একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী, আজি সন্ধিয়া মুখ্যমন্ত্ৰী হিচাপে ল’ব শপত!

 Within a week, Devendra Fadnavis will be sworn in as the CM and Shinde will  be 

মহাৰাষ্ট্রৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সৈতে সাক্ষাৎকাৰৰ পিছত দেৱেন্দ্ৰ ফাৰনবিছ আৰু একনাথ সিন্দেই সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰনবিছে ঘোষণা কৰে যে একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। দেৱেন্দ্ৰ ফাৰনবিছে কয় যে তেওঁ চৰকাৰৰ বাহিৰত থাকিব। আজি সন্ধিয়া ৭.৩০ বজাত কেৱল একনাথ সিন্দেই শপত গ্ৰহণ কৰিব।

দেৱেন্দ্ৰ ফাৰনবিছে কয় যে জনতাই মহাবিকাশ অঘাৰীক সংখ্যাগৰিষ্ঠতা দিছিল। নিৰ্বাচনৰ পিছত বিজেপি আটাইতকৈ ডাঙৰ পাৰ্টী আছিল। বিজেপি–শিৱসেনাই মিত্ৰজোঁটৰ জৰিয়তে নিৰ্বাচন খেলিছিল, কিন্তু শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিলি চৰকাৰ গঠন কৰে।

ফাৰনবিছে কয় যে মহাৰাষ্ট্রৰ ইতিহাসত প্ৰথমবাৰলৈ এনেকুৱা হৈছে যে চৰকাৰৰ দুগৰাকী মন্ত্ৰী জে’লত আছে। ইয়াৰ পূৰ্বে এনেকুৱা কেতিয়াও হোৱা নাছিল। বালাছাহেবে সদাই দাউদৰ বিৰোধিতা কৰিছিল, কিন্তু উদ্ধৱ থাকৰেৰ চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ দাউদৰ সৈতে সম্পৰ্ক আছিল। জে’ললৈ যোৱাৰ পিছতো তেওঁক মন্ত্ৰীপদৰ পৰা আঁতৰোৱা নাছিল। এয়া বালাছাহেবৰ অপমান।

ইফালে, একনাথ সিন্দেই কয় যে মহাৰাষ্ট্রৰ বিকাশৰ বাবে আমি একলগে আহিছো। আমি মহাবিকাশ অঘাৰী চৰকাৰত কাম কৰাত সমস্যা পাইছিলো। এই সন্দৰ্ভত আমি উদ্ধৱ থাকৰেক কৈছিলো। আমি নিজৰ পক্ষ বুজাবলৈ চেষ্টা কৰিছিলো। বিজেপিৰ সৈতে আমাৰ নেচাৰেল মিত্ৰজোঁট আছিল। আমি বালাছাহেব থাকৰেৰ ভাৱনাক লৈ আগবঢ়াত চৰকাৰৰ ফালৰ পৰা শেষত হিন্দুত্বক লৈ কিছু সিদ্ধান্ত লোৱা হয়।

সিন্দেই কয়, মই প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনাইছো। ফাৰনবিছে মুখ্যমন্ত্ৰী নহয়। বিজেপিয়ে ডাঙৰ পাৰ্টী হোৱা সত্ত্বেও বহল হৃদয়ৰ পৰিচয় দি মোক মুখ্যমন্ত্ৰী পাতিছে। সিন্দেই দাবী কৰে যে মহাৰাষ্ট্রত আগন্তুক সময়ত এক মজবুত চৰকাৰ দেখিবলৈ পাব।

Post a Comment

0 Comments