মহে সহ্য কৰিব নোৱাৰে এই ৫টা গোন্ধ! মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ জানি থওক

 


কিছু ঘৰুৱা উপায়েৰেও মহৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰে। কি এইবোৰ জানো আহক।

মহৰ কামোৰ নোখোৱা মানুহ হয়তো নোলাব। সন্ধিয়া হ’লেই উপদ্ৰৱ আৰম্ভ হয় মহৰ। আৰু অসহ্যকৰ হয় যেতিয়া নিশা শোৱাৰ সময়ত আঠুৱাৰ তলত মহ সোমাই কাণৰ কাষত গুণগুণাবলৈ আরম্ভ কৰে। কিছু ঘৰুৱা উপায়েৰেও মহৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰে। কি এইবোৰ জানো আহক।

মহৰো পছন্দ অপছন্দ আছে। অপছন্দৰ গোন্ধ পালে তাৰ ওচৰলৈ নাহে। জানি লওক কি সেই গোন্ধ।

১. নহৰু – নহৰুৰ উগ্ৰ গোন্ধ মুঠেই পছন্দ নহয় মহৰ। আনকি যিসকলে নহৰু বেছি খায়, তেওঁলোকৰ তেজ খাবলৈ পছন্দ নকৰে মহে।

২. তুলসী পাত – তুলসী পাতৰ গোন্ধ সহ্য নহয় মহৰ। ঘৰত এই গছ ৰুব পাৰে। এই গছৰ পৰা তৈয়াৰ কৰা তেল মহ দূৰ কৰিবলৈ কাৰ্যকৰী উপায়।

৩. পুদিনা পাত – তুলসীৰ পৰা তৈয়াৰ কৰা তেলৰ গোন্ধৰ পৰা মহ আঁতৰত থাকে।

লোমন গ্ৰাছ – লেমনগ্ৰাছৰ পৰা তৈয়াৰ কৰা তেলৰ গোন্ধৰ পৰাও মহ দূৰত থাকে।

নিম পাত – মহৰ কামোৰৰ পৰা বাচিবলৈ গাত নিম তেল সানিব পাৰে। আপোনাৰ কাষলৈ নাহে মহ।

আৰু কিছু গোন্ধ আছে যিবোৰ মহে পছন্দ নকৰে। যেনে মিঠাইৰ গোন্ধ আরু ফুলৰ পৰা তৈয়াৰ কৰা পাৰফিউম।

Post a Comment

0 Comments