বঙাইগাঁৱত মাজনিশা নিয়ন্ত্ৰণ হেৰুৱাই দোকানত সোমাল উইংগাৰ, ৭জন আহত

 


আটাইকেইজনকে আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷

বঙাইগাঁৱৰ (Bongaigaon) অভয়াপুৰীত মাজনিশা পথ দুৰ্ঘটনা৷ অভয়াপুৰী বজাৰত দোকান ভাঙি ভিতৰত সোমাল উইংগাৰ৷ নিয়ন্ত্ৰণ হেৰুৱাই উইংগাৰখনে পথৰ দাঁতিত থকা দোকানৰ ভিতৰত সোমাই যোৱাৰ ফলত আহত হয় সাতজনকৈ যাত্ৰী ৷ 

AS 28 C 0667  উইংগাৰখনে GNRCৰ পৰা ৰোগী লৈ ঘৰলৈ উভতি আহি আছিল৷ আটাইকেইজনকে আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷

Post a Comment

0 Comments