ODD অসম ডেস্ক: বুধবাৰে ইউকে কেবিনেটৰ কেইজনমান জ্যেষ্ঠ সদস্যই প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ চৰকাৰী বাসভৱন ১০ ডাউনিং ষ্ট্ৰীটত কেলেংকাৰীত আক্ৰান্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিবলৈ প্ৰধানমন্ত্ৰী বৰিছ জনছনক আহ্বান জনায়। তেওঁলোকৰ ভিতৰত আছিল ব্ৰিটিছ গৃহ মন্ত্ৰী প্ৰীতি পেটেল। কেইবাখনো প্ৰতিবেদন অনুসৰি, কেবিনেটৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী জনছনৰ উভতি অহাৰ বাবে অপেক্ষা কৰিছিল আৰু এখন সংসদীয় সমিতিৰ দ্বাৰা দীঘলীয়া পৰীক্ষা-নিৰীক্ষা কৰি তেওঁক কৈছিল যে তেওঁ এতিয়া পদত্যাগ কৰা উচিত। NDTV.com এক প্ৰতিবেদন অনুসৰি, প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কট্টৰ …
পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে।যমধ্যবিত্তৰ মূৰত পুনৰ মাধমাৰ! পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। ১০৭৯ টকা হ’লগৈ প্ৰতিটো চিলিণ্ডাৰৰ দাম। পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে। ইমানদিনে ১০২৯ টকাত চিলিণ্ডাৰ কিনিছিল জনসাধাৰণে। আজিৰে পৰা সেই চিলিণ্ডাৰ কিনিব লাগিব ১০৭৯ টকাত। ৰন্ধন গেছৰ ৰাজসাহায্যও কাৰ্যত উঠাই দিছে কেন্দ্ৰীয় চৰকাৰে। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম বাঢ়িলেও বাণিজ্যিক ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ দামৰ কোনো পৰি…
মহাৰাষ্ট্রৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সৈতে সাক্ষাৎকাৰৰ পিছত দেৱেন্দ্ৰ ফাৰনবিছ আৰু একনাথ সিন্দেই সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰনবিছে ঘোষণা কৰে যে একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। দেৱেন্দ্ৰ ফাৰনবিছে কয় যে তেওঁ চৰকাৰৰ বাহিৰত থাকিব। আজি সন্ধিয়া ৭.৩০ বজাত কেৱল একনাথ সিন্দেই শপত গ্ৰহণ কৰিব। দেৱেন্দ্ৰ ফাৰনবিছে কয় যে জনতাই মহাবিকাশ অঘাৰীক সংখ্যাগৰিষ্ঠতা দিছিল। নিৰ্বাচনৰ পিছত বিজেপি আটাইতকৈ ডাঙৰ পাৰ্টী আছিল। বিজেপি–শিৱসেনাই মিত্ৰজোঁটৰ জৰিয়তে নিৰ্বাচন খেলিছিল, কিন্তু শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ…
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এসপ্তাহতকৈও অধিক সময় ধৰি হোৱা অস্থিৰতাৰ পৰিস্থিতিয়ে এতিয়া এক অপ্ৰত্যাশিত ৰূপ লৈছিল যেতিয়া বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছে একনাথ সিন্দেক মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দলৰ সমৰ্থন ঘোষণা কৰিছিল। কোনেও এইটো আশা কৰা নাছিল। উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পিছত, এনে লাগিছিল যে দেৱেন্দ্ৰ ফাডনাভিছ মুখ্যমন্ত্ৰী হ'ব, কিন্তু একনাথ সিন্দে তেওঁৰ হাতত চকীখন পাইছিল। দেৱেন্দ্ৰ ফাডনাভিছৰ সৈতে এখন সংবাদমেলত একনাথ সিন্দেয়ে বহু কথা কয়। তেওঁৰ কথাৰ মুখ্য অংশটো ইয়াত পঢ়ক- ১. আমি গ্ৰহণ কৰা পদক্ষেপটো কোনোৱে একো পাবলৈ কৰা নাই। এই সকলোবোৰ এটা ধ…
