কৰ্কটত আক্ৰান্ত বিতোপনে GMCHৰ বিছনাৰ পৰাই ল'লে বিজ্ঞান শাখাত ৮৮.৮ শতাংশ নম্বৰ লাভৰ বাৰ্তা, আছে চিকিৎসক হোৱাৰ সপোন

Board Results 2022: Check Class 10th & 12th Board Results Links Here 

 মজ্জাত কৰ্কট ৰোগত আক্ৰান্ত হৈ GMCHৰ বিছনাত চিকিৎসাধীন হৈ থকা এই ছাত্ৰজন বৰপেটাৰ বিতোপন নাথ ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ছাত্ৰজনে প্ৰায় ৮৮.৯ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। ইংৰাজীত ৮৭, অসমীয়াত ৮৮, ৰসায়ন বিজ্ঞানত ৮৫, পদাৰ্থ বিজ্ঞানত ৯৪, জীৱ বিজ্ঞানত ৯১ নম্বৰ লাভ কৰি বৰপেটাৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা 'টপাৰ' হৈ পৰীক্ষাত উত্তীৰ্ণ হৈছে (Assam HS Results 2022) ৷

পিছে অতিকে দুখ আৰু বেদনাৰ কথা যে জীৱনৰ আনন্দপূৰ্ণ এই দিনটোত বিতোপন নাথ শুই আছে GMCHৰ বিছনাত ৷ চেন্নাইৰ পৰা অৰ্থৰ অভাৱত ঘূৰাই আনিব লগা হোৱা বিতোপনক এতিয়া GMCHতে কেম' প্ৰদান কৰি থকা হৈছে ৷

Post a Comment

0 Comments