আৰক্ষীৰ জিম্মাৰ পৰা পলাল কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰী আচমত আলী ওৰফে নালকো!


 কেৰালাত গ্ৰেপ্তাৰ হোৱা ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰী আচমত আলী ওৰফে নালকোৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন। বুধবাৰে কেৰালাত গ্ৰেপ্তাৰ হৈছিল কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাৰ মাষ্টৰমাইণ্ড বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত ১ নম্বৰ আদাভেটিৰ মঃ আজিবুৰ ৰহমানৰ পুত্ৰ ৩৫ বছৰীয়া নালকো৷

বিশ্বনাথ আৰক্ষীয়ে কেৰালা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথলৈ নালকোক লৈ অনা হৈছিল৷ নিশাই নালকোৱে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খড়্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ন কৰে ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰীটোৱে৷

আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও ৪ দিনে সন্ধান ওলোৱা নাই কুখ্যাত গঁড় চিকৰী নালকোৰ৷ কিন্তু এতিয়ালৈকে নালকোৰ পলায়ন সম্পৰ্কত কোনো মন্তব্য প্ৰকাশ কৰা নাই বিশ্বনাথ আৰক্ষীয়ে৷

উল্লেখযোগ্য যে, কুখ্যাত গঁড় চিকাৰী তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ গঁড় হত্যা কৰি পলাতক হৈ থকা বিশ্বনাথৰ ক্ৰমে আছমত আলী ওৰফে নালকো, আতাউৰ ৰহমান ওৰফে বাচা আৰু আব্দুল মতিন ওৰফে কালাৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীয়ে দুই লাখ টকা পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰিছিল।

Post a Comment

0 Comments