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) উদয়পুৰত দৰ্জী কানহাইয়া লালৰ নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত সন্ত্ৰাসবাদ বিৰোধী আইনৰ (ইউএপিএ) অধীনত পুনৰ এটা গোচৰ ৰুজু কৰিছে। এই তথ্য এনআইএৰ মুখপাত্ৰই দিছে। তেওঁ কয় যে ৰাজস্থানৰ উদয়পুৰত কানহাইয়া লাল তেলীৰ হত্যাৰ সন্দৰ্ভত এন আই এয়ে এটা গোচৰ ৰুজু কৰিছে। NIAৰ দলবোৰ উদয়পুৰত উপস্থিত হৈছে আৰু গোচৰটোৰ দ্ৰুত তদন্তৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে ঘটনাটোৰ ৬-৭ ঘণ্টাৰ পিছত ৰাজসমন্দ জিলাৰ পৰা অভিযুক্ত ৰিয়াজ আনছাৰী আৰু মহম্মদ গাউছক গ্ৰেপ্তাৰ কৰে। তেওঁলোকক প্ৰশ্ন কৰা হৈছে। ইয়াত, দৰ…
উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যজুৰি পৰিলক্ষিত হোৱা আনন্দৰ মাজতে এটা পৰিয়ালত বৈছে দুখৰ বন্যা। কিয়নো ফলাফল ঘোষণাৰ দুদিন পূৰ্বে নিখোজ হৈছে তেওঁলোকৰ একমাত্ৰ সন্তান, যি আছিল এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীগৰাকীয়ে চাৰিজন সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ ধুবুৰীত (Dhubri) ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল। তেওঁ আছিল অভিজিৎ সূত্ৰধৰ। শনিবাৰে নিশা প্ৰায় আঠ বজাত ব্ৰহ্মপুত্ৰৰ ট্ৰেজাৰি ঘাটলৈ ফুৰিবলৈ যাওঁতে এখন ফেৰীত বহি কথা পাতি থাকোঁতে হঠাৎ পিছল খাই পানীত পৰি যায় অভিজিৎ (HS Student Missing)। ঘটনাৰ প…
আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱসৰ দিনাই বোকাখাত আৰক্ষীৰ সাফল্য। নুমলীগড়ত গাঞ্জা আৰু ড্ৰাগছৰ সৈতে হাতে-লোটো ধৰা পৰে ড্ৰাগছ সৰহবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত যোৱা এটা দলে খেদি খেদি ধৰে ড্ৰাগছ মাফিয়া ৭টাক। ইয়াৰে ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ নাম আকবৰ আলী, আচিক আলী, আলম আলী, দীপক ৰাজবংশী, পৱিত্ৰ হাজৰিকা, বিপুল কছাৰী আৰু জমিৰুল আলী বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখ্য যে ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ লগতে নুমলীগড়ৰ এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহ আৰু ব্যৱসায় চলাই আহিছে। নাগালেণ্ডৰ ডিমাপ…
উদ্ধৱ থাকৰেৰ শিৱ সেনাৰ সমৰ্থনত ৰেডিছন ব্লুৰ সম্মূখত ধৰ্ণা দিয়ে মহাৰাষ্ট্ৰৰ শিৱ সেনাৰ তৃণমূল কৰ্মী সঞ্জয় ভোষলে। গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বিগত তিনিদিন ধৰি চলি আছে উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰ ভঙা পতাৰ হাই ভল্টেজ খেল। মহাৰাষ্ট্ৰত কোনে কৰিব চৰকাৰ, কাৰ পতন হব তাৰ হিচাপ নিকাচ গুৱাহাটীৰ ৰেডিছন ব্লুত চলি থকাৰ মাজতে বৃহস্পতিবাৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ আৰু পৰৱৰ্তী সময়ত NSUI কৰ্মীয়ে হোটেলৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। শুকুৰবাৰে সূদুৰ মহাৰাষ্ট্ৰৰ পৰা গুৱাহাটীত আহি উপস্থিত হৈ পোনে পোনে ৰেডিছন ব্লু হোটেলৰ সম্মূখ…
