যশপ্ৰীত বুমৰাহক টীম ইণ্ডিয়াৰ নতুন অধিনায়ক নিৰ্বাচিত কৰা হৈছে। বিচিচিআইয়ে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে৷ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা ক'ৰোনাৰ বাবে খেলৰ পৰা বাহিৰ হৈছে৷ কপিল দেৱৰ পিছত, বুমৰাহ হৈছে ভাৰতৰ অধিনায়ক হোৱা দ্ৰুত বলাৰ। ভাৰত আৰু ইংলেণ্ডৰ মাজত কাইলৈ এজবাষ্টনত ৫ম টেষ্ট আৰম্ভ হ'ব। টীম ইণ্ডিয়া শৃংখলাটোত ২-১ ত আগবাঢ়ি আছে। এনে পৰিস্থিতিত, অধিনায়ক হিচাপে বুমৰাহে দলটোক এটা শৃংখলা জয় দিব বিচাৰে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ক্ষেত্ৰত এই খেলখন অতি গুৰুত্বপূৰ্ণ। বিচিচিআইয়ে কৈছিল যে ৰোহিত শৰ্মাক বৃহস্পতিবাৰে ৰাতিপুৱা পৰীক্…
কটন বিশ্ববিদ্যালয়ত হুৱাদুৱা। প্ৰতিবাদমুখৰ হৈ উঠিল বহু ছাত্ৰ ছাত্ৰী। কটন বিশ্ব বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কটনিয়ানৰ। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পিছতে উত্তাল হৈ পৰিল কটন বিশ্ববিদ্যালয়ৰ বাকৰি। আনকি খং আৰু ক্ষোভত ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই কটনিয়ানে সাব্যস্ত কৰিলে প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অভিষেক মহন্ত। ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি কাম কৰাৰ আশাতে কটনিয়ানে সাধাৰণ সম্পাদকৰ …
কলিয়াবৰত দিন-দুপৰতে জনাঞ্চলত বিচৰণ বন্যহস্তীৰ এটা জাকৰ। গাঁৱৰ মাজত বন্যহস্তীৰ জাক দেখি আতংকই বিৰাজ কৰিছে কলিয়াবৰৰ কেইবাখনো গাঁৱত। কলঙৰ পাৰে পাৰে ঘূৰে পোৱালিসহ ৪-৫টা বন্যহস্তীৰ জাকটোৱে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিগত দুদিন ধৰি কলিয়াবৰৰ জনাঞ্চলত অৱস্থান কৰিছে এই বন্যহস্তীৰ জাকটোৱে। বৃহস্পতিবাৰে দিন দুপৰতে কলিয়াবৰৰ ধনেখোৱা, বৰভগীয়া, মিলন নগৰ, উলূৱনিত বন্যহস্তীৰ জাকটোৰ বিচৰণত আতংকিত হৈ পৰে গঞা। উলূৱনিত স্কুটীত আৰোহীলৈ চোঁচা লয় এটা বন্যহস্তীয়ে। বন্যহস্তীয়ে ভাঙি ক্ষতি কৰে এজনৰ বাসগৃহৰো। বৃহস্পতিবাৰে পুৱাৰে পৰা বিয়লিলৈকে …
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে বান পৰিস্থিতি আৰু বানত আক্ৰান্ত লোকৰ ক্ষতিপূৰণক এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশত থকা পৰিয়ালক ৩,৮০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱাৰ বিষয়ে অৱগত কৰাৰ লগতে বানত মৃত্যুবৰণ কৰা লোকৰ বিপৰীতে ৪ লাখকৈ টকা প্ৰদানৰ কথা ঘোষণা কৰে (Compensation to Flood Victim)।. বানত নিহতসকলক চাৰি লাখকৈ টকাৰ সাহায্য শীঘ্ৰে প্ৰদানৰ বাবে জিলা উপায়ুক্তসকলক তথ্য তথা প্ৰমাণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ…
এখন ছেলফিয়েই কাল হ'ল এটা চোৰৰ বাবে। প্ৰথমে ছেলফি আৰু তাৰ পিছত চুৰি। যোৰহাটত সংঘটিত হৈছে এই আমোদজনক ঘটনা। ছেলফি চাই এতিয়া চোৰৰ সন্ধানত নামি পৰিছে ভুক্তভোগী ব্যৱসায়ী। যোৰহাটত এতিয়া চৰ্চা চলিছে এই এটা চোৰ, এটা মোবাইল আৰু এখন ছেলফিক লৈ। ঘটনা অনুসৰি, বুধবাৰে যোৰহাটৰ জেবি ৰোডৰ জে কে বেগ হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত উপস্থিত হয়হি এজন গ্ৰাহক। গ্ৰাহকজনে ক্ৰয় কৰে এটা বেগ। কিন্তু ইয়াৰ পিছত গ্ৰাহকজন পুনৰ আহে দোকানখনলৈ। পুৱাৰ প্ৰথম গ্ৰাহকগৰাকীক ভগৱান জ্ঞান কৰি দোকানৰ গৰাকীজনে গ্ৰাহকজনক চাহ মিঠাইৰে আপ্যায়নো কৰে। কিন্তু গ্ৰাহকৰ বেশত অ…
বহুতেই তেওঁক চিনি পায়। বিশেষকৈ ছচিয়েল মিডিয়াত যিসকলে সময় কটায়। কথা নোকোৱাকৈয়ে ভিডিঅ’ কৰে তেওঁ। তাতেই হিট টিকটকাৰ খাবি লেম। লাইফ হেকছ’ৰ ভিডিঅ’ কৰে তেওঁ। কিন্তু কোনো ভিডিঅ’তে কথা নকয় ছেনেগালৰ খাবি লেমে। কথা নক’লেই যেন তেওঁক দেখিবলৈ বেছি ভাল লা কেৱল মুখৰ ভংগীমাৰেই যেন বহু কথা বুজাই দিয়ে খাবিয়ে। সহজ কাম কিদৰে জটিল কৰা হয় আৰু সেই জটিলতাই মনত কিমান বিৰক্তি আৰু মজাৰ উদ্ৰেক কৰে সেয়া মুখত ফুটাই তোলে তেওঁ। মানুহক হঁহুৱালেও তেওঁৰ ব্যক্তিগত জীৱন কিন্তু সমস্যাৰে ভৰপূৰ। সৰুৰে পৰা ডিছলেক্সিয়া ৰোগত আক্ৰান্ত খাবি। পঢ়া–শুনা শেষ কৰিব নোৱাৰিলে। তেওঁৰ পৰি…
পল্টনবজাৰ আৰক্ষীৰ জালত এগৰাকী মেকআপ আৰ্টিষ্ট। বুধবাৰে গ্ৰেপ্তাৰ হোৱা মহা প্ৰৱঞ্চক জাকিকুলৰ সৈতে সুসম্পৰ্ক আছিল এইগৰাকী মহিলাৰ। দুয়ো মিলি অভিনয় জগতত সুযোগ দিয়াৰ প্ৰলোভন দেখুৱাই অসমৰ যুৱতীক নিছিল মুম্বাইলৈ। মুম্বাইলৈ নি দেহ ব্যৱসায় চক্ৰৰ সৈতে জড়িত কৰিছিল অসমৰ যুৱতীক। তেনে চক্ৰত পৰা এগৰাকী যুৱতীৰ গোচৰৰ ভিত্তিতে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত। এইসন্দৰ্ভত ACP পৃথ্বীৰাজ ৰাজখোৱাই কয়, জাকিৰুলে বিভিন্ন প্ৰলোভন দেখুৱাই অসমৰ যুৱতীক মুম্বাইত নি বেয়া কামত লিপ্ত কৰোৱা…
