ৰোমানিয়া হৈ ২১৯ জন ভাৰতীয় ঘৰলৈ উভতি আহিছে, নিশা মুম্বাইত উপস্থিত হ'ব বিশেষ বিমান ...


 ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক (Indians in Ukraine) কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমান মুম্বাইলৈ উভতি আহিছে৷ ৰোমানিয়াৰ (Romania) পৰা ২১৯ জন যাত্ৰীৰ সৈতে বিশেষ বিমানখন ভাৰতলৈ ৰাওনা ৷ বিমানখন আজি ৰাতি মুম্বাইত উপস্থিত হ'ব৷ ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাৰ পিছত একেদিনাই আন এখন বিমান নতুন দিল্লীত অৱতৰণ কৰাৰ কথা আছে৷

আনহাতে, হাংগেৰীৰ বুদাপেষ্ট হৈ ভাৰতীয় শিক্ষাৰ্থীৰ আন এটা গোটক ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে৷ এই ভাৰতীয় শিক্ষাৰ্থীসকলে ইতিমধ্যে ইউক্ৰেইনৰ ফালৰ পৰা হাংগেৰীত প্ৰৱেশ কৰিছে আৰু তাৰ পৰা তেওঁলোকক এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ভাৰতলৈ উভতি যোৱাৰ ব্যৱস্থা কৰা হৈছে৷

Post a Comment

0 Comments