সংকট আঁতৰা নাই মহাৰাষ্ট্ৰৰ ৰাজনীতিত। আৰু এজন বিধায়কে যোগ দিব বিসম্বাদী শিবিৰত। চান্দীৱলীৰ বিধায়ক দিলীপ লাণ্ডে গুৱাহাটীলৈ ৰাওনা। কিছু সময়ৰ পিছতে গুৱাহাটীত উপস্থিত হ’ব লাণ্ডে। একনাথ শিন্দেৰ ওচৰত বৰ্তমান শিৱসেনাৰ ৩৭ জন বিধায়ক আছে। লাণ্ডে অহাৰ পিছত এই সংখ্যা হ’বগৈ ৩৮জন। এতিয়াও গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটো।
পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ আৰম্ভ কৰিছে প্ৰকৃতিয়ে বিধ্বস্ত কৰা নিউ হাফলং ৰে’ল ষ্টেচনলৈ। বান–ভূমিস্খলনে তচনচ কৰি পেলোৱা পাহাৰীয়া ৰে’ল ষ্টেচনটো লাহে লাহে প্ৰাই পাই উঠিছে। প্ৰকৃতিৰ ধ্বংসলীলাৰ প্ৰায় ৪০ দিনৰ মূৰত লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব ধৰিছে নিউ হাফলং ষ্টেচনলৈ। ইতিমধ্যে নিউ হাফলং-বদৰপুৰৰ মাজত ৰে’লপথ সূচল হোৱাৰ উপৰি পৰীক্ষামূলকভাৱে ইঞ্জিন ৰোলিঙৰ উপৰি মাইগ্ৰেনদিচা ষ্টেচনত ৰখাই থকা পেট্ৰ’লিয়াম সামগ্ৰীভৰ্তি ট্ৰেন বদৰপুৰ লৈ যোৱা হৈছে। এন এফ ৰে’ল কৰ্তৃপক্ষই শিলচৰ আৰু নিউ হাফলঙৰ মাজত যাত্ৰীবাহী ৰে’ল চলোৱাৰ কাৰণে প্ৰস্তুতি আ…
অগ্নিপথ আঁচনি আধুনিক সশস্ত্ৰ বাহিনী গঠনৰ লক্ষ্যৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ, শনিবাৰে CNN-News18 টাউন হলৰ উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। অগ্নিপথৰ নামত হিংসা আৰু চৰকাৰী সম্পত্তি ধ্বংসৰো তীব্ৰ নিন্দা কৰে মন্ত্ৰীগৰাকীয়ে। মঞ্চত CNN-News18ৰ মাৰিয়া ছাকিলৰ সৈতে এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱকসকলৰ ওচৰত অগ্নিপথৰ বিষয়ে যিকোনো উদ্বেগ শান্তিপূৰ্ণভাৱে প্ৰকাশ কৰাৰ আহ্বান জনায়। চৰকাৰলৈ চিঠি লিখিবলৈ আমন্ত্ৰণ জনায় তেওঁ। ‘‘অগ্নিপথ আঁচনি ভাৰতীয় সেনা বাহিনীৰ বাবে এক ডাঙৰ পদক্ষেপ। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহি…
হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত এইবাৰ হোজাইত উৎখাত কৰা হয় এটা ভুৱা কল চেণ্টাৰ। নতুন বজাৰ অঞ্চলৰ পৰা উৎখাত কৰা হৈছে কল চেণ্টাৰটো। আৰক্ষী অধীক্ষকৰ নিৰ্দেশত টাউন উপ-পৰিদৰ্শক দণ্ডধৰ চৌধুৰীয়ে ভুৱা কল চেণ্টাৰটো উৎখাত কৰিবলৈ হৈছে সক্ষম হয় (A fake call centre is busted at Hojai)। ভুৱা কল চেণ্টাৰ উৎখাত সন্দৰ্ভত ইতিমধ্যে আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰদান কৰিছে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য। আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, এতিয়ালৈকে ভুৱা কল চেণ্টাৰ চক্ৰটোৰ দুজনক কৰা হৈছে কৰায়ত্ত। কৰায়ত্ত হোৱা দুজন ডিমাপুৰৰ ৰাহুল ৰয় আৰ…