ডাৱল ইঞ্জিন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ, প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ প্ৰধান মন্ত্ৰীক হুচিয়াৰ ধ্বনি সদৌ অসম ছাত্ৰ সন্থাৰ ৷ অষ্টলক্ষ্মী খ্যাত অসমৰ বান পৰিস্থিতি বুজ ল'বলৈ কিয় নাহিল প্ৰধানমন্ত্ৰী মোদী ৷ অসমৰ সম্পদৰ ওপৰত চকু ৰখা কেন্দ্ৰৰ চকু মাথোন সম্পদে নেকি বুলি প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ ৩২ খন জিলা বানত ককবকাইছে ৷ ঘৰ দুৱাৰ হেৰুৱাই দিশহাৰা হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ লোক ৷ তথাপি বানাক্ৰান্ত জনতাৰ খৱৰ লবলৈ সময় নাপালে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কথাই কথাই A ফৰ অসম…
মহাৰাষ্ট্রৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সৈতে সাক্ষাৎকাৰৰ পিছত দেৱেন্দ্ৰ ফাৰনবিছ আৰু একনাথ সিন্দেই সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰনবিছে ঘোষণা কৰে যে একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। দেৱেন্দ্ৰ ফাৰনবিছে কয় যে তেওঁ চৰকাৰৰ বাহিৰত থাকিব। আজি সন্ধিয়া ৭.৩০ বজাত কেৱল একনাথ সিন্দেই শপত গ্ৰহণ কৰিব। দেৱেন্দ্ৰ ফাৰনবিছে কয় যে জনতাই মহাবিকাশ অঘাৰীক সংখ্যাগৰিষ্ঠতা দিছিল। নিৰ্বাচনৰ পিছত বিজেপি আটাইতকৈ ডাঙৰ পাৰ্টী আছিল। বিজেপি–শিৱসেনাই মিত্ৰজোঁটৰ জৰিয়তে নিৰ্বাচন খেলিছিল, কিন্তু শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ…
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এসপ্তাহতকৈও অধিক সময় ধৰি হোৱা অস্থিৰতাৰ পৰিস্থিতিয়ে এতিয়া এক অপ্ৰত্যাশিত ৰূপ লৈছিল যেতিয়া বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছে একনাথ সিন্দেক মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দলৰ সমৰ্থন ঘোষণা কৰিছিল। কোনেও এইটো আশা কৰা নাছিল। উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পিছত, এনে লাগিছিল যে দেৱেন্দ্ৰ ফাডনাভিছ মুখ্যমন্ত্ৰী হ'ব, কিন্তু একনাথ সিন্দে তেওঁৰ হাতত চকীখন পাইছিল। দেৱেন্দ্ৰ ফাডনাভিছৰ সৈতে এখন সংবাদমেলত একনাথ সিন্দেয়ে বহু কথা কয়। তেওঁৰ কথাৰ মুখ্য অংশটো ইয়াত পঢ়ক- ১. আমি গ্ৰহণ কৰা পদক্ষেপটো কোনোৱে একো পাবলৈ কৰা নাই। এই সকলোবোৰ এটা ধ…
এক সূত্ৰৰ মতে, “সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে এখন ৰোমান্টিক ছবিৰ বাবে আলোচনাত মিলিত হৈছে য’ত দুয়োকে একেলগে দেখা যাব। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ দুয়োজনে চিত্ৰনাট্যখন ভাল পাইছে যদিও এতিয়াও চহী কৰা নাই।” শ্বেৰশ্বাহত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী (Sidharth Malhotra, Kiara Advani)ৰ যুটিক সকলোৱে আদৰি লৈছিল আৰু এতিয়া যদি ওলাই থকা খবৰবোৰ বিশ্বাস কৰিব পাৰি তেন্তে অভিনেতাদুগৰাকী পুনৰ একলগে দেখা যাব আন এখন নতুন ছবিত। দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ বাবে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে। যদিও এজনেও একো নিশ্চিত বা অস্বীকাৰ কৰা নাই,…
কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাত হ’ব আস্থা ভোট। বিপদত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে! উদ্ধৱ থাকৰেলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপালে জাৰি কৰিছে জাননী। আজি পুৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ ৰাজ্যপালে প্ৰেৰণ কৰিছে জাননী। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ আহ্বান ৰাজ্যপালৰ। কাইলৈ ১১ বজাত অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন। গুৱাহাটী ত্যাগ কৰি আজিয়ে উভতিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল। গোৱালৈ যাব ৰেডিছন ব্লুত বাহৰ পাতি থকা বিধায়কৰ দলটো। গোৱালৈ ওভতাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। বিয়লি ৩.৩০ বজাত আটাইকেইজন উৰা মাৰিব গোৱালৈ। গোৱ…
বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বাশবাৰীত আই নৈৰ বাঢ়নী পানীত উটি আহিল মৃতদেহ। আই নৈৰ ভয়াৱহ খহনীয়াৰ কবলত পৰিছে বাশবাৰী ৰাজহুৱা কৱৰস্থান, যাৰ ফলত এতিয়া উটি আহিব ধৰিছে মৃতদেহ (The buried body floated in Flood) ৷ আজি খহনীয়াৰ ফলত বাশবাৰীৰ ৰাজহুৱা কৱৰস্থান নৈৰ বুকুত বিলীন হয়। কবৰস্থানত যোৱা কিছুদিন আগতে সৎকাৰ কৰা মৃতদেহটো ভাহি আহে। মৃতদেহটোৰ দুৰ্গন্ধই চাৰিওফালে বিয়পি পৰাত স্থানীয় এজন ব্যক্তিৰ প্ৰচেষ্টাত পুনৰ সৎকাৰৰ ব্যৱস্থা কৰে। বিগত ১০-১৫ দিনে আই নৈৰ ভয়াবহ খহনীয়াই তিনি শতাধিক পৰিয়ালৰ লগতে নৈৰ বুকুত বিলীন হৈ মছজিদ, মন্দিৰ ঈ…
শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ত এই বৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৫ টা বিষয় ক্ৰমে ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী, শিক্ষাতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ অনুমোদন লাভ কৰিছে বুলি জানিবলৈ দিয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ সব্যসাচী মহন্তই৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মহাবিদ্যালয়খনলৈ আগবঢ়োৱা এই অনুমোদনত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ কৰ্মকৰ্তাৰ লগতে বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল৷
মুষলধাৰ বৰষুণৰ মাজতে কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলন। পাহাৰৰ প্ৰকাণ্ড শিল আৰু বৃহৎ গছ খহি আৱদ্ধ হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ফলত দুঘণ্টা সময় ধৰি বন্ধ হৈ পৰে উজনি-নামনিৰ যাতায়াত। মুষলধাৰ বৰষুণৰ ফলতেই প্ৰথমে পাহাৰ প্ৰকাণ্ড গছ পৰি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো। কিছু সময়ৰ পিছতে পাহাৰৰ পৰা খহি পৰে এটা প্ৰকাণ্ড শিলসহ পাহাৰ মাটি-বালি। ফলত বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। ঘটনাস্থলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-বনকৰ্মী আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মুকলি কৰে আবদ্ধ ঘাই পথছোৱা। উল্লেখ্য যে, বৰষুণ অব্যাহত থা…
উদ্ধৱ থাকৰে চৰকাৰৰ পতন হ’লে মহাৰাষ্ট্ৰত গঠন হ’ব নেকি বিজেপিৰ চৰকাৰ? বিজেপি আৰু মিত্ৰদলৰ আছে ১১৩জন বিধায়ক। এই মুহূৰ্তত চৰকাৰ গঠন কৰিবলৈ লাগে ১৪৩জন বিধায়ক। চৰকাৰ গঠন কৰিবলৈ বিজেপিক লাগে আৰু ৩০জন বিধায়ক। বিদ্ৰোহী শিৱ সেনা গোটে বিজেপিক সমৰ্থন কৰিলে বিজেপিৰ শক্তি ১৫২জনলৈ বৃদ্ধি পাব। এনে পৰিস্থিতিত অনায়াসে বিজেপিয়ে গঠন কৰিব পাৰে চৰকাৰ। কিয়নো একনাথ সিন্দেই কংগ্ৰেছ-এন চিপিক এৰি বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ আহ্বান জনাই আহিছে উদ্ধৱ থাকৰেক। আজি মহাৰাষ্ট্ৰ বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰৰ সকলো বিজেপি বিধায়কক মুম্বাইত হাজিৰ হ’বলৈ …
বুধবাৰে পুৱা MCXত ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ ভৱিষ্যত মূল্য (Gold Price) প্ৰতি ১০ গ্ৰামত ২ টকা হ্ৰাস হৈ ৫০,৮২০ টকা হয়। বিশ্ববজাৰত তীব্ৰ প্ৰৱণতা স্বত্বেও, ঘৰুৱা বজাৰত চাহিদা হ্ৰাস হোৱাৰ বাবে সোণ আৰু ৰূপৰ মূল্য আজি হ্ৰাস হোৱা দেখা গৈছে। যদিও সোণৰ ভৱিষ্যত মূল্য সামান্য হ্ৰাস পাইছে, ৰূপ ৬০ হাজাৰৰ তললৈ হ্ৰাস পাইছে। বুধবাৰে পুৱা MCXত ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ ভৱিষ্যত মূল্য (Gold Price) প্ৰতি ১০ গ্ৰামত ২ টকা হ্ৰাস হৈ ৫০,৮২০ টকা হয়। ৰূপৰ চাহিদা আজি হ্ৰাস পাইছে, যাৰ ফলত ইয়াৰ ভৱিষ্যত মূল্যও ৬০ হাজাৰৰ তললৈ হ্ৰাস পাইছে। এমচিএক্সত ৰূপৰ ভৱিষ্যত দাম ২১…
কিয় ওলোটাকৈ লিখা থাকে ‘এম্বুলেঞ্চ’ শব্দটো? আপুনি নিশ্চয় লক্ষ্য কৰিছে, এম্বুলেঞ্চৰ সন্মুখত ইংৰাজী আখৰত ‘এম্বুলেঞ্চ’ শব্দটো লিখা থাকে, কিন্তু আখৰবোৰ ওলোটাকৈ লিখা থাকে। ইয়াৰ কাৰণ কি? আমি যেতিয়া আইনাত কোনো বস্তুৰ প্ৰতিবিম্ব দেখো, তেতিয়া তাক আনুভূমিকভাৱে ওলোটা দেখো। গাড়ীৰ সন্মুখত যি লুকিং গ্লাছ থাকে তাত চালকে পিছফালে থকা গাড়ীৰ অৱস্থান দেখা পায়। এইবাৰ প্ৰশ্ন আহিব পাৰে, এম্বুলেঞ্চৰ বাবেতো নিৰ্ধাৰিত ছাইৰেন আছে, যাৰ জৰিয়তে সহজতে বুজা যায় এম্বুলেঞ্চ আহিছে বুলি, তেন্তে লিখাৰ প্ৰয়োজন কি? আচলতে, এম্বুলেঞ্চৰ জৰুৰী অৱস্থান বুজাবলৈ শ্ৰমণ আৰু দৃ…
বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে নিলম্বিত আৰক্ষী বিষয়া জোনমণি ৰাভা। জোনমণি ৰাভাক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ। তৃতীয়বাৰৰ বাবে জোনমণি ৰাভাক ন্যায়িক জিম্মালৈ প্ৰেৰণ। আজি ভিডিঅ' কন্ফাৰেন্সিঙৰ দ্বাৰা চলিল কাৰাগাৰত থকা জোনমণি ৰাভাৰ বিচাৰ। পৰৱৰ্তী জুলাই মাহৰ ১২ তাৰিখে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব জোনমণিক। বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে নিলম্বিত আৰক্ষী বিষয়া জোনমণি ৰাভা।
