অসমতো ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কোভিড সংক্ৰমণৰ ঘটনা, সোমবাৰৰ দিনটোত কামৰূপ মেট্ৰ'ত ৪০গৰাকী সংক্ৰমিত

Similarities and differences – COVID-19 and influenza - PAHO/WHO | Pan  American Health Organization 

সোমবাৰে অসমত কোভিডত আক্ৰান্ত হয় ৬০জনকৈ লোক। বিগত কেইদিনৰ হিচাপত এয়া আছিল সৰ্বাধিক। আনহাতে কোভিড পজিটিভিটী হাৰ ৬.৭১ শতাংশলৈ বৃদ্ধি হয়। ইয়াৰে কামৰূপ মেট্ৰ'ত ৪০গৰাকী লোক কোভিডত আক্ৰান্ত হয় ২৭ জুনৰ দিনটোত।

উল্লেখ্য, ২৬ জুনত আক্ৰান্তৰ সংখ্যা আছিল ৩৬গৰাকী আৰু আটাইকেইগৰাকী কামৰূপ মেট্ৰ'ৰ আছিল। আনহাতে ২৫ জুনত আছিল ৪৩ গৰাকী, যাৰ ৩২ গৰাকী আছিল কামৰূপ মেট্ৰ'ৰ (Assam Covid Cases)।

জুনৰ প্ৰথম ভাগৰ পৰা ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে। যদিও ই আশংকাজনক ৰূপ লোৱা নাই তথাপি পজিটিভিটীৰ হাৰ বৃদ্ধি হৈ থকা বিষয়টো চিন্তনীয়।

Post a Comment

0 Comments