ঢেকীয়াজুলিত আৰক্ষীৰ গুলীচালনা, কিহৰ বাবে নিশা গুলী চলালে আৰক্ষীয়ে?
-
February 24, 2022
 ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত নিশা আৰক্ষীৰ গুলীচালানা৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ
 কাষৰ নিজামুদ্দিনৰ নামৰ লোকজনৰ ঘৰত আৰক্ষীৰ তিনিজনীয়া আৰক্ষীৰ এটা দলে 
প্ৰৱেশ কৰি অতৰ্কিতে চলায় তালাচী৷ ঘৰখনত তালাচী চলাই ওলাই আহি আৰক্ষীয়ে 
১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুই জাঁই গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি
 যায়৷
অভিযোগ অনুসৰি, নিজামুদ্দিনৰ ঘৰৰ সমীপত ১৫নং ঘাইপথত এখন তেলৰ 
টেংকাৰ ৰখাই থোৱা আছিল৷ চোৰাং তেলৰ সৰৱৰাহৰ সন্দেহত আৰক্ষীয়ে নিজামউদ্দিনৰ 
ঘৰত প্ৰৱেশ কৰি তালাচী চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি৷ ইপিনে 
টেংকাৰ চালকেজনে জনোৱা মতে, টেংকাৰখন বিকল হোৱা বাবে সেই ঠাইত ৰখাই মেৰামতি
 কৰিছিল৷ আৰক্ষীয়ে চালকজনকো মাৰপিট কৰাৰ অভিযোগ উঠিছে৷ ঘটনাস্থলীত দুটা 
খালী কাৰ্টিজ উদ্ধাৰ হৈছে৷
 
 
 
  
 
 
 
 
0 Comments