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) উদয়পুৰত দৰ্জী কানহাইয়া লালৰ নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত সন্ত্ৰাসবাদ বিৰোধী আইনৰ (ইউএপিএ) অধীনত পুনৰ এটা গোচৰ ৰুজু কৰিছে। এই তথ্য এনআইএৰ মুখপাত্ৰই দিছে। তেওঁ কয় যে ৰাজস্থানৰ উদয়পুৰত কানহাইয়া লাল তেলীৰ হত্যাৰ সন্দৰ্ভত এন আই এয়ে এটা গোচৰ ৰুজু কৰিছে। NIAৰ দলবোৰ উদয়পুৰত উপস্থিত হৈছে আৰু গোচৰটোৰ দ্ৰুত তদন্তৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে ঘটনাটোৰ ৬-৭ ঘণ্টাৰ পিছত ৰাজসমন্দ জিলাৰ পৰা অভিযুক্ত ৰিয়াজ আনছাৰী আৰু মহম্মদ গাউছক গ্ৰেপ্তাৰ কৰে। তেওঁলোকক প্ৰশ্ন কৰা হৈছে। ইয়াত, দৰ…
মালয়ালম অভিনেতা বিজয় বাবুক গ্ৰেপ্তাৰ (Actor Vijay Babu Arrested) কৰা হৈছে। অভিনেতাগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। সোমবাৰে কোচি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। বিজয় বাবুৰ বিৰুদ্ধে ২২ এপ্ৰিলত ধৰ্ষণৰ অভিযোগ (Sexual Assault Case)ত গোচৰ ৰুজু কৰা হৈছিল। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি কোচিৰ উপ-চিটি আৰক্ষী আয়ুক্ত ইউ ভি কুৰিয়াকোছে প্ৰকাশ কৰে যে বিজয় বাবু (Vijay Babu)ৰ গ্ৰেপ্তাৰৰ ৰেকৰ্ড কৰা হৈছে। প্ৰমাণ সংগ্ৰহৰ অংশ হিচাপে বিজয়ক ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱা ঠাইলৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে। প্ৰতি…
কলিয়াবৰৰ ৰাজপথত মৃত্যু বহিঃৰাজ্যৰ ট্ৰাক হেণ্ডিমেনৰ। জখলাবন্ধাৰ বাঘজানৰ সমীপতে এখন ট্ৰাক হেণ্ডিমেনৰ আকস্মিক মৃত্যু। AS-37-TX-3688 নম্বৰৰ যোৰহাটৰ পৰা অন্ধ্ৰপ্ৰদেশ অভিমুখী ট্ৰাকখনতে মৃত্যু হয় ৰাজু নামৰ ট্ৰাক হেণ্ডিমেনজনৰ। বিয়লি খাদ্য গ্ৰহণৰ পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে জিৰণি লৈছিল ট্ৰাকখনৰ চালক-হেণ্ডিমেনে। জিৰণি লওঁতেই টোপনি গৈছিল ট্ৰাকখনৰ চালক ছমেটা ৰাজশেখৰ। টোপনি ভগাৰ পিছতে অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰে হেণ্ডিমেন ৰাজুক (Truck handyman dies after suddenly falling ill)।
যেতিয়া আপুনি 'আম' শব্দটো শুনিব, আপোনাৰ জিভাত পানী আহিব ! কেৱল সোৱাদতে নহয়, গুণগত মানদণ্ডতো ৰজা আম ... আমৰ বাকলিত যথেষ্ট পৰিমাণৰ উদ্ভিদৰ যৌগ, আঁহ আৰু এণ্টি-অক্সিডেণ্ট থাকে যি ৰোগ প্ৰতিৰোধ কৰাত আৰু অকাল বয়স প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও, ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন এ, চি, কে, ফলেট, মেগনেছিয়াম, কোলিন, পটাছিয়াম থাকে যি শৰীৰৰ বাবে উপকাৰী। আমৰ বাকলিত শক্তিশালী এণ্টি-অক্সিডেণ্ট যেনে মেংগিফেৰিন, নোৰাথিৰিঅ'ল আৰু ৰেচভেৰাট্ৰল থাকে। ই কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
নিশা মহানগৰীৰ সাতগাঁৱত হাতীগাঁও আৰক্ষীৰ অভিযান। অভিযানত ATM card, FAKE currency, PRESS CARD, BALENO বাহন সহ গ্ৰেপ্তাৰ লক্ষ্মীপুৰৰ হাফিজুল ইছলাম। হাতীগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱৰাৰ নেতৃত্বত চলা অভিযানত জব্দ দমে দমে ভিন্ন জনৰ নামত থকা ATM কাৰ্ড লগতে ১৫ হাজাৰ টকাৰ নকল নোট। নকল নোট বনোৱা পেপাৰ, মোবাইল ফোন, বহু ভুৱা নথিপত্ৰও জব্দ কৰে।এটা পৰ্টেল চেনেলৰ ভূৱা প্ৰেছ কাৰ্ড লৈ আৰক্ষীৰ পৰা হাতসাৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় হাফিজুল ইছলাম। ATM ত প্ৰবেশ কৰি ভিন্ন লোকৰ পৰা সলাই লৈছিল এটিম কাৰ্ড। সেই কাৰ্ডেৰে উলিয়াইছিল ধন ৰাশি।হ…
কলিয়াবৰৰ নলতলীৰ ক'য়েল গ্ৰীন পাৱাৰলাইন উদ্যোগটোত কেনেকৈ সংঘটিত হৈছিল দুৰ্ঘটনাটো? কাৰ ভুলৰ বাবে সোমবাৰে সংঘটিত দুৰ্ঘটনাত মৃত্যু হয় উদ্যোগটোৰ ইলেক্ট্ৰিচিয়ান তথা ছিপাঝাৰৰ যুৱক কুলদীপ নাথৰ? উদ্যোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে সন্দেহৰ আঙুলি কুলদীপৰ আত্মীয়ৰ। উল্লেখ্য যে সোমবাৰে পুৱা কলিয়াবৰৰ নলতলীৰ আৰিমৰাত থকা অসম ঔদ্যোগিক বিকাশ নিগমৰ ঔদ্যোগিক আন্তঃগাঁথনি কেন্দ্ৰ চৌহদত থকা ক'য়েল গ্ৰীন পাৱাৰলাইন উদ্যোগটোত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কুলদীপ নাথৰ বৈদ্যুতিক সা-সৰঞ্জাম মেৰামতি কৰাৰ সময়ত ওপৰৰ পৰা তললৈ পৰি মৃত্যু হয়। এই ঘটনাৰ পিছতে সোমবাৰে বিয়…
উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক উপাধ্যক্ষৰ জাননীৰ উত্তৰ দিবলৈ ১২ জুলাইলৈকে সময় দিছে। সূত্ৰই কৈছে যে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰে শীঘ্ৰেই সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক উপাধ্যক্ষৰ জাননীৰ উত্তৰ দিবলৈ ১২ জুলাইলৈকে সময় দিছে। সূত্ৰই কৈছে যে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰে শীঘ্ৰেই সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে ৰাজ্যখনত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ স্বতঃপ্ৰণোদ…
আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ প্ৰদেশত এখন ট্ৰাকৰ ভিতৰত কমেও ৪৬গৰাকী প্ৰব্ৰজনকাৰীক মৃত অৱস্থাত পোৱা গৈছে। এই লোকসকল মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সীমান্ত পাৰ হৈ আহিছিল বুলি জানিব পৰা গৈছে। টেক্সাছৰ সীমান্ত চহৰ ছান এণ্টনিঅ'ত মৃতদেহেৰে ভৰ্তি এখন ট্ৰেক্টৰ-ট্ৰেইলাৰ উদ্ধাৰ কৰাৰ পিছতে আমেৰিকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ছান এণ্টনিঅ'ৰ কেছাট টেলিভিছনৰ তথ্য অনুসৰি দক্ষিণ টেক্সাছত প্ৰব্ৰজনকাৰীসকলক সৰবৰাহৰ সময়ত এই লোকসকলৰ মৃত্যু হয় (Texas Migrant Deaths)। আৰক্ষীয়ে এতিয়ালৈকে এই বিষয়ে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। সোমবাৰে নিশাৰ ঘ…
ৰাজ্যত বান আৰু গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰীত নদীত জাহ গ'ল এখন থানা। চকুৰ পচাৰতে নৈত জাহ যোৱা এই দৃশ্য বন্দী হয় কেমেৰাত। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত এই থানাখন হৈছে ভাংনামাৰী আৰক্ষী থানা। প্ৰবল গৰাখনীয়াৰ কবলত পৰি থানাৰ দুমহলীয়া অট্টালিকা নদীত ডুব যায় (Police Station Sink Into River)। অৱশ্যে, গৰাখহনীয়াৰ আশংকাৰ পৰিপ্ৰেক্ষিতত থানাখন তাৰ পৰা কিছুদিন পূৰ্বে আন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। লৈ যোৱা হৈছিল নথিপত্ৰ। গতিকে তাত অকল আছিল দুমহলীয়া অট্টালিকাটো।
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক অলপতে Covid Positive পোৱা গৈছিল। তেতিয়াৰ পৰা, ৰোহিতৰ বাৰ্মিংহাম টেষ্টত খেলাক লৈ সন্দেহৰ পৰিস্থিতি সৃষ্টি হৈছে। কৰোনা প্ৰতিবেদন ইতিবাচক হোৱাৰ পিছত, ৰোহিতক হোটেলৰ কোঠাত চিকিৎসকৰ তত্বাৱধানত পৃথক কৰা হৈছে। এই সকলোবোৰৰ মাজতে, ৰোহিত শৰ্মাই সোমবাৰে নিশা তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো পোষ্ট কৰিছিল য'ত তেওঁ হাঁহি থকা অৱস্থাত দেখা গৈছিল। ইয়াৰ পিছত, এতিয়া অনুৰাগীসকল আশাবাদী যে ৰোহিতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত খেলিব পাৰে। ৰোহিতে খেলিব পাৰিবনে? ৰোহিত শৰ্মাই ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট খেলিব নে নেখে…
বিশ্ববজাৰত তীব্ৰ প্ৰৱণতাৰ বাবে মঙলবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পাইছে। সোণৰ ভৱিষ্যত মূল্য ৫১ হাজাৰৰ ওচৰত উপনীত হৈছে, ৰূপ ৬০ হাজাৰৰ ওপৰত বিক্ৰী হৈছে। MCXত আজি পুৱা ২৪ কেৰেট বিশুদ্ধতাৰ সোণৰ ভৱিষ্যত দাম (Gold Price Today) প্ৰতি ১০ গ্ৰামত ১৬৩ টকা বৃদ্ধি হৈ ৫০,৮১২ টকা হয়। ইয়াৰ আগতে, সোণৰ ব্যৱসায় ৫০,৬০৪ টকাৰ স্তৰত আৰম্ভ হৈছিল, কিন্তু সোনকালেই ইয়াৰ চাহিদা তীব্ৰ বৃদ্ধি পাইছিল আৰু মূল্য ২০০ টকাতকৈও অধিক বৃদ্ধি পাইছিল। সোণৰ দৰে ৰূপৰ ভৱিষ্যতৰ মূল্যও আজি বৃদ্ধি পাইছিল আৰু ইয়াৰ মূল্য ৬০ হাজাৰৰ ওপৰলৈ গৈছিল। এমচিএক্…
প্ৰবল বৰষুণৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে কাজিৰঙাৰ কাঞ্চনজুৰিত আজি এক শোকাৱহ দুৰ্ঘটনাত চাৰি যুৱকে প্ৰাণ হেৰুৱায়। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাই পৰা হুণ্ডাই অ'ৰা বাহনত থকা পাঁচজন যাত্ৰীৰ ৪গৰাকী থিতাতে নিহত হয় দুৰ্ঘটনাটোত। দুৰ্ঘটনাৰ ফলত বাহনখন পানীৰ মাজত সোমাই পৰাত মৃতদেহসহ বাহনখন উদ্ধাৰ কৰে বাগৰি আৰক্ষীয়ে। জানিব পৰা মতে, নিহত ৪জন আৰোহীৰ আটায়ে ছাত্ৰ আছিল। প্ৰবল বৰষুণৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে (Tragic Accident in Kaziranga)। দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই অ'ৰা বাহনখনৰ নম্বৰ AS03AE8003। নিহত লোককেইজনৰ পৰিচয় কিছু স…
