চাপ, ভয় আৰু মনোযোগৰ অভাৱক কেনেদৰে পৰাস্ত কৰিব ? ব'ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে ৭ টা পৰামৰ্শ


 পৰীক্ষা সমাগত। ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া হৈছে ব'ৰ্ড পৰীক্ষাৰ সময়। এনে সময়তে আহি পৰে কেতবোৰ সমস্যা। চাপ, ভয়, হতাশাই আপোনাকো সমস্যাত পেলাইছে নেকি ? আপোনাৰ বাবে কেইটামান বিশেষ পৰামৰ্শ ...

১. বিগত দুবছৰত অনলাইন পৰীক্ষাৰ পৰা অফলাইন পৰীক্ষা দিয়াৰ অভ্যাসলৈ পৰিণত কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। টেষ্ট পেপাৰৰ পৰা বা পূৰ্বৰ পেপাৰৰ পৰা অফলাইন পৰীক্ষাৰ দৰেকৈ ঘৰতে পৰীক্ষা দিয়াৰ অভ্যাস কৰক।

২. দশম বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা মাইলৰ খুটি নহয়, কিয়নো ইয়াৰ পিছতো আৰু বহু যাত্ৰা বাকী থাকে। গতিকে নম্বৰৰ পিছত দৌৰাৰ পৰিৱৰ্তে কষ্ট কৰক, জ্ঞান অৰ্জন কৰক, সফলতা এনেই আহিব।

৩. আধা ঘণ্টা আৰু ৪০ মিনিটৰ মূৰে মূৰে ১০ মিনিটৰ বিৰতি লওক। গোটেই ৰাতি টোপনি ক্ষতি নকৰিব, অৱশ্যে আপুনি আপোনাৰ পছন্দৰ সময়মতে অধ্যয়ন কৰিব। মনত ৰাখিব পৰীক্ষা আপোনাৰ মেমৰী টেষ্টহে জটিল চিন্তাৰ নহয়।

৪. আপোনাৰ সমস্যা বা ভয় লগা কথাটো শিক্ষক, ্অভিভাৱক, বন্ধুৰ সৈতে মুকলিকৈ আলোচনা কৰক। লগতে প্ৰতিদিনে কমেও ৭ ঘণ্টাকৈ শুব কিয়নো টোপনি গুৰুত্বপূৰ্ণ।

৫. মই যি পঢ়ো সেয়া পৰীক্ষাত মনত নপৰিব। মই ভাল নম্বৰ নাপাম। মই ভাল কলেজত ছীট নাপাম। তেনেবোৰ চিন্তা পৰীক্ষাৰ আগত  কেতিয়াও মনলৈ নানিব।

৬. মানসিক সমস্যা বা মেণ্টেল ডিছঅৰ্ডাৰত ভুগি থকা সকলৰ বাবে বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। তেওঁলোকক নিৰীক্ষণৰ বাবে মেণ্টৰ টিচাৰো নিয়োগ কৰিব পাৰে। যেতিয়া শিক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ যায়, তেতিয়া তেওঁলোকক শুভেচ্ছা দিবলৈ পাহৰি নাযাব।

৭. ঘৰতে পৰীক্ষাৰ আগতে সুস্থ বাতাবৰণ বজাই ৰখাত অভিভাৱকসকলেও গুৰুত্ব আৰোপ কৰিব লাগে। পৰীক্ষাৰ আগত ঘৰত কেতিয়াও অশান্তিমূলক পৰিস্থিতি হ'বলৈ দিব নালাগে।

Post a Comment

0 Comments