এনেই ‘বলীউডৰ বাদশ্বাহ’ হোৱা নাই শ্বাহৰুখ খান, এই ৰেকৰ্ডবোৰেই তাৰ প্ৰমাণ

30 years of Shah Rukh Khan trends as fans shower immense love on actor, say  'keep ruling king Khan' | Trending News – India TV

শ্বাহৰুখ খানে (Shah Rukh Khan)বলীউডৰ ৩০ বছৰীয়া যাত্ৰাত তেওঁৰ তাৰকাময় অভিনয়েৰে দৰ্শকক আকৰ্ষণ কৰাৰ বাহিৰেও বহু বক্স অফিচ অভিলেখ ভংগ কৰিছিল, যাৰ বিষয়ে আমি আজি ক’ম।

শ্বাহৰুখ খান (Shah Rukh Khan), যাক ‘বলিউডৰ বাদশ্বাহ’ বুলি কোৱা হয়, আজি তেওঁ ভাৰতীয় চিনেমা আৰু মনোৰঞ্জন উদ্যোগত ৩০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৯২ চনৰ ২৫ জুনত শ্বাহৰুখ খানৰ প্ৰথমখন ছবি ‘দীৱানা’ মুক্তি লাভ কৰে। যদিও এই ছবিখনত ঋষি কাপুৰ মূল চৰিত্ৰত আছিল, কিন্তু আটাইতকৈ চৰ্চিত হৈছিল নতুনকৈ আত্মপ্ৰকাশ অভিনেতা শ্বাহৰুখ খান। প্ৰথমখন ছবিতেই তেওঁ দৰ্শকৰ হৃদয়ত প্ৰবেশ কৰিছিল একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল। টিভিৰ পৰা বলীউডলৈ যাত্ৰা কৰা শ্বাহৰুখ আজিৰ দিনত এই উদ্যোগৰ অন্যতম শীৰ্ষ অভিনেতা। ‘বাজিগৰ’, ‘ডৰ’ৰ দৰে ব্লকবাষ্টাৰ ছবিৰে তেওঁ নিজকে প্ৰমাণ কৰিলে আৰু তাৰ পিছত কোনো অভিনেতাই আৰু তেওঁক বাধা দিব নোৱাৰিলে।

Post a Comment

0 Comments