সোমবাৰে অসমত কোভিডত আক্ৰান্ত হয় ৬০জনকৈ লোক। বিগত কেইদিনৰ হিচাপত এয়া আছিল সৰ্বাধিক। আনহাতে কোভিড পজিটিভিটী হাৰ ৬.৭১ শতাংশলৈ বৃদ্ধি হয়। ইয়াৰে কামৰূপ মেট্ৰ'ত ৪০গৰাকী লোক কোভিডত আক্ৰান্ত হয় ২৭ জুনৰ দিনটোত। উল্লেখ্য, ২৬ জুনত আক্ৰান্তৰ সংখ্যা আছিল ৩৬গৰাকী আৰু আটাইকেইগৰাকী কামৰূপ মেট্ৰ'ৰ আছিল। আনহাতে ২৫ জুনত আছিল ৪৩ গৰাকী, যাৰ ৩২ গৰাকী আছিল কামৰূপ মেট্ৰ'ৰ (Assam Covid Cases)। জুনৰ প্ৰথম ভাগৰ পৰা ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে। যদিও ই আশংকাজনক ৰূপ লোৱা নাই তথাপি পজিটিভিটীৰ হাৰ বৃদ্ধি হৈ থকা বিষয়টো…
শ্বাহৰুখ খানে (Shah Rukh Khan)বলীউডৰ ৩০ বছৰীয়া যাত্ৰাত তেওঁৰ তাৰকাময় অভিনয়েৰে দৰ্শকক আকৰ্ষণ কৰাৰ বাহিৰেও বহু বক্স অফিচ অভিলেখ ভংগ কৰিছিল, যাৰ বিষয়ে আমি আজি ক’ম। শ্বাহৰুখ খান (Shah Rukh Khan), যাক ‘বলিউডৰ বাদশ্বাহ’ বুলি কোৱা হয়, আজি তেওঁ ভাৰতীয় চিনেমা আৰু মনোৰঞ্জন উদ্যোগত ৩০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৯২ চনৰ ২৫ জুনত শ্বাহৰুখ খানৰ প্ৰথমখন ছবি ‘দীৱানা’ মুক্তি লাভ কৰে। যদিও এই ছবিখনত ঋষি কাপুৰ মূল চৰিত্ৰত আছিল, কিন্তু আটাইতকৈ চৰ্চিত হৈছিল নতুনকৈ আত্মপ্ৰকাশ অভিনেতা শ্বাহৰুখ খান। প্ৰথমখন ছবিতেই তেওঁ দৰ্শকৰ হৃদয়ত প্ৰবেশ কৰিছিল একপ্ৰকাৰ আলোড…
২৫ বছৰীয়া ডিভা, জাহ্নৱী কাপুৰে এই মুহূৰ্তত কাকো ডেটিং কৰা নাই, কিন্তু নিশ্চিতভাৱে নিজৰ ভৱিষ্যত সংগী (Janhvi Kapoor future partner) বিচাৰি আছে। এটা সাক্ষাৎকাৰৰ সময়ত নিজকে প্ৰকাশ কৰি থাকোঁতে তেওঁ সেই ৬টা গুণৰ বিষয়ে কৈছিল, যিবোৰ তেওঁ নিশ্চিতভাৱে নিজৰ সংগীৰ মাজত থকাটো বিচাৰে। বলীউডৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ (Janhvi Kapoor)। ২০১৮ চনত ঈশান খট্টাৰৰ সৈতে ‘খড়ক’ ছবিৰে অভিষেক ঘটোৱা জাহ্নৱীয়ে এই পৰ্যন্ত চাৰিখন ছবিতহে কাম কৰিছে। কিন্তু নিজৰ কামেৰে প্ৰমাণ কৰিছে যে তেওঁ ছুপাৰষ্টাৰৰ পথত আগবাঢ়িছে। অভিনয়ৰ সমান্তৰালকৈ জাহ্নৱী ভ্ৰমণ…
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল বঙাইগাঁৱৰ অনন্যা সূত্ৰধৰ৷ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত অনন্যা সূত্ৰধৰে দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ভাকাৰিভিটাৰ চন্দন সূত্ৰধৰ আৰু কণিকা সূত্ৰধৰৰ একমাত্ৰ কন্যা অনন্যাৰ সফলতাই বঙাইগাঁৱবাসীক আনন্দিত কৰি তুলিছে৷ দৈনিক প্ৰায় ছয়-সাত ঘণ্টাকৈ অধ্যায়ন কৰা অনন্যাই আগন্তুক দিনত সুদক্ষ ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰখা বুলি জানিব দিছে৷ আনহাতে আজৰি সময়ত ছবি আঁকি ভাল পোৱা অনন্যাই ফেচবুক বা ইন্সটাগ্ৰামৰ ব্যৱহাৰ কৰা নাছিল৷ ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ আগতে ইংৰাজী বিভাগত ঘৰুৱা শিক্ষকৰ সহা…
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল বঙাইগাঁৱৰ অনন্যা সূত্ৰধৰ৷ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত অনন্যা সূত্ৰধৰে দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ভাকাৰিভিটাৰ চন্দন সূত্ৰধৰ আৰু কণিকা সূত্ৰধৰৰ একমাত্ৰ কন্যা অনন্যাৰ সফলতাই বঙাইগাঁৱবাসীক আনন্দিত কৰি তুলিছে৷ দৈনিক প্ৰায় ছয়-সাত ঘণ্টাকৈ অধ্যায়ন কৰা অনন্যাই আগন্তুক দিনত সুদক্ষ ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰখা বুলি জানিব দিছে৷ আনহাতে আজৰি সময়ত ছবি আঁকি ভাল পোৱা অনন্যাই ফেচবুক বা ইন্সটাগ্ৰামৰ ব্যৱহাৰ কৰা নাছিল৷ ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ আগতে ইংৰাজী বিভাগত ঘৰুৱা শিক্ষকৰ সহায়…
উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যজুৰি পৰিলক্ষিত হোৱা আনন্দৰ মাজতে এটা পৰিয়ালত বৈছে দুখৰ বন্যা। কিয়নো ফলাফল ঘোষণাৰ দুদিন পূৰ্বে নিখোজ হৈছে তেওঁলোকৰ একমাত্ৰ সন্তান, যি আছিল এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীগৰাকীয়ে চাৰিজন সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ ধুবুৰীত (Dhubri) ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল। তেওঁ আছিল অভিজিৎ সূত্ৰধৰ। শনিবাৰে নিশা প্ৰায় আঠ বজাত ব্ৰহ্মপুত্ৰৰ ট্ৰেজাৰি ঘাটলৈ ফুৰিবলৈ যাওঁতে এখন ফেৰীত বহি কথা পাতি থাকোঁতে হঠাৎ পিছল খাই পানীত পৰি যায় অভিজিৎ (HS Student Missing)। ঘটনাৰ প…
ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰজনৰ নিথৰ দেহl নৱম শ্ৰেণীত অধ্যয়নৰত আছিল কিশোৰজন। ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ ডিমৰীয়াত অঘটন। কলং নৈত পৰি সলিল সমাধি কিশোৰৰ। মৃত কিশোৰজন ১৫ বছৰীয়া বিপ্লৱ দাস বুলি চিনাক্ত। নৈৰ পাৰৰ বাঁহ কাটিবলৈ যাওঁতেই পিছলি নৈত পৰি মৃত্যু হয় কিশোৰজনৰ। পিছত ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰজনৰ নিথৰ দেহl নৱম শ্ৰেণীত অধ্যয়নৰত আছিল কিশোৰজন।
মজ্জাত কৰ্কট ৰোগত আক্ৰান্ত হৈ GMCHৰ বিছনাত চিকিৎসাধীন হৈ থকা এই ছাত্ৰজন বৰপেটাৰ বিতোপন নাথ ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ছাত্ৰজনে প্ৰায় ৮৮.৯ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। ইংৰাজীত ৮৭, অসমীয়াত ৮৮, ৰসায়ন বিজ্ঞানত ৮৫, পদাৰ্থ বিজ্ঞানত ৯৪, জীৱ বিজ্ঞানত ৯১ নম্বৰ লাভ কৰি বৰপেটাৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা 'টপাৰ' হৈ পৰীক্ষাত উত্তীৰ্ণ হৈছে (Assam HS Results 2022) ৷ পিছে অতিকে দুখ আৰু বেদনাৰ কথা যে জীৱনৰ আনন্দপূৰ্ণ এই দিনটোত বিতোপন নাথ শুই আছে GMCHৰ বিছনাত ৷ চেন্নাইৰ পৰা অৰ্থৰ অভাৱত ঘূৰাই আনিব লগা হোৱ…
লক্ষ্য যদি স্থিৰ হয়, আত্মবিশ্বাস যদি দৃঢ় হয় তেনেহ'লে কোনো বাধাই আপোনাৰ সফলতাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে। বঢ়মপুৰৰ মাজপোতনি গাঁৱৰ চন্দন বৰাই সেই কথাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে। বঢ়মপুৰৰ মাজপোতনি গাঁৱৰ হৰেণ বৰা আৰু নমিতা বৰাৰ সন্তান চন্দন বৰাই এইবাৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত নৱম স্থান লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াইছে। আৰ্থিক দৈন্যতাৰ বাবে চন্দন বৰাৰ পিতৃ হৰেণ বৰাই হায়দৰাবাদত ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰি পৰিয়াল চলায়। পুত্ৰ চন্দনৰ ফলাফলৰ বাতৰি লাভ কৰি ফোনতে হুকহুকাই কান্দিলে পিতৃ হৰেণে। চন্দনৰ ফলাফলৰ বাতৰিয়ে আৱেগিক কৰি তুলিতে বঢ়মপু…
সোমবাৰে উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত বর্ষৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পিছতেই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেল অনুষ্ঠিত কৰি উত্তীৰ্ণ আৰু স্থানপ্ৰাপ্ত সকলো ছাত্ৰ–ছাত্ৰীকে অভিনন্দন জনাইছে। "সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ–ছাত্ৰীয়ে স্কুটী নাপাব, তেওঁলোকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অৱ মাৰ্ক থাকিব লাগিব" – কলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
অনুষ্কা শ্বেট্টীৰ গেৰেজত আছে ১৭ৰ পৰা৭০ লাখ টকাৰ বিলাসী গাড়ী, এখন গাড়ী চালকক দিছে উপহাৰ অনুষ্কা শেট্টী (Anushka Shetty)য়ে দক্ষিণ চলচ্চিত্ৰ উদ্যোগত অনুষ্কা শ্বেট্টীৰ গেৰেজত আছে ১৭ৰ পৰা৭০ লাখ টকাৰ বিলাসী গাড়ী, এখন গাড়ী চালকক দিছে উপহাৰ এক দশকৰো অধিক সময় ধৰি কাম কৰি আহিছে আৰু এই আটাইকেইটা বছৰতে তেওঁ ভাগমতী, অৰুন্ধতী, ৱেদম, সিংঘম, ৰুদ্ৰমাদেৱী আদি বহুতো ব্লকবাষ্টাৰ ছবিদিছে। ইতিমধ্যে টলীউডত (South Film Industry) তেওঁৰ এটা নাম আছিল যদিও ‘বাহুবলী’ৰ পিছৰে পৰা তেওঁ দেশৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিছে। ৰাজামৌলিৰ এই ছবিখনে অভিনেত্ৰীগৰাকী…
হেলিকপ্টাৰেৰে বান সমস্যা পৰ্যবেক্ষণ কৰাৰ পিছত আজি পানীত নামি শিলচৰ চহৰ (Silchar Town)ত দ্বিতীয়বাৰৰ বাবে বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। বিগত প্ৰায় ১০ দিন ধৰি বানৰ তলত থকা শিলচৰ চহৰত একাঁঠু পানীত নামি বান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। শিলচৰ চহৰৰ হানত বুৰ গৈ থকা এলেকাসমূহত পানী ফালি খোজকাঢ়ি পৰিদৰ্শন কৰাৰ লগতে স্থানীয় বিভিন্নজনৰ সৈতে মত বিনিময় কৰে।
ছাউথ আফ্ৰিকাত এটা নাইট ক্লাবত অঘটন। টেবুল-চেয়াৰ-ফ্লোৰত গোটেই ঠাইতে এটাৰ পিছত এটাকৈ প্ৰায় ২২টাকৈ মৃতদেহ পৰি আছিল ক্লাবটোত। দেওবাৰে ৰাতিপুৱাই দক্ষিণ আফ্ৰিকাৰ পূব লণ্ডনৰ এখন নাইট ক্লাবত ইমান সংখ্যক লোকৰ মৃতদেহ একেলগে পৰি থকা অৱস্থাত পোৱা গৈছিল। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে দেশখনত। তেওঁলোকৰ মৃত্যু কেনেকৈ হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অনুসন্ধানকাৰীসকলে বিষক্ৰিয়াৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল নে আন কিবা কাৰণ সেয়া অনুসন্ধান কৰি আছে (At least 22 people found dead at a nightclub in South Africa)।
