হোটেল ৰেডিছন ব্লুত সিন্দে বাহিনীৰ বিদ্ৰোহৰ মাজতে বাৰ্থডে পাৰ্টী

Birthday celebration - Review of Radisson Blu Guwahati, Guwahati -  Tripadvisor 

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট (Maharashtra Political Crisis)ৰ ওপৰত এতিয়া সমগ্ৰ দেশবাসীৰেই নজৰ। একেদৰে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ কেন্দ্ৰবিন্দু হৈ পৰা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুৰ (Hotel Radisson Blu) ওপৰতো নিমগ্ন সকলোৰে দৃষ্টি। হোটেল ৰেডিছন ব্লুত এতিয়া পখীয়ে ডেউকা মেলিলেও যেন বাতৰি হৈ পৰে। আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনীয়ে ঘেৰি থকা আৰু দূৰ্গ সদৃশ হৈ পৰা ৰেডিছন ব্লুত এনে এক পৰিবেশৰ মাজতে পুৰাদমে চলিছে এখন বাৰ্থডে পাৰ্টী। যি বাৰ্থদে পাৰ্টী (Birthday Party) এতিয়া বাতৰিৰ শিৰোনাম হৈ পৰিছে।

প্ৰায় এসপ্তাহ ধৰি হোটেল ৰেডিছন ব্লুত আবদ্ধ হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দল শিৱ সেনা (Shiv Sena)ৰ বিসম্বাদী বিধায়কসকল। তাৰ মাজৰেই এজন বিধায়ক নৰেন্দ্ৰ ভণ্ডেকাৰৰ আজি আছিল জন্ম দিন। চাওক ভিডিঅ'

Post a Comment

0 Comments