ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত নিশা আৰক্ষীৰ গুলীচালানা৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নিজামুদ্দিনৰ নামৰ লোকজনৰ ঘৰত আৰক্ষীৰ তিনিজনীয়া আৰক্ষীৰ এটা দলে প্ৰৱেশ কৰি অতৰ্কিতে চলায় তালাচী৷ ঘৰখনত তালাচী চলাই ওলাই আহি আৰক্ষীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুই জাঁই গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়৷
অভিযোগ অনুসৰি, নিজামুদ্দিনৰ ঘৰৰ সমীপত ১৫নং ঘাইপথত এখন তেলৰ টেংকাৰ ৰখাই থোৱা আছিল৷ চোৰাং তেলৰ সৰৱৰাহৰ সন্দেহত আৰক্ষীয়ে নিজামউদ্দিনৰ ঘৰত প্ৰৱেশ কৰি তালাচী চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি৷ ইপিনে টেংকাৰ চালকেজনে জনোৱা মতে, টেংকাৰখন বিকল হোৱা বাবে সেই ঠাইত ৰখাই মেৰামতি কৰিছিল৷ আৰক্ষীয়ে চালকজনকো মাৰপিট কৰাৰ অভিযোগ উঠিছে৷ ঘটনাস্থলীত দুটা খালী কাৰ্টিজ উদ্ধাৰ হৈছে৷
0 Comments