চিকিৎসা বিজ্ঞানৰ ছাত্ৰী অসমৰ ভাৰ্গৱী গগৈ আবদ্ধ হৈ আছে ইউক্ৰেইনত, উদ্ধাৰৰ আহ্বান ভাৰত চৰকাৰক

 


ৰাছিয়াৰ আক্ৰমণৰ পাছতে ইউক্ৰেইনত (Russia Attacked Ukraine) বৰ্তমান জৰুৰী অৱস্থা ঘোষণা । শংকিত হৈ পৰিছে ভাৰতীয়ৰ লগতে অসমৰ বহু শিক্ষাৰ্থী (Assam Students in Ukraine) ৷ খাদ্য, পানী আৰু ঔষধ আগতীয়াকৈ মজুত ৰাখিবলৈ চৰকাৰী ঘোষণাৰ পিছতেই তীব্ৰ সংকটত ভূগিছে তাত থকা অসমৰ বিভিন্ন স্থানৰ ছাত্র- ছাত্ৰী সকলে । যি কোনো মূহূৰ্ততে তীব্ৰ খাদ্য সংকটত ভূগিব পাৰে জনতা ।

চিকিৎসা বিজ্ঞান বিভাগত অধ্যয়নৰত ৰহাৰ ভাৰ্গৱী গগৈ (Bhargavi Gogoi)ও বৰ্তমান আবদ্ধ হৈ আছে ইউক্ৰেইন ((Ukraine)ত। ইউক্ৰেইনত হৈ থকা শেহতীয়া অৱস্থাৰ বিষয়ে ভিডিঅ' কল যোগে জনালে ৰহাৰ ভাৰ্গবী গগৈয়ে। ভিডিঅ' কলৰ জৰিয়তে শীঘ্ৰে ভাৰত চৰকাৰক তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালে ভাৰ্গৱীৰ লগতে অসমৰ কেইবাজনো ছাত্ৰই।

Post a Comment

0 Comments