চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, হুণ্ডাই ইয়ন বাহনৰ ওপৰত বাগৰি পৰিল ট্ৰেইলাৰ

 


চিৰাঙত শনিবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। হুণ্ডাই ইয়ন বাহনৰ ওপৰত বাগৰি পৰিল এখন ট্ৰেইলাৰ। ধালিগাঁৱৰ বৰতলাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক নিহত হোৱাৰ লগতে তিনিজনকৈ লোক আহত হয়৷ AS18 D 3223 নম্বৰৰ ইয়নখনত আছিল ৪জন ব্যক্তি। কাজলগাঁও অভিমুখে গৈ থকা ইয়নখনৰ ওপৰত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰ এখন বাগৰি পৰে৷

দুৰ্ঘটনাত ইয়নখনৰ আৰোহীসকল বাহনখনৰ ভিতৰতে বহু সময় ধৰি চেপা খাই থাকে৷ স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে বহু চেষ্টাৰ অন্তত ট্ৰেইলাৰৰ তলৰ পৰা ইয়নৰ আৰোহীসকলক উদ্ধাৰ কৰে৷ চিকিৎসালয়ত ধালিগাঁও বৰতলাৰ মিৰ হাছেম আলী নামৰ লোক এজনৰ মৃত্যু ঘটে৷

আনহাতে, আহত ৰিংকু আলী দেৰাজ আলী আৰু হাচান আলী নামৰ লোক দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাৰ বাবে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহু সময় ধৰি  যান–বাহন চলাচল বন্ধ হৈ পৰে৷

Post a Comment

0 Comments