ৰহাৰ বাৰপূজীয়া বোকাবিলত সংঘটিত হৈছে এক কৰুণ ঘটনা। বাঢ়নী পানীত উটি গ'ল তিনিটি কিশোৰ। দুজনৰ কথমপি প্ৰাণ ৰক্ষা। এজন সন্ধানহীন। সন্ধানহীন কিশোৰটিৰ নাম ভূপেন বৰদলৈ (১৭)। জানিব পৰা মতে, বাৰপূজীয়া বৰদলৈ চুকৰ ভূপেন বৰদলৈয়ে অৰূপ বৰদলৈ আৰু পৰশমণি নাথ নামৰ দুই বন্ধুসহ দেওবাৰে বোকাবিলৰ পানীত ডুব যোৱা পথেৰে খোজকাঢ়ি গৈ থাকোতে হঠাৎ পিচলি পানীৰ সোঁতত উটি যায়। কিন্তু সৌভাগ্যক্ৰমে অৰূপ আৰু পৰশমণি ৰক্ষা পৰে যদিও সন্ধানহীন হয় ভূপেন। SDRF–এ ভূপেনৰ সন্ধানত অভিযান চলাইছে যদিও অদ্যপি ভূপেনৰ কোনো সন্ধান ওলোৱা নাই।
মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট (Maharashtra Political Crisis)ৰ ওপৰত এতিয়া সমগ্ৰ দেশবাসীৰেই নজৰ। একেদৰে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ কেন্দ্ৰবিন্দু হৈ পৰা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুৰ (Hotel Radisson Blu) ওপৰতো নিমগ্ন সকলোৰে দৃষ্টি। হোটেল ৰেডিছন ব্লুত এতিয়া পখীয়ে ডেউকা মেলিলেও যেন বাতৰি হৈ পৰে। আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনীয়ে ঘেৰি থকা আৰু দূৰ্গ সদৃশ হৈ পৰা ৰেডিছন ব্লুত এনে এক পৰিবেশৰ মাজতে পুৰাদমে চলিছে এখন বাৰ্থডে পাৰ্টী। যি বাৰ্থদে পাৰ্টী (Birthday Party) এতিয়া বাতৰিৰ শিৰোনাম হৈ পৰিছে। প্ৰায় এসপ্তাহ ধৰি হোটেল ৰেডিছন ব্লুত আবদ্ধ হৈ আছে মহাৰাষ্ট্…
আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱসৰ দিনাই বোকাখাত আৰক্ষীৰ সাফল্য। নুমলীগড়ত গাঞ্জা আৰু ড্ৰাগছৰ সৈতে হাতে-লোটো ধৰা পৰে ড্ৰাগছ সৰহবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত যোৱা এটা দলে খেদি খেদি ধৰে ড্ৰাগছ মাফিয়া ৭টাক। ইয়াৰে ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ নাম আকবৰ আলী, আচিক আলী, আলম আলী, দীপক ৰাজবংশী, পৱিত্ৰ হাজৰিকা, বিপুল কছাৰী আৰু জমিৰুল আলী বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখ্য যে ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ লগতে নুমলীগড়ৰ এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহ আৰু ব্যৱসায় চলাই আহিছে। নাগালেণ্ডৰ ডিমাপ…
শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত ৯২খন বিধানসভা আসনেৰে পঞ্জাৱ দখল কৰা আম আদমি পাৰ্টী (Aam Aadmi Party (AAP)লৈ মোক্ষম আঘাত। ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ সংগৰুৰ (Sangrur) সংসদীয় সমষ্টিত হোৱা উপ নিৰ্বাচনত AAPৰ প্ৰাৰ্থী পৰাস্ত হয়। সংগৰুৰ সমষ্টিৰ সাসংদ ভগৱন্ত মান মুখ্যমন্ত্ৰী (Chief Minister Bhagwant Mann) হোৱাৰ পিছত খালী হোৱা সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল। AAPৰ প্ৰাৰ্থী গুৰমাইল সিং আৰু শিৰোমণি আকালি দল (SAD)ৰ অমৃতসৰৰ নেতা ছিমৰণজিত সিং মান (Simranjit Singh Mann)ৰ মাজত হোৱা নিৰ্বাচনী যুদ্ধত ৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত ছিমৰণজিত সিং মা…
লখিমপুৰৰ মাতৃ আাৰু শিশু স্বাস্থ্য চিকিৎসালয়ত আজৱ ঘটনা ৷ৰাতিৰ ভিতৰতে ল'ৰা শিশু সলনি হৈ হ'ল কন্যা শিশু ৷ কালি লখিমপুৰ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত ঘাৰমৰাৰ এগৰাকী মাতৃয়ে জন্ম দিছিল এটি ল'ৰা সন্তান, কিন্তু পুৱা শুই উঠি দেখে মাতৃৰ কোলাত আছে এটি কন্যা শিশু ৷ এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। শিশু মাৰু মাতৃ বিভাগত নৱজাতক শিশু সালসলনি হোৱাৰ অভিযোগ উত্থাপন কৰিছে নৱজাতকৰ পৰিয়ালে। শনিবাৰে লখিমপুৰৰ (Lakhimpur) ঘাৰমৰাৰ ছায়ামণি দাস নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱাৰ পিছত জন্ম হৈছিল ল'ৰা সন্তানটোৰ। চিকিৎসক আৰু নাৰ্ছৰ মতে …
মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ কেন্দ্ৰ হৈ পৰা গুৱাহাটীত উপস্থিত মহাৰাষ্ট্রৰ আন এগৰাকী মন্ত্রী। বিশেষ বিমানেৰে চুৰাটৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় মন্ত্ৰীগৰাকী। তেওঁ উদ্ধৱ থাকৰেৰ সহযোগী মন্ত্রী উদয় সামান্ত (minister Uday Samant)। উদয় সামান্তৰ লগত ৩ গৰাকী শিৱসেনাৰ নেতা ক্ৰমে প্ৰদীপ ধাৱাল, প্ৰসাদ কাৰাণ্ডে আৰু যোগেশ মহাঙ্গদেও উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে তেওঁলোকে হোটেল ৰেডিচন ব্লুলৈ ( Radisson Blu Hotel in Guwahati) আহে। বিসম্বাদী শিৱসেনা বিধায়কৰ নেতা একনাথ সিন্দেক হোটেলখনত লগ কৰে উদয় সামন্তই।
Social Plugin