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি নেচনেল হেৰাল্ড গোচৰ (National Herald case) সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয়। তেওঁক এতিয়াও ইডি কাৰ্যালয়ত সোধা-পোছা কৰি থকা হৈছে। শ শ দলীয় কৰ্মীৰ দ্বাৰা পৰিবেষ্টিত কংগ্ৰেছ নেতাজনে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ইডি কাৰ্যালয়লৈ ৰাওনা হৈছিল যদিও আৰক্ষীয়ে আইন-শৃংখলাৰ দোহাই দি বাধা দিয়াত তেওঁ গাড়ীৰে প্ৰৱৰ্তন সঞ্চালকৰ কাৰ্যালয়ত হাজিৰ হয়। তেওঁৰ সৈতে তেওঁৰ ভগ্নী আৰু দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱদ্ৰাও (Priyanka Gandhi Vadra) আছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) নেচনেল হেৰাল…
ম'ষ্ট ৱাণ্টেড ঘোষণা দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰ দাক। সব্যসাচীৰ সন্ধান দিওতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা NIAৰ। সন্ধান দিওতাৰ সম্পূৰ্ণ নাম ঠিকনা গোপনে ৰাখিব NIAই। সব্যসাচীৰ বিৰুদ্ধে RC নম্বৰ 01/2022 গোচৰ ৰুজু হৈ আছে কাছাৰ জিলাত। পূৰ্বে গোলাঘাটৰ পৰা NIA–এ গ্ৰেপ্তাৰ কৰিছিল সব্যসাচী গোস্বামীক।
হিতাধিকাৰীক আঠুৱা যোগানৰ নামত সচিবালয়ৰ পৰা প্ৰৱঞ্চনাৰে কোটি কোটি টকা সৰকোৱা দুই অভিযুক্ত অৱশেষত আৰক্ষীৰ হাতত বন্দী হ'ল। আঁঠুৱা যোগানৰ নামত উক্ত দুই প্ৰৱঞ্চকে ভুৱা অৰ্ডাৰ কপীৰে এগৰাকী ঠিকাদাৰক বিক্ৰী কৰি কোটি কোটি টকা আত্মসাৎ কৰিছিল। আজি কোকৰাঝাৰ সদৰ থানাত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সুৰক্ষা) লমহাউ ডংগেলে সাংবাদিকৰ আগত জানিবলৈ দিছে যে ইতিমধ্যে নলবাৰী জিল৷ৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকদ্বয় হৈছে ক্ৰমে ৰূপম ডেকা আৰু অনুৰূপ কলিতা। আন এক সূত্ৰৰ মতে, বিটিচি সচিবালয়ৰ পৰা প্ৰায় ৩ কোটি টকা আঠুৱা যোগান ধৰাৰ নামত প্…
বিশ্বৰ ইতিহাসত এয়াই প্ৰথম! কোনো ৰেডিয়চন, কোনো কেমোথেৰাপি, কোনো অস্ত্ৰোপচাৰ নহয় - কেৱল ঔষধে কেন্সাৰ বা কৰ্কট (Cancer) ৰোগ নিৰাময় কৰিব পাৰে! শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে মলদ্বাৰৰ কৰ্কট ৰোগৰ চিকিৎসাত ডোষ্টাৰলিমব (dosterlimab) নামৰ এবিধ ঔষধে অভূতপূৰ্ব অৱদান আগবঢ়াইছে। চিকিৎসা বিজ্ঞানীসকলে কয় যে "ইতিহাসত প্ৰথমবাৰৰ বাবে" কেৱল ঔষধৰ দ্বাৰা কৰ্কট ৰোগ নিৰ্মূল কৰা হৈছে! পৰীক্ষামূলক চিকিৎসাৰ অংশ হিচাপে একেৰাহে ছমাহ ধৰি এই নিৰ্দিষ্ট ঔষধ সেৱন কৰাৰ পিছত সকলো ৰোগীৰে শৰীৰৰ পৰা টিউমাৰ নোহোৱা হৈ গৈছে। পৰীক্ষামূলক ব্যৱহাৰত কৰ্কট …
