আমেৰিকা যুক্তৰাষ্ট্ৰত এখন ট্ৰাকৰ ভিতৰত ওলাল ৪৬টা মৃতদেহ, দেশজুৰি চাঞ্চল্য

Texas: At least 46 migrants found dead inside tractor-trailer in San Antonio 

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ প্ৰদেশত এখন ট্ৰাকৰ ভিতৰত কমেও ৪৬গৰাকী প্ৰব্ৰজনকাৰীক মৃত অৱস্থাত পোৱা গৈছে।

এই লোকসকল মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সীমান্ত পাৰ হৈ আহিছিল বুলি জানিব পৰা গৈছে। টেক্সাছৰ সীমান্ত চহৰ ছান এণ্টনিঅ'ত মৃতদেহেৰে ভৰ্তি এখন ট্ৰেক্টৰ-ট্ৰেইলাৰ উদ্ধাৰ কৰাৰ পিছতে আমেৰিকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ছান এণ্টনিঅ'ৰ কেছাট টেলিভিছনৰ তথ্য অনুসৰি দক্ষিণ টেক্সাছত প্ৰব্ৰজনকাৰীসকলক সৰবৰাহৰ সময়ত এই লোকসকলৰ মৃত্যু হয় (Texas Migrant Deaths)।

আৰক্ষীয়ে এতিয়ালৈকে এই বিষয়ে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। সোমবাৰে নিশাৰ ঘটনাত ট্ৰাকৰ ভিতৰৰ পৰা আন ১৬ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰক্ষীয়ে তিনিজন লোককো গ্ৰেপ্তাৰ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত সোমবাৰৰ ঘটনাটো নতুন নহয়। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মেক্সিকোৰ পৰা আমেৰিকাত প্ৰৱেশ কৰিবলৈ যাওঁতে যোৱা কেইবছৰমানত বহুতো অনুপ্ৰৱেশকাৰীৰ মৃত্যু হৈছে। অৱশ্যে, মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত ছান এণ্টনিঅ'ৰ ঘটনাটো উদ্বেগজনক। স্থানীয় সংবাদ মাধ্যমৰ মতে, সীমা অতিক্ৰম কৰাৰ সময়ত আমেৰিকাত কেতিয়াও ইমানসংখ্যক লোকৰ একেলগে মৃত্যু হোৱা নাই।

Post a Comment

0 Comments