মাত্ৰ দুদিন পূৰ্বে নৈত পৰি নিখোজ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী, আজি ফলাফল লাভ কৰি কান্দি উঠিল অকলশৰীয়া মাতৃ

Bhubaneswar: 15-year-old student goes missing after falling into sewer উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যজুৰি পৰিলক্ষিত হোৱা আনন্দৰ মাজতে এটা পৰিয়ালত বৈছে দুখৰ বন্যা। কিয়নো ফলাফল ঘোষণাৰ দুদিন পূৰ্বে নিখোজ হৈছে তেওঁলোকৰ একমাত্ৰ সন্তান, যি আছিল এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী।

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীগৰাকীয়ে চাৰিজন সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ ধুবুৰীত (Dhubri) ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল। তেওঁ আছিল অভিজিৎ সূত্ৰধৰ। শনিবাৰে নিশা প্ৰায় আঠ বজাত ব্ৰহ্মপুত্ৰৰ ট্ৰেজাৰি ঘাটলৈ ফুৰিবলৈ যাওঁতে এখন ফেৰীত বহি কথা পাতি থাকোঁতে হঠাৎ পিছল খাই পানীত পৰি যায় অভিজিৎ (HS Student Missing)।

ঘটনাৰ পিছতে এছ ডি আৰ এফ আৰু বি এছ এফৰ উদ্ধাৰকাৰী দলে অভিজিতৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে যদিও আজিও উদ্ধাৰ হোৱা নাই অভিজিত। এই বেদনাগধুৰ ঘটনাৰ মাজতে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলো (HS Exam Result 2022) লাভ কৰে পৰিয়ালে। অভিজিৎ সূত্ৰধৰে পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। কিন্তু ফলাফল জানিবলৈ এতিয়াও সন্ধানহীন অভিজিৎ।

তিনি দিন ধৰি একমাত্ৰ পুত্ৰ সন্তান এনেদৰে নিখোজ হৈ পৰাৰ পিছত শোকত ভাগি পৰিছে অভিজিতৰ অকলশৰীয়া মাতৃ।

Post a Comment

0 Comments