অখিল গগৈ আম আদমি পাৰ্টীত যোগদানৰ বিষয়টো ভিত্তিহীন। এইটো সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত। অখিল গগৈৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা নাই। ৰাজ্যিক পৰ্যায়টো হোৱা নাই ৰাষ্ট্ৰীয় পৰ্যায়টো হোৱা নাই। এই মন্তব্য কমল কুমাৰ মেধীৰ। মেধীয়ে কয়, এইটো পি পি ই কিটৰ ইচ্ছ্যু তল পেলাবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে কৰা হৈছে। বিষয়টোৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাবলৈ ভুল উৎসৰ পৰা খবৰটো বিয়পিছে। কোনো ধৰণৰ সম্ভাৱনাই নাই অখিল গগৈৰ যোগদানৰ। তেওঁক কোনেও আমন্ত্ৰণে কৰা নাই। ‘‘আম আদমি পাৰ্টীত যোগ দিবলৈ চাৰিটা C পাছ কৰিব লাগিব। Communal, Criminal আৰু Corrupted হ'ব নোৱাৰিব। Chara…
ই প্ৰথমবাৰ ভাৰতীয় পথত টেষ্টিং দেখা গৈছে। ইয়াৰ পূৰ্বে কিয়াই ইবি ৬ ইলেকট্ৰিক ক্ৰছ অভাৰ লঞ্চ কৰিছে। স্কোডাই দেশত নতুনকৈ এক ইলেকট্ৰিক বাহন লঞ্চ কৰিবলৈ ওলাইছে। এই গাড়ীখনৰ নাম Skoda Enyaq iV ইলেকট্ৰিক এছইউভি। এই প্ৰথমবাৰ ভাৰতীয় পথত টেষ্টিং দেখা গৈছে। ইয়াৰ পূৰ্বে কিয়াই ইবি ৬ ইলেকট্ৰিক ক্ৰছ অভাৰ লঞ্চ কৰিছে। টেষ্টিঙৰ সময়ত কোনো কভাৰ অবিহনে Enyaq iVৰ টপ ৮০x ইলেকট্ৰিক ভেৰিয়েণ্ট আছিল। টায়াৰ ভক্সৱাগনৰ এমইবি প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি। ইলেকট্ৰিক বাহনৰ বাবে বিশেষ ৰূপত ডিজাইন কৰা হৈছে। এই গাড়ীখনৰ দৈৰ্ঘ্য ৪,৬৪৮ মিঃমিঃ, প্ৰস্থ ১,৮৭৭ মিঃমিঃ, আৰু উচ্চতা…
এফালে, দেশৰ কিছুমান ৰাজ্যত নিৰন্তৰ বৰষুণ অব্যাহত আছে, আনহাতে কিছুমান ৰাজ্যত তাপমাত্ৰা বৃদ্ধি পাইছে। স্কাইমেট ৱেডাৰৰ এক প্ৰতিবেদন অনুসৰি, পৰৱৰ্তী ২৪ ঘণ্টাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, উপ-হিমালয় পশ্চিম বংগৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সৈতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ছিকিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু দক্ষিণ কৰ্ণাটকতো পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সৈতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূব ভাৰত, কেৰালা, লক্ষদ্বীপ, উত্তৰ-পূব বিহাৰ আৰু জম্মু-কাশ্মীৰৰ বাকী অংশত পা…
সুৰাপায়ীৰ বাবে দুঃখবৰ, অসমত বৃদ্ধি সুৰাৰ মূল্য। ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১২ দিন পাছৰ পৰা ১৫জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য। সুৰাৰা দাম ৬৫ শতাংশপৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্তকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পিছে কিয় বঢ়োৱা হৈছে সুৰাৰ দাম? পেট্ৰ’ল–ডিজেলৰ কৰ হ্ৰাসৰ ফলত ৰাজহৰ জোৰা মাৰিবলৈ এই বৃদ্ধি কৰা হৈছে। ২০০১ত অসম চৰকাৰে সুৰাৰ পৰা ৰাজহ পাইছিল ১৪৮ কোটি টকা। ২০২০–২১ত সুৰাৰ পৰা ৰাজহ সংগ্ৰহ ২০৩৩ কোটি টকা। আৰু ২০২২–২৩–ত সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ লক্ষ্য ২৫০০ কোটি টকা লোৱা হৈছে। তথ্য অনুসৰি অসমত প্ৰায় ১২৫০খন সুৰাৰ দ…
Social Plugin