সমগ্ৰ বিশ্বকে সচকিত কৰি তুলিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ শেহতীয়া মন্তব্যই, ৰাছিয়াই সাজু কৰিছে নেকি পাৰমাণৱিক বোমা!

 


ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ চতুৰ্থ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে। কেৱল এয়াই নহয় বিশ্বৰ বহু দেশক যুদ্ধৰ এই শেহতীয়া খবৰে সচকিত কৰি তোলাৰ লগতে নাগৰিকসকলক আতংকিত কৰি তুলিছে। কাৰণ যুদ্ধৰ এই শেহতীয়া আপডেটসমূহ সঁচাকৈয়ে ভয়ংকৰ। ইয়াৰ ভিতৰত সবাতোকৈ ভয়ংকৰ খবৰটো হ’ল পাৰমাণৱিক আক্ৰমণৰ আশংকা। কাৰণ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এই সন্দৰ্ভত এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে নাটো (NATO)ৰ ভাবুকিৰ পিছতে ৰাছিয়াৰ পৰমাণু ফ’ৰ্চক সক্ৰিয় কৰিছে। ৰাছিয়াৰ পৰমাণু শক্তিক প্ৰয়োজনত শত্ৰুপক্ষক পৰমাণু বোমাৰে আক্ৰমণ কৰিবলৈ আৰু নিজ দেশক পৰমাণু শক্তিৰে সুৰক্ষা দিবলৈ সক্ৰিয় কৰি তোলা হৈছে বুলি পুটিনে মন্তব্য কৰাৰ পিছতে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালকৈ দেওবাৰে নিশাৰে পৰা সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে বিভিন্ন মাধ্যমত ভাইৰেল হোৱা এটি বিশেষ দৃশ্যই। ৰাছিয়াৰ ৰাজধানী মস্কোৰ ৰাজপথত বেলেষ্টিক মিচাইল কঢ়িয়াই নিয়া দৃশ্যই এই যুদ্ধই আন আন দেশকো সামৰি ল’ব নেকি সেই আশংকা ঘনীভূত কৰি তুলিছে বহুতৰে মনত।

আনহাতে, ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ সক্ৰিয় কৰি তোলা বুলি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে প্ৰকাশ কৰাৰ পিছতে তীব্ৰ প্ৰকাশ কৰিছে আমেৰিকাই। আনহাতে, নাটোৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ এনে মন্তব্য দায়িত্বজ্ঞানহীন আৰু ভাবুকিৰে ভৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Post a Comment

0 Comments