চাবা আজাদ এতিয়া হৃত্বিক ৰোশনৰ পৰিয়ালৰ অংশ! জল্পনা-কল্পনাৰ মাজতে খুৰাকৰ ফটোৱে কৰিলে পৰ্দা ফাচ

 


বলীউডত সম্প্ৰতি হৃত্বিক ৰোশনৰ সৈতে চাবা আজাদৰ সম্পৰ্ক কি তাক লৈ চলি আছে চৰ্চা। দুয়োকে পাপাৰাজিৰ কেমেৰাত একেলগে দেখা গৈছিল। গতিকে আচল ৰহস্য কি তাক লৈ স্বাভাৱিকতে জল্পনা-কল্পনা চলি আছে। ইয়াৰ মাজতে ইয়াক আৰু এটা মাত্ৰা দিলে হৃত্বিকে নিজেই। চাবা এতিয়া ৰোশন পৰিয়ালৰ অংশ হৈ উঠিছে। চাবাক হৃত্বিকে (Hrithik Roshan) নিজেই তেওঁৰ পৰিয়ালৰ এটা অংশ কৰি তুলিছে।

যোৱা দেওবাৰে ৰোশন পৰিয়ালে আয়োজন কৰিছিল এটা মধ্যাহ্ন ভোজনৰ। অভিনেতা হৃত্বিক ৰোশনৰ গোটেই পৰিয়ালে ইয়াত যোগদান কৰিছিল। আৰু তাৰ মাজত দেখা গৈছিল চাবাক। হৃত্বিক ৰোশনৰ খুৰাক ৰাজেশ ৰোশনে এখন ফটো শ্বেয়াৰ কৰিছিল, য'ত দেখা গৈছিল চাবাও হৃত্বিকৰ পৰিয়ালত আছে।

এতিয়া এই ছবিখনে কৌতূহলৰ মাত্ৰা আৰু বঢ়াই দিছে। দক্ষিণ ভাৰতীয় খাদ্য দুপৰীয়াৰ আহাৰৰ মেনুত আছিল। ৰাজেশে কলপাতত পৰিৱেশন কৰা খাদ্যৰ এখন ফটোও শ্বেয়াৰ কৰিছিল। তেওঁ শিৰোনামটোত লিখিছিল, "চাৰিওফালে আনন্দৰ লহৰ। বিশেষকৈ দেওবাৰে। এই মধ্যাহ্নভোজনৰ সময়ত অধিক।"

চাবা আজাদেও (Saba Azad) পোষ্টটোত মন্তব্য কৰিছিল। তেওঁ লিখিছিল, "সৰ্বশ্ৰেষ্ঠ দেওবাৰ।''  চাবাই আনকি হৃত্বিকৰ প্ৰাক্তন পত্নী চুজান খানৰ সৈতেও ভাল সম্পৰ্ক ৰাখিছে। কেইদিনমান পূৰ্বে চাবাই গোৱা গানক লৈ প্ৰশংসা কৰিছিল চুজানে। গতিকে চাবা এতিয়া হৃত্বিক ৰোশনৰ জৰিয়তে ৰোশন পৰিয়ালৰ সদস্যসদৃশ হৈ পৰিছে। কিন্তু হৃত্বিকৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ নাম কি, তাক লৈ অনুমানহে কৰিব পাৰি, সত্যটো বেকত হোৱা নাই।

Post a Comment

0 Comments