যুগ্ম জীৱনৰ এটা বছৰ পূৰ্ণ কৰিলে বৰষা ৰাণী বিষয়া আৰু ভাস্কৰে, আজি প্ৰথম বিবাহ বাৰ্ষিকীত বৰষাই এইদৰে জনালে শুভেচ্ছা...

 


জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya) আৰু ভাস্কৰৰ বিবাহে আজি এবছৰ সম্পূৰ্ণ কৰিলে।  আজি দুয়োজনৰ বিয়াৰ প্ৰথম বাৰ্ষিকী। ২০২১ চনৰ আজিৰ দিনটোতেই বিবাহপাশত আবদ্ধ হৈছিল বৰষা আৰু ভাস্কৰ। বিবাবহ বাৰ্ষিকীৰ দিনটোত অতি আবেগসনা মেছেজেৰে ছচিয়েল মিডিয়াত পোষ্ট কৰিছে বৰষা ৰাণী বিষয়াই।

বৰষাই লিখিছে, "Our special 22.2.22 first wedding anniversary. জীৱন বাটৰ সুখ দুখ, হাঁহি কান্দোন, খং অভিমানবোৰ ভগাই ললোঁ আমি দুয়ো । আশীৰ্বাদ কৰিব দেই"

এই পোষ্টটোত স্বামী ভাস্কৰ বৰুৱাক অন্তৰভৰি কৃতজ্ঞতা জনাইছে বৰষাই। ২২-০২-২২ৰ বিশেষ দিনটোত বৰষা আৰু ভাস্কৰক অসমীয়া ছবিজগতৰ তাৰকাসকলৰ লগতে অনুৰাগীয়েও জনাইছে শুভেচ্ছা।

Post a Comment

0 Comments