়াত প্ৰবেশ কৰিবলৈ সক্ষম হৈছিল।

এয়াৰ ইণ্ডিয়া (Air India)ৰ AI 1942 বিমানখনে পুৱতী নিশা প্ৰায় তিনি বজাত নতুন দিল্লীত অৱতৰণ কৰিব। ইয়াৰ পূৰ্বে আন এখন বিমানত ২১৯ গৰাকী যাত্ৰীক ৰোমানিয়াৰ পৰা স্বদেশলৈ উভতাই অনা হৈছে।

Post a Comment

0 Comments