ইউক্ৰেইনত থকা ভাৰতীয় বাবে কেন্দ্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা, আতংকিত নহ'বলৈ আহ্বান


 ৰাছিয়াই আজি পুৱাৰ পৰা ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে সমগ্ৰ বিশ্বতে হাহাকাৰ লাগিছে। ভাৰত চৰাকৰেও বিষয়টোৰ ওপৰত চোকা নজৰ ৰাখিছে। ইয়াৰ মাজতে আজি কেন্দ্ৰ চৰকাৰে ইক্ৰেইনত থকা ভাৰতীয় লোকসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি অতিশয় অনিশ্চিত হৈ পৰিছে, সকলোৱে শান্ত হৈ থকা উচিত আৰু যি য'ত আছে, ঘৰ, হোষ্টেল, ট্ৰানজিট, বা অন্য বাসস্থানত সেই ঠাইতে নিৰাপদজনকভাৱে থকা উচিত।

আনহাতে ইউক্ৰেইনৰ কিভলৈ যাত্ৰা কৰাসকলোকে যাত্ৰা বাতিল কৰি নিজ নিজ ঠাইলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ যিসকল ভাৰতীয়ই পশ্চিম ইউক্ৰেইনৰ পৰা কিভলৈ গৈ আছিল তেওঁলোকে সাময়িকভাৱে নিজৰ চহৰলৈ নাইবা তাতকৈ নিৰাপদ ঠাই, পশ্চিম ইউক্ৰেইনৰ সীমন্তৱৰ্তী দেশলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে।

Post a Comment

0 Comments