বেলাৰুছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনা, সমাপ্ত হ'বনে যুদ্ধ?

 


অৱশেষত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ সম্ভাৱনা দেখা গৈছে ইউক্ৰেইনত। বেলাৰুছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনা অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বেলাৰুছৰ বৈদেশিক মন্ত্ৰালয়ে এই বিষয়ে প্ৰতিবেদন দিছে। ইউক্ৰেইনৰ প্ৰতিনিধি দল বেলাৰুছত উপস্থিত হৈছে। বৈঠকখন আবেলি ৩:৩০ বজাত অনুষ্ঠিত হ'ব (High-level talks between Kyiv and Moscow)। মন কৰিবলগীয়া যে বেলাৰুছ আৰু ৰাছিয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু বেলাৰুছৰ জৰিয়তে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ অভিযোগ আনি ইউক্ৰেইনে পূৰ্বে বেলাৰুছত আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল।

বেলাৰুছৰ বৈদেশিক মন্ত্ৰালয়ে ছ'চিয়েল মিডিয়াত ৰাছিয়া আৰু ইউক্ৰেইনৰ পতাকাসহ এখন দীঘল মেজৰ ছবি মুকলি কৰে৷ ইয়াত কোৱা হৈছে, "বেলাৰুছত (Belarus )ৰাছিয়া আৰু ইউক্ৰেইনৰ (Ukraine) মাজত আলোচনাৰ স্থান প্ৰস্তুত কৰা হৈছে, কেৱল প্ৰতিনিধি দলহে আহিব বুলি আশা কৰা হৈছে।"

একে সময়তে বেলাৰুছৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আনাতোলি গ্লেজে কয় সকলো প্ৰতিনিধি দল বৈঠকস্থলীত উপস্থিত হোৱাৰ লগে লগে কথোপকথন আৰম্ভ হ'ব।

Post a Comment

0 Comments